প্ৰণৱ কুমাৰ বৰ্মন হৈছে অসমৰ এজন কবি, ঔপন্যাসিক। [১]
- বেলেগ, অন্য কামৰ বাবে প্ৰয়োজনীয় ধৈৰ্য, শিকাৰ আগ্ৰহ আৰু যোগ্যতা নাই বাবেই কবিতাকে জীৱন বুলি গ্ৰহণ কৰিছোঁ৷ [১]
- য’ত বিপ্লৱৰ বাবে সমাজ উন্মুখ তাত কবিতা সমাজ পৰিৱৰ্তনৰ কাৰক হৈ পৰে৷ [১]
- কবিতা মানৱ মনৰ স্বতঃস্ফূৰ্ত ভাৱনাৰ নৱ-নিৰ্মাণ৷[১]
- কবিতাক অধিক গ্লেমাৰাছ কৰা হৈছে বাবে গান গোৱা, ফুটবল খেলা, যোগা কৰা এইবোৰৰ প্ৰতি আগ্ৰহী নহৈ কবিতাৰ প্ৰতি ধাপলি মেলিছে বৃহৎ সংখ্যকে৷ কিন্তু ভাষাটোৰ স্বাৰ্থত এই কথা শুভ বুলিয়ে মই বিশ্বাস কৰোঁ৷ কবিতাৰ ক্ষেত্ৰত সামান্য ক্ষতিকাৰক হ’ব পাৰে৷[১]
- সকলো মাধ্যমৰ নিজস্ব ভূমিকা আৰু আস্থা-বিশ্বাসযোগ্যতাৰ কথা আছে৷[১]
- পাঠকৰ চিত্ত আলোড়িত কৰা লেখকৰ সংখ্যা কমিছে, সেইবাবেহে কিতাপৰ বিক্ৰী কমিছে৷ পাঠকে সকলো লেখকৰ কিতাপ কিনিবলৈ বাধ্য নহয়৷[১]
- মোৰ ভিতৰতো এখন নৰক আছে৷[১]
- পুৰুষতকৈ নাৰীৰ চেতনাৰ জগত অধিক বিচিত্ৰ।
- প্ৰেম সভ্যতাৰ সৰ্বোত্তম আৱিষ্কাৰ – মহত্তম অনুভূতি। প্ৰেম চিৰন্তন। প্ৰতিবাদ পেৰেষ্ট্ৰাইকাৰ নিচিনা।[১]