প্ৰবীণা শইকীয়া
প্ৰবীণা শইকীয়া (১৯৩৬-১৯৯৯) অসমীয়া সাহিত্যৰ স্বৰাজোত্তৰ কালৰ এগৰাকী বিশিষ্ট লেখিকা। কবি, গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক হিচাপে তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে। তিনিচুকীয়াত জন্ম গ্ৰহণ কৰা প্ৰবীণা শইকীয়াৰ দেউতাক নন্দেশ্বৰ দাস আৰু মাতৃৰ নাম ৰত্নেশ্বৰী মহন্ত। অসম বাতৰি, প্ৰকাশ, গৰীয়সী আদি কাকতৰ সম্পাদক, বিশিষ্ট লেখক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সৈতে ১৯৫৮ চনত বিবাহ সম্পন্ন হয়। [১] এইগৰাকী সাহিত্যিকৰ স্মৃতিত প্ৰবীণা শইকীয়া বঁটা প্ৰদান কৰি অহা হৈছে।
উদ্ধৃতি
সম্পাদনা কৰকতথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ কথা গুৱাহাটী(অসমীয়া নাৰী বিশেষ সংখ্যা), আগষ্ট, ২০০৪, পৃ.১৪