পৰাগ কুমাৰ দাস (ইংৰাজী: Parag Kumar Das; ১৯৬১-১৯৯৬) আছিল অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক,[১][২][৩] সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা।[৪][৫] পৰাগ কুমাৰ দাসে দিল্লীৰ ছেইণ্ট ষ্টিফেন্‌চ মহাবিদ্যালয় আৰু দিল্লী অৰ্থনীতি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ "মানৱ অধিকাৰ সংগ্ৰাম সমিতি" (MASS)-ৰো প্ৰতিষ্ঠাপক নেতা আছিল।[৩][৬] তাৰ আগতে তেওঁ "গুৱাহাটী ষ্টক এক্সচেঞ্জ"ত প্ৰবন্ধক হিচাপে কাম কৰিছিল। ১৯৯৬ চনত ছালফাই তেওঁক হত্যা কৰে।[১]

উদ্ধৃতিসমূহ সম্পাদনা কৰক

স্বাধীন অসমৰ অৰ্থনীতি

  • জাতীয় প্ৰেম কেতিয়াও সংকীৰ্ণতাবাদ নহয়, বৰং ই সমূহীয়া জীৱন-যাত্ৰাৰ এক শৃংখলাবদ্ধ প্ৰকাশহে। স্বতন্ত্ৰ জাতি এটাই যেতিয়াই তাৰ সমূহীয়া ভাব-অনুভূতি প্ৰকাশত বাধা পায়, ইয়াৰ স্বতন্ত্ৰ বিকাশৰ প্ৰক্ৰিয়াটো বাহিৰৰ পৰা কোনোবাই স্তব্ধ কৰি দিয়াৰ চক্ৰান্ত চলায়, তেতিয়াই বিদ্ৰোহ আৰম্ভ হয়। এই চিৰন্তন প্ৰক্ৰিয়াটোকে আকৌ বিদেশী শাসকে স্থিতাৱস্থাৰ পবিত্ৰতাৰ নামত অপৰাধ বুলি ঘোষণা কৰে। তেনেকৈয়ে সংঘাত আৰম্ভ হয় শাসক আৰু শাসিত জাতি দুটাৰ মাজত। শাসিতৰ দৃষ্টিত সেয়া হয় স্বাধীনতাৰ গৌৰৱময়ী সংগ্ৰাম, আৰু শাসকে সেই সংঘাতকে স্বীকৃতি দিয়ে চৰম শাস্তিৰ যোগ্য দেশদ্ৰোহিতা হিচাপে৷ [৭]
  • বিদেশী শাসকে নিষিদ্ধ ঘোষণা কৰিলে বুলিয়ে সেই (স্বাধীনতাৰ) প্ৰশ্নৰ চৰ্চা এৰাই চলাটো কাপুৰুষৰহে লক্ষণ হ'ব। আৰু কাপুৰুষে স্বাধীনতাৰ সপোন দেখাৰো কোনো নৈতিক অধিকাৰ থাকিব নোৱাৰে।[৭]
  • ভাৰত ৰাষ্ট্ৰ বোলা ধাৰণাটোৰ প্ৰতি যিহেতু আমাৰ কোনো আৱেগিক আনুগত্যও নাই, গতিকে ভাৰতীয় শাসকবৰ্গৰ ভুল- ভ্ৰান্তিৰ প্ৰতিফলন স্বৰূপ এই বন্ধকীৰ বোজা আমি বহন কৰি যোৱাৰো কোনো প্ৰশ্ন উঠিব নোৱাৰে। সেয়েহে, স্বতন্ত্ৰ ৰাজনৈতিক সত্তাৰ আধাৰত বিশ্ব অৰ্থনীতিৰ সৈতে নতুন এক সম্পৰ্কৰ বাবে দৰ-দাম কৰাটোৱেই হ'ব আমাৰ বাবে সবাতোকৈ মংগলজনক।[৭]
  • স্বতন্ত্ৰ অৰ্থনীতিৰ মূল সূত্ৰ হৈছে, স্বচ্ছল শান্তিপূৰ্ণ উদ্বেগবিহীন জীৱন- যাপনৰ বাবে যিখিনি নিত্য-ব্যৱহাৰ্যৰ প্ৰয়োজন, তাৰ যোগান পাৰ্যমানে ঘৰুৱা অৰ্থনীতিয়ে নিজে নিশ্চিত কৰা। যিসমূহ পণ্য আমি নিজে প্ৰস্তুত কৰিব নোৱাৰো, সেইবোৰৰ ব্যৱহাৰ পৰাপক্ষত এৰাই চলিব লাগিব। আৰু ঘৰুৱা অৰ্থনীতিয়ে যোগান ধৰিব নোৱাৰা, অথচ স্বচ্ছল জীৱন-যাপনৰ বাবে অপৰিহাৰ্য যেন চিহ্নিত হোৱা নিত্য-ব্যৱহাৰ্যহে আমদানি কৰা হ'ব।[৭]
  • উৎপাদনৰ সৈতে কোনো সম্পৰ্ক নথকা শিক্ষা ব্যৱস্থা এটা বলপূৰ্বক আমাৰ ওপৰত জাপি দি (চৰকাৰে) স্বাধীন সত্তাৰ ধ্যান-ধাৰণাকে মষিমূৰ কৰিব বিচাৰিছে৷[৭]

উৎস সম্পাদনা কৰক

  1. ১.০ ১.১ Al-Ahmed, Saikh Md Sabah (2009-08-04). Parag Das murder verdict: bleeding Fourth Estate. প্ৰকাশক: The Assam Tribune. Archived from the original on 2012-02-19. আহৰণ কৰা হৈছে: 2009-09-27.
  2. Kashyap, Samudra Gupta (2009-07-30). Assam, editor murder, CBI, main accused. প্ৰকাশক: indianexpress.com. আহৰণ কৰা হৈছে: 2009-09-27.
  3. ৩.০ ৩.১ /VFF%20demands%20retrial%20of%20Parag%20Das%20killer.htm VFF demands retrial of Parag Das killer. প্ৰকাশক: Voices For Freedom. আহৰণ কৰা হৈছে: 2009-09-27.
  4. Borborah, Sanjay (2009-07-28). 13 Years After: Waiting for Justice in the Parag Das Assassination Case. প্ৰকাশক: assam.org. আহৰণ কৰা হৈছে: 2009-09-27.
  5. Prime accused in the Parag Das murder case acquitted. প্ৰকাশক: Assam Times (2009-07-28). Archived from the original on 2009-08-02. আহৰণ কৰা হৈছে: 2009-09-27.
  6. Parag Das murder suspect acquitted; Assam bandh on Thursday. প্ৰকাশক: newkerela.com (2009-07-28). আহৰণ কৰা হৈছে: 2009-09-27.
  7. ৭.০ ৭.১ ৭.২ ৭.৩ ৭.৪ পৰাগ কুমাৰ দাস। স্বাধীন অসমৰ অৰ্থনীতি গ্ৰন্থৰ প্ৰথম অধ্যায়, পৃষ্ঠা:২০-২৫।