লক্ষ্মীনাথ বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
১ নং শাৰী:
[[File:Laksminath Bezbaruah.jpg|thumb|লক্ষ্মীনাথ বেজবৰুৱাৰ আলোকচিত্ৰ]]
'''[[:as:লক্ষ্মীনাথ বেজবৰুৱা|লক্ষ্মীনাথ বেজবৰুৱা]]''' ({{langLang-en|Lakshminath Bezbaroa}} (১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে। ১৯০৯ চনত তেওঁ 'বাঁহী' আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল৷ অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' লক্ষ্মীনাথ বেজবৰুৱাৰদ্বাৰাই ৰচিত৷ অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতত 'ৰসৰাজ' আৰু 'সাহিত্যৰথী' হিচাপে খ্যাত বেজবৰুৱাই ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল৷ প্ৰথমটো অসমীয়া চুটি গল্প লিখা সাহিত্যিক হিচাপেও লক্ষ্মীনাথ বেজবৰুৱা জনাজাত৷
 
==উদ্ধৃতিসমূহ==
১৩ নং শাৰী:
# অসমৰ পৰা আমি সৰি নপৰিলে বা অসম আমাৰ পৰা সৰি নপৰিলে অৰ্থাৎ অসমৰ পৰা আমি বিদেশলৈ ওলাই নাহিলে, অসম, অসমীয়া আৰু অসমীয়া ভাষাৰ আমি ভালকৈ মোল বুজিব নোৱাৰোঁ। প্ৰণয়ৰ সোৱাদ বুজিবলৈ যেনেকৈ বিচ্ছেদ লাগে – অসম, অসমীয়া আৰু অসমীয়া ভাষাৰ সোৱাদ বুজিবলৈ তেনেকৈ আমাৰ সেইবিলাকৰ পৰা কিছুকাল স্থায়ী বিচ্ছেদৰ আৱশ্যক।
# ছাতৰসকলৰ সভাত এটি কমবয়সীয়া ল’ৰাই (শিশু বুলিলেই হয়) হাৰ্মনিয়ামৰ সহায়ত সুন্দৰকৈ এটি গান গাইছিল৷ মই মুগ্ধ হৈ আসনৰ পৰা উঠি সভাতে ল’ৰাটিৰ গালত এটি চুমা খালোঁগৈ৷ তাহানি কলিকতাত “মাষ্টাৰ মদন’’ বোলা তেনেকুৱা গান গোৱা ল’ৰা এটিৰ গান শুনিছিলোঁ৷ আজি অসমীয়া “মাষ্টাৰ মদন’’ক দেখি বৰ সন্তোষ পালোঁ৷ (ভূপেন হাজৰিকা সম্পৰ্কে কোৱা কথা)৷<ref>ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ, নং, ২৩</ref>
# কোনো এটা জাতিক ডাঙৰ কৰিব লাগিলে কিছুমান সজুলিৰ আৱশ্যক৷ জাতীয় ”ডাঙৰতালৈ” সেই সজুলিবিলাক নহলে নহয়৷ কোনো বাঢ়ৈয়ে চাছ, হাতুৰি, ৰেন্দা, বটালি প্ৰভৃতি নহলে কোনো বৰপেৰা সাজিব নোৱাৰে৷ জাতীয় বৰপেৰা সাজিবলৈকো তেজৰ চাছ, বলৰ বটালি, সহিষ্ণুতাৰ ৰেন্দা, একতাৰ গজাল, স্থিৰতাৰ কৰত, গাম্ভীৰ্য্যৰ হাতুৰি, বাহ্যাড়ম্বৰৰ পাক-ভোঁহৰ, ধৰ্মনিষ্ঠাৰ খিলি, সদাচাৰৰ গৰ্ভ-গজাল লাগে৷ অসমীয়াৰ জাতীয় বৰপেৰা সাজিবলৈ এইবিলাক পূৰাপূৰ আছে৷ তেন্তে নো অসমীয়া জাতি ডাঙৰ জাতি নহব কিয় হেঁ ককাই কোৱাঁ? অসমীয়া জাতি ডাঙৰীয়া-জাতি!<ref name="অসমীয়া জাতি ডাঙৰ জাতি">{{citeCite web | url=https://as.wikisource.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF_%E0%A6%A1%E0%A6%BE%E0%A6%99%E0%A7%B0_%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF | title=অসমীয়া জাতি ডাঙৰ জাতি | accessdate=13 জুলাই 2022 | author=লক্ষ্মীনাথ বেজবৰুৱা}}</ref>
==বেজবৰুৱাৰ মৃত্যুত বিভিন্নজনৰ মন্তব্য==
#ভাৰতবৰ্ষৰ প্ৰত্যেক প্ৰদেশত তেওঁলোকৰ নিজৰ ভাষাৰ পূৰ্ণ ঐশ্বৰ্য্য উদ্ভাৱিত হ’লে তেতিয়াহে পৰস্পৰৰ মাজত নিজৰ শ্ৰেষ্ঠ অৰ্ঘৰ দান-প্ৰতিদান সাৰ্থক হ’ব পাৰিব আৰু সেই উপলক্ষেই শ্ৰদ্ধা সমন্বিত ঐক্যৰ সেতু প্ৰতিষ্ঠিত হ’ব। জীৱনত লক্ষ্মীনাথ বেজবৰুৱাৰ এই সাধনা অতন্দ্ৰিয় আছিল। -[[ৰবীন্দ্ৰনাথ ঠাকুৰ|ৰবীন্দ্ৰনাথ ঠাকুৰ]]।
#...বস্তুতঃ পক্ষে তেওঁৰ ৰচনাত বঙ্গ, উৰিষ্যা আৰু অসমৰ শ্ৰেষ্ঠ সাংস্কৃতিক পৰিচয় পোৱা যায়। তেওঁৰ মৃত্যুত অসমীয়া সাহিত্যৰ যি ক্ষতি হ’ল তাক পূৰণ কৰিব নোৱাৰি। আমি তেওঁৰ পৰিজনবৰ্গৰ শোকত সমবেদনা জনাইছোঁ। -আনন্দবাজাৰ পত্ৰিকা।
#অসমীয়া সাহিত্যৰ ভাণ্ডাৰত বেজবৰুৱা মহাশয়ৰ দান অতুলনীয়। তেওঁৰ লেখা গল্প, উপন্যাস, নাটক, আৰু জীৱন চৰিতে অসমীয়া সাহিত্যক সমৃদ্ধি দান কৰি বিদেশত তেওঁৰ যশ প্ৰভাৱ বিকীৰ্ণ কৰিছিল। এই সূত্ৰে বাংলাৰ সৈতেও তেওঁৰ অন্তৰৰ সম্পৰ্ক আছিল। তেওঁ ব্যৱসায় সূত্ৰে সম্বলপুৰত স্থায়ীভাবে বাস কৰিছিল। সেই সূত্ৰে উৰিষ্যাৰ সৈতেও তেওঁৰ সম্পৰ্ক আছিল। -দেশ পত্ৰিকা, ৫ম বছৰ, ২০তম সংখ্যা।
#এজন প্ৰকৃত বন্ধু এজন মহান আত্মা বেজবৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। -এসময়ৰ সম্বলপুৰৰ ডেপুটী কমিচনাৰ মিঃ সেনাপতিৰ পুৰুলিয়াৰ পৰা তাঁৰবাৰ্তা।<br/><small>(Deeply mourn death of Bezbaroah a true friend a great soul.) </small>
 
==উত্‍স==