লক্ষ্মীনাথ বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
২ নং শাৰী:
'''[[:as:লক্ষ্মীনাথ বেজবৰুৱা|লক্ষ্মীনাথ বেজবৰুৱা]]''' (১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে।
 
== উদ্ধৃতিসমূহ ==
# ঢেঁকীটোৰ এমূৰে তুমি উঠি আছা, সিমূৰে তোমাৰ মাতৃভূমি। তুমি ওপৰলৈ উঠিলে মাতৃভূমি তললৈ যাব। মাতৃভূমিক ওপৰলৈ তুলিব খুজিছা যদি তুমি তোমাক সৰুটি কৰি তললৈ নিয়া।<ref name="enajori">[https://web.archive.org/web/20220121100857/https://enajori.com/ এনাজৰী ডট কম]</ref>
# লোকৰ কথা মন দি শুনিবা, ভাল কিতাপখন মন দি পঢ়িবা আৰু তাৰ অসাৰুৱা ভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই থ’বা৷
# চৰিত্ৰ মানুহৰ জীৱনৰ ভেটি। এই ভেটিটো দৃঢ় হ'ব লাগে, নতুবা জীৱনৰ বৃহৎ অট্টালিকাটো সংসাৰৰ হেঁচাত পৰি চূৰ-মাৰ হৈ যাব।<ref>[[:wikisource:as:বাখৰ|বাখৰ, পৃষ্ঠা ৭]]</ref>
# পাচি সজা, কামী চাঁছা সন্মানৰ কাম, নীচ মাথোঁ এলেহুৱা।<ref>[https://web.archive.org/web/20211002032736/https://niyomiyabarta.com/epaper/01102021/page6.php নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ, ২০২১]</ref>
# স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা৷<ref name="exo ekuri">এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া</ref><ref>{{Cite newsweb | url=https://www.asomiyapratidin.in/editorial-asomiya-pratidin-21th-feb/ | title=আইৰ মুখৰ ভাষা | date=২১ ফেব্ৰুৱাৰী ২০১৯ | agency=অসমীয়া প্ৰতিদিন | accessdate=২০ ফেব্ৰুৱাৰী ২০২২}}</ref>
# অসমীয়া ভাষাৰ উন্নতি, অসমৰ উন্নতিৰ প্ৰথম ঢাপ৷<ref name="exo ekuri"/>
# আমাৰতো দৃঢ় বিশ্বাস যে আসামত অসমীয়া আৰু বঙ্গালীৰ ভিতৰত প্ৰচলিত অসদ্ভাৱৰ এটা প্ৰধান কাৰণ বঙ্গালীসকলৰ অসমীয়া ভাষাৰ প্ৰতি চিৰপোষিত বিদ্বেষ ভাব৷<ref>বাঁহী, প্ৰথম বছৰ, ১০ম সংখ্যা</ref>
# অসমীয়া ভাষা পুৰণি ভাষা৷ ই প্ৰাচীন কালতো আছিল, সেই কালৰে পৰা আজিলৈকে উন্নতি অৱনতিৰ চাকনৈয়াত ঘূৰি ঘূৰি ই চলি আহিব লাগিছে; আৰু চলি থাকিব৷<ref>অসমীয়া ভাষা, জোনাকী, পঞ্চম ভাগ</ref>
# ছাতৰসকলৰ সভাত এটি কমবয়সীয়া ল’ৰাই ( শিশু বুলিলেই হয়) হাৰ্মনিয়ামৰ সহায়ত সুন্দৰকৈ এটি গান গাইছিল৷ মই মুগ্ধ হৈ আসনৰ পৰা উঠি সভাতে ল’ৰাটিৰ গালত এটি চুমা খালোঁগৈ৷ তাহানি কলিকতাত “মাষ্টাৰ মদন’’ বোলা তেনেকুৱা গান গোৱা ল’ৰা এটিৰ গান শুনিছিলোঁ৷ আজি অসমীয়া “মাষ্টাৰ মদন’’ক দেখি বৰ সন্তোষ পালোঁ৷ (ভূপেন হাজৰিকা সম্পৰ্কে কোৱা কথা)৷<ref>ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ, নং, ২৩</ref>
 
==ভূপেন হাজৰিকা সম্পৰ্কে==
== উত্‍স ==
# ছাতৰসকলৰ সভাত এটি কমবয়সীয়া ল’ৰাই ( শিশু বুলিলেই হয়) হাৰ্মনিয়ামৰ সহায়ত সুন্দৰকৈ এটি গান গাইছিল৷ মই মুগ্ধ হৈ আসনৰ পৰা উঠি সভাতে ল’ৰাটিৰ গালত এটি চুমা খালোঁগৈ৷ তাহানি কলিকতাত “মাষ্টাৰ মদন’’ বোলা তেনেকুৱা গান গোৱা ল’ৰা এটিৰ গান শুনিছিলোঁ৷ আজি অসমীয়া “মাষ্টাৰ মদন’’ক দেখি বৰ সন্তোষ পালোঁ৷ (ভূপেন হাজৰিকা সম্পৰ্কে কোৱা কথা)৷<ref>ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ, নং, ২৩</ref>
 
== উত্‍স ==
{{Reflist}}