লক্ষ্মীনাথ বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

৫ নং শাৰী:
# ঢেঁকীটোৰ এমূৰে তুমি উঠি আছা, সিমূৰে তোমাৰ মাতৃভূমি। তুমি ওপৰলৈ উঠিলে মাতৃভূমি তললৈ যাব। মাতৃভূমিক ওপৰলৈ তুলিব খুজিছা যদি তুমি তোমাক সৰুটি কৰি তললৈ নিয়া।<ref name="enajori">[https://web.archive.org/web/20220121100857/https://enajori.com/ এনাজৰী ডট কম]</ref>
# লোকৰ কথা মন দি শুনিবা, ভাল কিতাপখন মন দি পঢ়িবা আৰু তাৰ অসাৰুৱা ভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই থ’বা৷
# চৰিত্ৰ মানুহৰ জীৱনৰ ভেটি। এই ভেটিটো দৃঢ় হ'ব লাগে, নতুবা জীৱনৰ বৃহৎ অট্টালিকাটো সংসাৰৰ হেঁচাত পৰি চূৰ-মাৰ হৈ যাব। জীৱন মানে মানুহৰ পূৰ্ণ মনুষ্যত্ব বিকশিত হোৱা জীৱন; মাথোন খোৱা, শোৱা আৰু ধন-ঘটি ইন্দ্ৰিয়ৰ বৃত্তি চৰিতাৰ্থ কৰা জীৱন নহয়,—কাৰণ এনে জীৱন পশুৰ জীৱনতকৈ এখাপৰহে ওপৰৰ। চৰিত্ৰ-মন্দিৰত ঈশ্বৰৰ সন্তান মনুষ্যৰ ঐশ্বৰিক গুণবোৰৰ মূৰ্ত্তি প্ৰতিষ্ঠিত থাকে, এতেকে সেই মন্দিৰ টান, শকত, নফটা, নভগা আৰু নুৰুখা হব লাগে। বাহিৰৰ শত্ৰুৰ আক্ৰমণ ব্যৰ্থ কৰি চিৰকাল আত্মৰক্ষা কৰি, মূৰৰ ওপৰৰ সোণৰ কলচীটি জগত-কৰ্ত্তাৰ ফালে পোন কৰি থৈ আত্মপ্ৰসাদ লাভ কৰিব পৰা হব লাগে এই চৰিত্ৰ-মন্দিৰটি।<ref>[[:wikisource:as:বাখৰ|বাখৰ]], পৃষ্ঠা ৭]]</ref>
# পাচি সজা, কামী চাঁছা সন্মানৰ কাম, নীচ মাথোঁ এলেহুৱা।<ref>[https://web.archive.org/web/20211002032736/https://niyomiyabarta.com/epaper/01102021/page6.php নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ, ২০২১]</ref>
# স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা৷<ref name="exo ekuri">এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া</ref>