লক্ষ্মীনাথ বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: মেনুৱেল ৰিভাৰ্ট ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
২৩ নং শাৰী:
 
==তত্ত্ব কথা==
[[File:Rabindranath Tagore in 1909.jpg|thumb|150px|'''"ভাৰতবৰ্ষৰ প্ৰত্যেক প্ৰদেশত তেওঁলোকৰ নিজৰ ভাষাৰ পূৰ্ণ ঐশ্বৰ্য্য উদ্ভাৱিত হ’লে তেতিয়াহে পৰস্পৰৰ মাজত নিজৰ শ্ৰেষ্ঠ অৰ্ঘৰ দান-প্ৰতিদান সাৰ্থক হ’ব পাৰিব আৰু সেই উপলক্ষেই শ্ৰদ্ধা সমন্বিত ঐক্যৰ সেতু প্ৰতিষ্ঠিত হ’ব। জীৱনত লক্ষ্মীনাথ বেজবৰুৱাৰ এই সাধনা অতন্দ্ৰিয় আছিল।"'''-[[ৰবীন্দ্ৰনাথ ঠাকুৰ]]]]
*বহুতে কয় যে ঈশ্বৰৰ বিষয়ে আমি ভাবিচিন্তি একো ঠিক কৰিব নোৱাৰোঁ, সেইদেখি সেই বিষয়ে মূৰ ঘমোৱাটো বৃথা। গ্ৰীচৰ চক্ৰেটিচেও ইযাকে কৈছিল। কিন্তু মূৰ নঘমাও বুলি থাকোঁ কেনেকৈ? কোনোবাই পাৰে নে থাকিব? কোনেও নোৱাৰে। এদিন নহয় এদিন, আজি নহয় কাইলৈ,ইশ্বৰ-চিন্তাত আমি মূৰ ঘমাবই লাগিব। তুমি ঈশ্বৰৰ অংশ জ্ঞানময় জীৱ। অজ্ঞানৰ ঢাকোনে তোমাক ঢাকি ৰাখিবলৈ যিমানকে চেষ্টা কৰক, তুমি সেই অন্ধকাৰ আবৰণ ভেদ কৰি উঠিবলৈ প্ৰাণপণে যত্ন কৰিবাই কৰিবা। কাৰণ তোমাত পৰমাত্মাৰ অংশ আছে। পাৰ্থিৱ বস্তুৰ আৱৰণ ঠেলি সহধৰ্ম্মী অংশই পূৰ্ণ পৰমাত্মাৰে মিলিবলৈ, ইশ্বৰৰ অভিমুখী হৈ চলিবলৈ সংগ্ৰাম কৰি থাকিবই ̶ যেতিয়ালৈকে সি নিৰ্দ্দিষ্ট স্থান নাপায়গৈ।
**[[:s:তত্ত্ব-কথা|তত্ত্ব-কথা]], পৃষ্ঠা ২
 
==ভাষণ==
*কাম কৰি যোৱা ফললৈ নাচাবা। আইহঁত৷ ভাইহঁত। কাম কৰি যোৱা; আনে কি কয় তালৈ মন নকৰিবা। মাত্ৰ ঈশ্বৰত মতি ৰাখি, সকলো কামৰ ফলাফল তেওঁৰ হাতত দি কাম কৰি যোৱা। নিভাঁজ অসমীয়া ভাষা কবা, লিখিবা। নিভাঁজ অসমীয়া সাজ-পাৰ পিন্ধিবা। অনাহকতে বিদেশীৰ অনুকৰণ নকৰিবা। বিদেশীৰ ঠাট্টা-বিদ্রূপলৈও মন-কাণ বৰকৈ কৰিবৰ একো প্ৰয়োজন নাই। মাথোঁ নিষ্কামভাৱে কৰ্ত্তব্য কৰি যোৱা।