বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি হৈছে হিৰণ্ময়ী দেৱীয়ে অসমীয়া ভাষাত ৰচনা কৰা এখন জীৱনী গ্ৰন্থ। গ্ৰন্থখনত তেওঁ ইন্দিৰা মিৰিৰ জীৱন সম্পৰ্কে তথ্যভিত্তিক বৰ্ণনা আগবঢ়াইছে। গ্ৰন্থখনত ইন্দিৰা মিৰিৰ কিছু প্ৰত্যক্ষ বক্তব্যও সন্নিৱিষ্ট হৈ আছে। []

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. সন্তানৰ জীৱনত পিতৃ-মাতৃৰ ব্যক্তিত্বৰ প্ৰভাৱ অপৰিসীম। সৰুৰে পৰা ল'ৰা-ছোৱালী যি ধৰণৰ ঘৰুৱা পৰিৱেশত ডাঙৰ-দীঘল হয়, তেওঁলোকে পিতৃ-মাতৃৰ যেনে আচাৰ আচৰণ দেখে সেইবোৰ কথাই সাধাৰণতে সন্তানৰ ব্যক্তিত্ব গঠনত অজানিত ভাৱেই ক্ৰিয়া কৰে।[]
  2. দোৱানক লিখিত ভাষালৈ ৰূপান্তৰিত কৰিবলৈ হ'লে লিপিৰ আৱশ্যকতা অপৰিহাৰ্য।[]
  3. সততা, মানসিক দৃঢ়তা আৰু কৰ্ম্মৰ প্ৰতি ঐকান্তিক আগ্ৰহ থাকিলে নাৰী পুৰুষ নিৰ্বিশেষে মানুহৰ বাবে অসম্ভৱ একো নাই।[]
  4. পৰিবৰ্তনশীল জগতখনৰ কোনো কথাই সদায় একে হৈ নাথাকে।[]
  5. শিক্ষাদান ফলপ্ৰসূ কৰিবলৈ হ'লে একনিষ্ঠ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ উপযোগী শিক্ষা পদ্ধতিৰ উপৰি আৰু এটা বস্তুৰ আৱশ্যক, সি হ'ল উপযুক্ত পাঠ্যপুথি। শিক্ষনীয় বিষয়সমূহ ছাত্ৰ-ছাত্ৰীৰ হৃদয়ংগম হ'ব পৰাকৈ সহজ-সৰল ভাষাত উপস্থাপিত কৰিব পৰাটো পাঠ্যপুথিৰ প্ৰধান গুণ।[]
  6. বাস্তৱিকতে চল্লিশৰ দশকৰ শেষাৰ্দ্ধলৈকে শিক্ষাৰ কোনো আও ভাও নোপোৱা নেফাৰ অজ্ঞ, অৰ্দ্ধসভ্য জনগণৰ বাবে শিক্ষাৰ বুনিয়াদ গঢ়ি তোলাত ইন্দিৰা মিৰিৰ গুৰুত্বপূৰ্ণ ভূমিকা অনস্বীকাৰ্য।[]
  7. সাধাৰণ মানুহৰ সমস্যাক নিজৰ সমস্যা হিচাপে লৈ সমাধানৰ পথ বিচাৰি দিয়া মানুহ আজিৰ পৃথিৱীত বিৰল।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ দেৱী, হিৰণ্ময়ী (২০০১)। বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি। হেমন্ত কুমাৰ শৰ্মা।