লক্ষ্মীনাথ বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ bot: Removing interwiki template; the page is now connected to d:Q5756306 |
|||
১৬ নং শাৰী:
# কোনো এটা জাতিক ডাঙৰ কৰিব লাগিলে কিছুমান সজুলিৰ আৱশ্যক৷ জাতীয় ”ডাঙৰতালৈ” সেই সজুলিবিলাক নহলে নহয়৷ কোনো বাঢ়ৈয়ে চাছ, হাতুৰি, ৰেন্দা, বটালি প্ৰভৃতি নহলে কোনো বৰপেৰা সাজিব নোৱাৰে৷ জাতীয় বৰপেৰা সাজিবলৈকো তেজৰ চাছ, বলৰ বটালি, সহিষ্ণুতাৰ ৰেন্দা, একতাৰ গজাল, স্থিৰতাৰ কৰত, গাম্ভীৰ্য্যৰ হাতুৰি, বাহ্যাড়ম্বৰৰ পাক-ভোঁহৰ, ধৰ্মনিষ্ঠাৰ খিলি, সদাচাৰৰ গৰ্ভ-গজাল লাগে৷ অসমীয়াৰ জাতীয় বৰপেৰা সাজিবলৈ এইবিলাক পূৰাপূৰ আছে৷ তেন্তে নো অসমীয়া জাতি ডাঙৰ জাতি নহব কিয় হেঁ ককাই কোৱাঁ? অসমীয়া জাতি ডাঙৰীয়া-জাতি!<ref name="অসমীয়া জাতি ডাঙৰ জাতি">{{Cite web | url=https://as.wikisource.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF_%E0%A6%A1%E0%A6%BE%E0%A6%99%E0%A7%B0_%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF | title=অসমীয়া জাতি ডাঙৰ জাতি | accessdate=13 জুলাই 2022 | author=লক্ষ্মীনাথ বেজবৰুৱা}}</ref>
# চৰিত্র মন্দিৰৰ ভিতৰত উজ্জ্বল অথচ মিঠা বন্তি হৈছে আনন্দ৷ আনন্দই শৰীৰ মন আনন্দিত কৰি সুমধুৰ কৰি ৰাখে। মনত বেজাৰ লাগিলেও মুখেৰে আনন্দ কৰিবা। তেনেকৈ আনন্দৰ কথা কৈ থাকোঁতে আৰু লোকে কোৱা আনন্দৰ কথা শুনি থাকোঁতে তোমাৰ নিৰানন্দক আনন্দই লাহে লাহে জয় কৰি ভিতৰৰ পৰা উলিয়াই খেদি দিব।<ref name="uddhriti">{{Cite book|title=উদ্ধৃতি |author=শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা |year=১৯৮৮ |publisher=ওৰিয়েণ্টেল বুক কোম্পানী }}</ref>
# নিভাঁজ অসমীয়া ভাষাৰে কথা লিখিবা, নিভাঁজ অসমীয়া সাজ-পাৰ পিন্ধিবা, অনাহকত বিদেশীক অনুকৰণ নকৰিবা৷<ref name="মহৎ">{{Cite book|title=জ্ঞানজ্যোতি |author=(সম্পা)দ্বিজেন সিং |year=২০১৬ |publisher=জ্ঞানজ্যোতি ২০১৬ সম্পাদনা সমিতি }}</ref>
==তত্ত্ব কথা==
*বহুতে কয় যে ঈশ্বৰৰ বিষয়ে আমি ভাবিচিন্তি একো ঠিক কৰিব নোৱাৰোঁ, সেইদেখি সেই বিষয়ে মূৰ ঘমোৱাটো বৃথা। গ্ৰীচৰ চক্ৰেটিচেও ইযাকে কৈছিল। কিন্তু মূৰ নঘমাও বুলি থাকোঁ কেনেকৈ? কোনোবাই পাৰে নে থাকিব? কোনেও নোৱাৰে। এদিন নহয় এদিন, আজি নহয় কাইলৈ,ইশ্বৰ-চিন্তাত আমি মূৰ ঘমাবই লাগিব। তুমি ঈশ্বৰৰ অংশ জ্ঞানময় জীৱ। অজ্ঞানৰ ঢাকোনে তোমাক ঢাকি ৰাখিবলৈ যিমানকে চেষ্টা কৰক, তুমি সেই অন্ধকাৰ আবৰণ ভেদ কৰি উঠিবলৈ প্ৰাণপণে যত্ন কৰিবাই কৰিবা। কাৰণ তোমাত পৰমাত্মাৰ অংশ আছে। পাৰ্থিৱ বস্তুৰ আৱৰণ ঠেলি সহধৰ্ম্মী অংশই পূৰ্ণ পৰমাত্মাৰে মিলিবলৈ, ইশ্বৰৰ অভিমুখী হৈ চলিবলৈ সংগ্ৰাম কৰি থাকিবই ̶ যেতিয়ালৈকে সি নিৰ্দ্দিষ্ট স্থান নাপায়গৈ।
|