প্ৰফুল্ল কুমাৰ মহন্ত
অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী
প্ৰফুল্ল কুমাৰ মহন্ত (ইংৰাজী: Prafulla Kumar Mahanta, জন্ম: ১৯৫২) হৈছে অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী[১]। ইয়াৰ উপৰিও তেওঁ অসম আন্দোলনৰ এজন উল্লেখযোগ্য নেতা আৰু অসম গণ পৰিষদ (অগপ)ৰ প্ৰাক্তন সভাপতি[১]। ১৯৮৫ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়। এনেদৰে তেওঁ আটাইতকৈ কনিষ্ঠতম মুখ্যমন্ত্ৰী হিচাবে পৰিগণিত হয়[২]। ইয়াৰ পিছত ১৯৯৬ চনত দ্বিতীয়বাৰৰ বাবে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোঁতে তেওঁ অসম আন্দোলনৰ এজন উল্লেখযোগ্য নেতা আছিল[১]।
উদ্ধৃতিসমূহ
সম্পাদনা কৰকউৎস
সম্পাদনা কৰক- ↑ ১.০ ১.১ ১.২ প্ৰফুল্ল কুমাৰ মহন্তৰ বিষয়ে. প্ৰকাশক: In.com India - A web18 Venture (২০১২). আহৰণ কৰা হৈছে: October 03, 2012.সাঁচ:Dead link
- ↑ Mahanta takes on Congress heavyweight. প্ৰকাশক: The Hindu (April 6, 2011). আহৰণ কৰা হৈছে: October 03, 2012.
- ↑ শেখৰ গুপ্তাৰ সৈতে এনডিটিভিৰ ৱাক দা টক অনুষ্ঠানত প্ৰফুল্ল কুমাৰ মহন্তই দিয়া এটা সাক্ষাৎকাৰ. 2012. প্ৰকাশক: NDTV Convergence Limited (August 21, 2010). আহৰণ কৰা হৈছে: October 04, 2012.