লক্ষ্মীনাথ বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Babulbaishya (আলোচনা | বৰঙণি) No edit summary |
Babulbaishya (আলোচনা | বৰঙণি) |
||
১৫ নং শাৰী:
# কোনো এটা জাতিক ডাঙৰ কৰিব লাগিলে কিছুমান সজুলিৰ আৱশ্যক৷ জাতীয় ”ডাঙৰতালৈ” সেই সজুলিবিলাক নহলে নহয়৷ কোনো বাঢ়ৈয়ে চাছ, হাতুৰি, ৰেন্দা, বটালি প্ৰভৃতি নহলে কোনো বৰপেৰা সাজিব নোৱাৰে৷ জাতীয় বৰপেৰা সাজিবলৈকো তেজৰ চাছ, বলৰ বটালি, সহিষ্ণুতাৰ ৰেন্দা, একতাৰ গজাল, স্থিৰতাৰ কৰত, গাম্ভীৰ্য্যৰ হাতুৰি, বাহ্যাড়ম্বৰৰ পাক-ভোঁহৰ, ধৰ্মনিষ্ঠাৰ খিলি, সদাচাৰৰ গৰ্ভ-গজাল লাগে৷ অসমীয়াৰ জাতীয় বৰপেৰা সাজিবলৈ এইবিলাক পূৰাপূৰ আছে৷ তেন্তে নো অসমীয়া জাতি ডাঙৰ জাতি নহব কিয় হেঁ ককাই কোৱাঁ? অসমীয়া জাতি ডাঙৰীয়া-জাতি!<ref name="অসমীয়া জাতি ডাঙৰ জাতি">{{Cite web | url=https://as.wikisource.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF_%E0%A6%A1%E0%A6%BE%E0%A6%99%E0%A7%B0_%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF | title=অসমীয়া জাতি ডাঙৰ জাতি | accessdate=13 জুলাই 2022 | author=লক্ষ্মীনাথ বেজবৰুৱা}}</ref>
==বেজবৰুৱাৰ মৃত্যুত বিভিন্নজনৰ মন্তব্য==
#ভাৰতবৰ্ষৰ প্ৰত্যেক প্ৰদেশত তেওঁলোকৰ নিজৰ ভাষাৰ পূৰ্ণ ঐশ্বৰ্য্য উদ্ভাৱিত হ’লে তেতিয়াহে পৰস্পৰৰ মাজত নিজৰ শ্ৰেষ্ঠ অৰ্ঘৰ দান-প্ৰতিদান সাৰ্থক হ’ব পাৰিব আৰু সেই উপলক্ষেই শ্ৰদ্ধা সমন্বিত ঐক্যৰ সেতু প্ৰতিষ্ঠিত হ’ব। জীৱনত লক্ষ্মীনাথ বেজবৰুৱাৰ এই সাধনা অতন্দ্ৰিয় আছিল।<ref name="jatindra">সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰ নাথ গোস্বামী, জ্যোতি প্ৰকাশন, পানবজাৰ, গুৱাহাটী, ১৯৯২ চন </ref> -[[ৰবীন্দ্ৰনাথ ঠাকুৰ|ৰবীন্দ্ৰনাথ ঠাকুৰ]]।
#...বস্তুতঃ পক্ষে তেওঁৰ ৰচনাত বঙ্গ, উৰিষ্যা আৰু অসমৰ শ্ৰেষ্ঠ সাংস্কৃতিক পৰিচয় পোৱা যায়। তেওঁৰ মৃত্যুত অসমীয়া সাহিত্যৰ যি ক্ষতি হ’ল তাক পূৰণ কৰিব নোৱাৰি। আমি তেওঁৰ পৰিজনবৰ্গৰ শোকত সমবেদনা জনাইছোঁ।<ref name="jatindra"/> -আনন্দবাজাৰ পত্ৰিকা।
#অসমীয়া সাহিত্যৰ ভাণ্ডাৰত বেজবৰুৱা মহাশয়ৰ দান অতুলনীয়। তেওঁৰ লেখা গল্প, উপন্যাস, নাটক, আৰু জীৱন চৰিতে অসমীয়া সাহিত্যক সমৃদ্ধি দান কৰি বিদেশত তেওঁৰ যশ প্ৰভাৱ বিকীৰ্ণ কৰিছিল। এই সূত্ৰে বাংলাৰ সৈতেও তেওঁৰ অন্তৰৰ সম্পৰ্ক আছিল। তেওঁ ব্যৱসায় সূত্ৰে সম্বলপুৰত স্থায়ীভাবে বাস কৰিছিল। সেই সূত্ৰে উৰিষ্যাৰ সৈতেও তেওঁৰ সম্পৰ্ক আছিল।<ref name="jatindra"/> -দেশ পত্ৰিকা, ৫ম বছৰ, ২০তম সংখ্যা।
#এজন প্ৰকৃত বন্ধু এজন মহান আত্মা বেজবৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো।<ref name="jatindra"/> -এসময়ৰ সম্বলপুৰৰ ডেপুটী কমিচনাৰ মিঃ সেনাপতিৰ পুৰুলিয়াৰ পৰা তাঁৰবাৰ্তা।<br/><small>(Deeply mourn death of Bezbaroah a true friend a great soul.) </small>
==উত্স==
|