বিনীতা বৰা দেৱচৌধুৰী
বিনীতা বৰা দেৱচৌধুৰী হৈছে এগৰাকী অসমীয়া সাহিত্যিক। তেওঁ অসমৰ বজালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক।[১]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- সাহিত্য জগতখনৰ লগত শৈশৱৰ পৰাই চিনাকি মা-দেউতাৰ জৰিয়তে।[১]
- বিভিন্ন বিষয়ত লিখি আহিছোঁ যদিও সমালোচক আৰু গীতিকাৰ হিচাপে পৰিচয় দি বেছি ভাল পাওঁ।[১]
- অনুবাদ সাহিত্য অসমত পিছ পৰি থকাৰ মূল কাৰণ হ'ল অধিকাংশই অনুবাদ দ্বিতীয় শ্ৰেণীৰ সাহিত্য কৰ্ম বুলি ভাবে।[১]
- ভাল অনুবাদৰ বাবে মূল ভাষা আৰু স্ৰোত ভাষা দুয়োটাৰে খুব ভাল জ্ঞান থাকিব লাগিব।[১]
- নতুন লেখকসকলে ভাল লিখিবলৈ হ'লে ব্যক্তি-পূজন আৰু অনুকৰণ বাদ দিব লাগিব। নিজৰ সৃষ্টিৰ পৃথিৱীখন মৌলিকতাৰে নিজে সৃষ্টি কৰিব লাগিব আৰু সস্তীয়া জনপ্ৰিয়তাৰ মোহ ত্যাগ কৰিব লাগিব।[১]