বন্ধুত্ব (ইংৰাজী: Friendship) হৈছে এনে এটা শব্দ যি দুজন বা তাতোধিক লোকৰ মাজত সৃষ্টি হোৱা সহযোগিতামূলক আচৰণক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক সহায়কাৰী সম্পৰ্ক বুলি ধৰি ল’ব পাৰি য’ত পাৰস্পৰিক জ্ঞান, সন্মান আৰু মৰম জড়িত হৈ থাকে।

দুষ্টৰ কেৱল সহযোগী থাকে, কামুকৰ অশ্লীলতাত কেৱল সংগী থাকে; আত্মপ্ৰাৰ্থীসকলৰ কেৱল সহযোগীহে থাকে; ৰাজনীতিবিদসকলৰ কেৱল নিজৰ ফৈদ থাকে; অচল পুৰুষৰ সাধাৰণতাৰ কেৱল সংযোগ আছে; ৰাজকুমাৰসকলৰ কেৱল দৰবাৰীহে থাকে; কেৱল গুণী পুৰুষহে(মানুহহে) বন্ধুৰ অধিকাৰী হয়। ~ ভল্টেয়াৰ
বন্ধু হ’ল সেইসকল; আমাক বিশ্বাস কৰে আৰু যিসকলে আমাক আমাৰ প্ৰাপ্তিবোৰ বাস্তৱায়িত কৰাত সহায় কৰিব খোজে, লাগিলে সেয়া যিয়েই নহওক৷ ~ আং ছান ছুউ কি
ভাল বন্ধু লাভৰ একমাত্ৰ উপায় হৈছে নিজে সেই ভাল বন্ধুজন হ'বলৈ চেষ্টা কৰা৷ ~ ৰাল্ফ ৱাল্ডো এমাৰছন

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  • বন্ধুৰ জন্মহে হয়, সৃষ্টি নহয়৷~হেনৰি আডামছ্[১]
  • বন্ধু কি? দুটা দেহত বাস কৰা এটি আত্মা।~এৰিষ্টটল[২][৩]
  • বন্ধু হ’ল এনে এজন ব্যক্তি যিয়ে আপোনাৰ বিষয়ে সকলো জানিও আপোনাক ভাল পায়।~এলবাৰ্ট হাবাৰ্ড [৪]
  • “প্ৰেমৰ অভাৱ নহয়, বন্ধুত্বৰ অভাৱৰ বাবেই বিবাহবোৰ অসুখী হৈ পৰে।”~ফ্ৰেড্ৰিখ নিচ্চে [৫]
  • তিনিজন বন্ধু বিশ্বাসী: এগৰাকী পৌঢ়া পত্নী, এটা বুঢ়া কুকুৰ আৰু সুলভ ধন।~বেঞ্জামিন ফ্ৰেংকলিন[৬]
  • বন্ধুত্ব দৰ্শনৰ দৰে, শিল্পৰ দৰে অপ্ৰয়োজনীয়....ইয়াৰ কোনো জীয়াই থকাৰ মূল্য নাই; বৰঞ্চ ই সেইবোৰ বস্তুৰ ভিতৰত এটা যিয়ে জীয়াই থকাৰ মূল্য দিয়ে।~চি এছ লুইচ[৭]
  • বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু৷ ~ স্কটলেণ্ডীয় প্ৰবচন [৮]
  • প্ৰকৃত বন্ধুত্ব হৈছে লেহেমীয়া বৃদ্ধিৰ উদ্ভিদ, আৰু ই প্ৰশংসাৰ অধিকাৰী হোৱাৰ আগতেই প্ৰতিকূলতাৰ জোকাৰণিৰ সন্মুখীন হ’ব লাগিব আৰু তাক সহিব লাগিব।~জৰ্জ ৱাশ্বিংটন [৯]
  • বন্ধুত্বৰ আৰম্ভণিৰ বাবে হাঁহি এটা একেবাৰেই বেয়া নহয়৷ সমাপ্তিৰ বাবেতো ই বহুগুণে উত্তম৷~অ'স্কাৰ ৱাল্ডে[১০]
  • বন্ধু হ’ল সেইসকল; আমাক বিশ্বাস কৰে আৰু যিসকলে আমাক আমাৰ প্ৰাপ্তিবোৰ বাস্তৱায়িত কৰাত সহায় কৰিব খোজে, লাগিলে সেয়া যিয়েই নহওক৷ ~ আং ছান ছুউ কি[১১]
  • ভাল বন্ধু লাভৰ একমাত্ৰ উপায় হৈছে নিজে সেই ভাল বন্ধুজন হ'বলৈ চেষ্টা কৰা৷ ~ ৰাল্ফ ৱাল্ডো এমাৰছন[১২]
  • সকলো ফালেদি সমান দুজন মানুহৰ মাজত কেতিয়াও বন্ধুত্ব হ’ব নোৱাৰে৷ (ফ্ৰান্সিছ বেকন)[৩]
  • বন্ধুত্ব সদায়েই এটা মিঠা দায়িত্ব, সুযোগ নহয়৷(খলিল জিব্ৰান)[৩]
  • দুজন ঘনিষ্ঠ বন্ধুৰ মাজত এজন আনজনৰ দাস হ’বলৈ বাধ্য৷ (মিথাইল লাৰমাণ্ট)[৩]
  • বন্ধুত্ব বোলা বস্তুটো জমা ধনৰ দৰে৷ ব্যৱহাৰ নকৰিলে সি উচ্চ শিখৰ পায়৷ ( এলবাৰ্ট হাৰ্বাৰ্ড)[৩]
  • বন্ধুত্বৰ পিনে লাহে লাহে আগুৱাবা, এবাৰ বন্ধুত্ব গঢ়িলে তাত অবিচল, দৃঢ় আৰু স্থায়ী হৈ ৰ’বা৷( ছক্ৰেটিছ)[৩]

উৎস সম্পাদনা কৰক

  1. The Education of Henry Adams (1907), Ch. VII.
  2. Braude's Second Encyclopedia of stories, quotations, and anecdotes.
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
  4. Elbert Hubbard। Friendship Quotes
  5. Friedrich Nietzsche। Friendship Quotes
  6. Poor Richard's Almanack (1734)
  7. The Four Loves (1960)
  8. as published in Beauties of Allan Ramsay: Being a Selection of the Most Admired Pieces of that Celebrated Author, viz. The Gentle Shepherd; Christ's Kirk on the Green; The Monk, and the Miller's Wife; with his valuable collection of Scots Proverbs (1815), "Scots Proverbs" Ch. 1; also quoted in Pure Morning, a song by Placebo
  9. Letter to Bushrod Washington (15 January 1783)
  10. Oscar Wilde, The Picture of Dorian Gray (1891), Ch. 1.
  11. Sakharov Prize for Freedom of Thought Acceptance Speech by Aung San Suu Kyi, Strasbourg, 22 October 2013.
  12. Essays (1841), Of Friendship.