ছিগমুণ্ড ফ্ৰয়েড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
৫ নং শাৰী:
#মৃত্যুৰ পিছত আত্মাৰ অস্তিত্ব থাকে নে নাথাকে, সেই বিষয়ে ম‍ই কোনো চিন্তা কৰিব নোখোজোঁ। সকলো প্ৰাণীৰে এদিন নহয় এদিন বিনাশ হ’বই। তেনেস্থলত মৃত্যুৰ পিছত মই কিয় জীয়াই থাকিব লাগে? অমৰত্বৰ প্ৰতি মোৰ কোনো বাসনা নাই।<ref name=জীৱন>{{Cite book | title=জীৱন-জিজ্ঞাসা | author=হোমেন বৰগোহাঞি, গীতিমালিকা নেওগ| year=২০০৩ | pages=৫২-৫৩ }}</ref>
#মানুহৰ জীৱনটো হ'ল ইটোৰ পিছত সিটোকৈ আপোচৰ সমষ্টি মাত্ৰ। মানুহৰ জীৱনটো হ'ল অহং আৰু পৰিবেশৰ মাজত অবিৰামভাৱে চলি থকা এক সংঘর্ষ মাত্ৰ। এনেস্থলত জীৱনটো অনর্থকভাৱে দীঘলীয়া কৰাৰ মাজত ম‍ই একো অৰ্থ বিচাৰি নাপাওঁ। বৰং এনে এটা ইচ্ছাক মই অতি অদ্ভুত আৰু অযুক্তিকৰ বুলিহে ভাবোঁ।<ref name=জীৱন/>
#যেনেকৈ একোজন মানুহৰ মনতে একে সময়তে প্রেম আৰু ঘৃণা দুয়োটাই থকা সম্ভৱ, ঠিক তেনেকৈ মানুহৰ মনতো একে সময়তে অমৰত্বৰ বাসনা আৰু চিৰ-বিলুপ্তিৰ কামনা থকাটোও সম্ভৱ। মৃত্যুৰ ইচ্ছা আৰু জীৱনৰ ইচ্ছা প্রত্যেক মানুহৰ অন্তৰত লগালগিকৈ থাকে। মৃত্যু হ'ল প্ৰেমৰ সংগী। দুয়োটাই লগ লাগি পৃথিৱীখন শাসন কৰে।<ref name=জীৱন/>
 
==উৎস==