বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়

বঙালী সাহিত্যিক

বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ।[] তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্‌ শীৰ্ষক গীতৰ ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।[]

বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়
  1. ফুল নিজৰ কাৰণে নুফুলে৷ আনৰ কাৰণে তোমাৰ হৃদয়-কুসুম প্ৰস্ফুটিত কৰা৷[]
  2. আত্মোপকাৰীক বনবাসত বিসৰ্জন দিয়া সেইসকলৰ প্ৰকৃতি, যি চিৰকাল আত্মোপকাৰীক বনবাস দিয়ে–কিন্তু যিমান বাৰ বনবাসী নকৰক কিয়, আনৰ কাষ্ঠাহৰণ কৰা যাৰ স্বভাব, সি পুনৰ্বাৰ পৰৰ কাষ্ঠাহৰণ কৰিবলৈ যাবই। তুমি অধম–সেইবুলি মই উত্তম নহ’ম কিয়? (কপালকুণ্ডলা উপন্যাসৰ অংশ)[]
  3. যিয়ে কেতিয়াও কন্দা নাই, সি মনুষ্যৰ মাজত অধম। তেওঁক কেতিয়াও বিশ্বাস নকৰিবা। নিশ্চয়কৈ জানিবা যে সি পৃথিবীৰ সুখ কেতিয়াও ভোগ কৰা নাই। ইয়াৰ সুখো তাৰ সহ্য নহয়৷[]
  4. মৰিলে যদি ৰণজয় হ’লহেঁতেন, তেতিয়াহ’লে মৰিলোঁহেঁতেন। বৃথা মৃত্যু বীৰৰ ধৰ্ম নহয়৷(আনন্দমঠ উপন্যাস)[]
  5. সেই প্ৰফুল্লতা, সেই সুখ, আৰু নাই কিয়? সুখৰ সামগ্ৰী কমিছে নেকি? লাভ আৰু ক্ষতি উভয়েই সংসাৰৰ নিয়ম। কিন্তু ক্ষতিতকৈ লাভ অধিক, এয়াও নিয়ম। তুমি জীৱনৰ পথ যিমানেই অতিক্ৰম কৰিবা, তিমানেই সুখৰ সামগ্ৰী সঞ্চয় কৰিবা। তেন্তে বয়স হ’লেই স্ফূৰ্ত্তি কমে কিয়?(কমলাকান্তেৰ দপ্তৰ)[]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. সংসদ বাঙালি চৰিতাভিধান - প্ৰথম খণ্ড - সংশোধিত পঞ্চম সংস্কৰন - সাহিত্য সংসদ
  2. মাসিক কাৰেন্ট ওয়াৰ্ল্ড, মে ২০১১, পৃ. ৩৩; পৰিদৰ্শনৰ তাৰিখ: ২৬ মে ২০১১ খ্ৰিষ্টাব্দ
  3. চট্টোপাধ্যায়, বঙ্কিমচন্দ্ৰ (১৮৮৫)। কমলাকান্তেৰ দপ্তৰ, কমলাকান্ত। কলকাতা(প্ৰকাশ স্থান), পৃষ্ঠা:৭।
  4. ৪.০ ৪.১ ৪.২ ৪.৩ জীৱন আৰু দৰ্শন. আহৰণ কৰা হৈছে: 20 ছেপ্টেম্বৰ 2024.