প্ৰবোধ চন্দ্ৰ গোস্বামী

প্ৰবোধ চন্দ্ৰ গোস্বামী (ইংৰাজী: Prabodh Chandra Goswami) মংগলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ৷ তেওঁৰ “বিকাশ সজাগতা-বিশ্লেষণ আৰু শিক্ষা-সংস্কাৰ” গ্ৰন্থখন বাণী প্ৰকাশ প্ৰাইভেট লিমিটেডে ১৯৯৪ চনত প্ৰকাশ কৰে৷

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. গতিশীলতা আৰু সমন্বয়ৰ যোগেদিহে সম্ভৱ বিকাশ, বিকাশৰ ফলতহে হয় আত্মোপলব্ধি আৰু আত্মোপলব্ধিৰ মাজতহে আছে জীৱনৰ লক্ষ্য আৰু কৰ্মৰো সমাপ্তিহীন সমাপ্তি।[১]
  2. অভাৱ সজাগতাৰ ফল স্বৰপে যি জটিল সমাজ অপৰিহাৰ্য হৈ পৰিছে, তাত শান্তি আৰু শৃংখলাৰে বাস কৰিবলৈ আৰু তাৰ প্ৰতিযোগিতাৰ মাজত তিষ্ঠি থাকিবলৈ হ’লে ব্যক্তি কিছুমান বিশেষ মনোবৃত্তি, নৈতিকতা আৰু কাৰ্যদক্ষতা সম্পন্ন হ’ব লাগিব। এইবোৰ অৰ্জনৰ ব্যৱস্থা শিক্ষানুষ্ঠানবোৰত থকা উচিত।[২]
  3. সাধাৰণ জ্ঞানৰ মূল বস্তু হৈছে সমাজত চাৰিওফালে কি ঘটিছে, সমাজ কি দৰে চলিছে ইত্যাদিৰ প্ৰতি সচেতনতা আৰু সেই অৰ্থে সংবাদ পত্ৰ বা অন্যান্য মূল পুস্তক (reference books) পঢ়াৰ আগ্ৰহ আৰু অভ্যাস। এনে সচেতনতা, আগ্ৰহ আৰু অভ্যাস সৃষ্টিৰ মানদণ্ডৰেহে জুখিব লাগে সাধাৰণ জ্ঞানৰ মান— ৰাষ্ট্ৰপতিৰ নাম লিখিব পৰা নোৱাৰাৰে নিশ্চয় নহয়। মুখস্থৰ মাধ্যমত সাধাৰণ জ্ঞান বিস্তাৰ কৰাৰ বাবদ আজিও ভাৰতৰ ৰাষ্ট্ৰপতি বহু স্কুলত হৈ আছে ৰাজেন্দ্ৰ প্ৰসাদ।[৩]
  4. জীৱৰ বিকাশেই হওক অথবা ভাবৰ বিকাশেই হওক, ব্যক্তিৰ বিকাশেই হওক অথবা সমাজৰ বিকাশেই হওক, সকলো প্ৰকাৰ বিকাশৰ মাজত সদায়ে নিহিত আছে উন্মেষ আৰু উন্মাদনা, সৃষ্টি-আকাংক্ষা আৰু সৃষ্টি, সমন্বয় আৰু বৃদ্ধি। উন্মেষৰ উন্মাদনাক দায়িত্বশীল কৰিবলৈ আছে সৃষ্টি-আকাংক্ষা আৰু সৃষ্টিৰ বৃদ্ধিক সমস্যামুক্ত কৰিবলৈ আছে সমন্বয়ৰ ভাবধাৰা। অৱশ্যে, সৃষ্টি আকাংক্ষা নোহোৱাকৈও উন্মাদনাৰ মাজতে সৃষ্টি সম্ভৱপৰ। কিন্তু, তেনে সৃষ্টি সদায়ে অবাঞ্ছিত। ব্যক্তিৰ ক্ষেত্ৰত কামজ উন্মাদনাই অবৈধ আৰু অবাঞ্ছিত সন্তানৰ জন্ম যেনেদৰে দিব পাৰে, ৰাষ্ট্ৰীয় ক্ষেত্ৰত দায়িত্ব পালনৰ বাবে কৰ্মবিমুখ অভাৱ-সজাগতাজনিত উন্মাদনাই তেনেদৰে দূৰ্নীতি, বিৰোধ আৰু বিসংগতিও সৃষ্টি কৰে৷[৪]
  5. বিকাশৰ বাবে পৰিৱৰ্তন, আনকি উন্নয়নো যথেষ্ট নহয়। তাৰ বাবে আৱশ্যক চৰিত্ৰৰ লগত কৰ্মৰ সংযোগ স্থাপন। কৰ্ম আমি কৰিব লাগিব চাৰিত্ৰিক বিকাশৰ উদ্দেশে। চাৰিত্ৰিক বিকাশৰ আদৰ্শ যদি আমাৰ কৰ্মই সৃষ্টি কৰিবলৈ অক্ষম হয়, তেন্তে আমাৰ কৰ্ম উন্নয়নকাৰক হৈও বিক্ষিপ্ত, পাৰস্পৰিক সম্পৰ্কহীন আৰু অৰ্থহীন হ’বলৈ বাধ্য। উন্নয়ন সত্বেও আমাৰ ব্যক্তিগত আৰু সামাজিক জীৱন আজি অস্থিৰ আৰু অৱসাদযুক্ত, প্ৰেৰণাহীন অথচ সমস্যাপূৰ্ণ। কিয়নো চাৰিত্ৰিক বিকাশৰ আদৰ্শৰ লগত উন্নয়ন আজিও সম্পৰ্কবৰ্জিত হৈ আছে।[৫]
  • গোস্বামী, প্ৰবোধ চন্দ্ৰ (1994)। বিকাশ সজাগতা-বিশ্লেষণ আৰু শিক্ষা-সংস্কাৰ। বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড।