লক্ষ্মীনাথ বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১৩ নং শাৰী:
# অসমৰ পৰা আমি সৰি নপৰিলে বা অসম আমাৰ পৰা সৰি নপৰিলে অৰ্থাৎ অসমৰ পৰা আমি বিদেশলৈ ওলাই নাহিলে, অসম, অসমীয়া আৰু অসমীয়া ভাষাৰ আমি ভালকৈ মোল বুজিব নোৱাৰোঁ। প্ৰণয়ৰ সোৱাদ বুজিবলৈ যেনেকৈ বিচ্ছেদ লাগে – অসম, অসমীয়া আৰু অসমীয়া ভাষাৰ সোৱাদ বুজিবলৈ তেনেকৈ আমাৰ সেইবিলাকৰ পৰা কিছুকাল স্থায়ী বিচ্ছেদৰ আৱশ্যক।
# ছাতৰসকলৰ সভাত এটি কমবয়সীয়া ল’ৰাই (শিশু বুলিলেই হয়) হাৰ্মনিয়ামৰ সহায়ত সুন্দৰকৈ এটি গান গাইছিল৷ মই মুগ্ধ হৈ আসনৰ পৰা উঠি সভাতে ল’ৰাটিৰ গালত এটি চুমা খালোঁগৈ৷ তাহানি কলিকতাত “মাষ্টাৰ মদন’’ বোলা তেনেকুৱা গান গোৱা ল’ৰা এটিৰ গান শুনিছিলোঁ৷ আজি অসমীয়া “মাষ্টাৰ মদন’’ক দেখি বৰ সন্তোষ পালোঁ৷ (ভূপেন হাজৰিকা সম্পৰ্কে কোৱা কথা)৷<ref>ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ, নং, ২৩</ref>
# কোনো এটা জাতিক ডাঙৰ কৰিব লাগিলে কিছুমান সজুলিৰ আৱশ্যক৷ জাতীয় ”ডাঙৰতালৈ” সেই সজুলিবিলাক নহলে নহয়৷ কোনো বাঢ়ৈয়ে চাছ, হাতুৰি, ৰেন্দা, বটালি প্ৰভৃতি নহলে কোনো বৰপেৰা সাজিব নোৱাৰে৷ জাতীয় বৰপেৰা সাজিবলৈকো তেজৰ চাছ, বলৰ বটালি, সহিষ্ণুতাৰ ৰেন্দা, একতাৰ গজাল, স্থিৰতাৰ কৰত, গাম্ভীৰ্য্যৰ হাতুৰি, বাহ্যাড়ম্বৰৰ পাক-ভোঁহৰ, ধৰ্মনিষ্ঠাৰ খিলি, সদাচাৰৰ গৰ্ভ-গজাল লাগে৷ অসমীয়াৰ জাতীয় বৰপেৰা সাজিবলৈ এইবিলাক পূৰাপূৰ আছে৷ তেন্তে নো অসমীয়া জাতি ডাঙৰ জাতি নহব কিয় হেঁ ককাই কোৱাঁ? অসমীয়া জাতি ডাঙৰীয়া-জাতি!<ref name="অসমীয়া জাতি ডাঙৰ জাতি">{{cite web | url=https://as.wikisource.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF_%E0%A6%A1%E0%A6%BE%E0%A6%99%E0%A7%B0_%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF | title=অসমীয়া জাতি ডাঙৰ জাতি | accessdate=13 জুলাই 2022 | author=লক্ষ্মীনাথ বেজবৰুৱা}}</ref>
 
==উত্‍স==