বাইবেল
বাইবেল হৈছে খ্ৰীষ্টান ধৰ্ম, ইহুদী, চামাৰিটানধৰ্ম, ইছলাম, ৰাষ্টাফাৰী আৰু আন বহুতো ধৰ্মৰ পবিত্ৰ ধৰ্মীয় গ্ৰন্থ, লিখনি বা শাস্ত্ৰৰ এক সংগ্ৰহ। সংকলনৰ ৰূপত চপা হৈ ওলোৱা এই গ্ৰন্থ হৈছে এক বিশ্বাসৰ ভেটিত প্ৰতিষ্ঠিত ঈশ্বৰৰ বাণী সমূহৰ উন্মোচক গ্ৰন্থ। এই গ্ৰন্থসমূহৰ ভিতৰত আছে ধৰ্মীয়ভাৱে কেন্দ্ৰীভূত ঐতিহাসিক বিৱৰণ, ভজন, প্ৰাৰ্থনা, হিতোপদেশ, দৃষ্টান্ত, উপদেশমূলক বাণী, প্ৰবাদ-প্ৰবচন, আদিৰসাত্মক গল্প, কবিতা আৰু ভৱিষ্যতবাণী। বিশ্বাসীসকলে সাধাৰণতে বাইবেলক ঈশ্বৰৰ অনুপ্ৰেৰণাৰ এক সৃষ্টিকৰ্ম বুলি বিবেচনা কৰে।

উদ্ধৃতি সমূহসম্পাদনা কৰক
- এজন বিশ্বাসী বন্ধু হ'ল জীৱনৰ মহৌষধ।