পুৰুষোত্তম দাস
অসমৰ গীতিকাৰ, সুৰকাৰ, গায়ক আৰু সংগীত পৰিচালক
পুৰুষোত্তম দাস অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, গায়ক তথা সংগীত পৰিচালক। হিন্দী আৰু বঙালী গীতৰ আধিপত্যৰ কালছোৱাতে তেওঁ অসমীয়া গীত কিয় গাব নোৱাৰি বুলি ষষ্ঠ মান শ্ৰেণীত পঢ়ি থাকোঁতেই অসমীয়া গীত লিখি সুৰ কৰি গাইছিল। দাসে কলিকতা তথা অসমত, গুৱাহাটীত প্ৰতিষ্ঠা হোৱা প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ গুৱাহাটী ষ্টাফ আৰ্টিষ্ট আছিল আৰু তেওঁ নিজা উদ্যোগত দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, কুইন হাজৰিকা, তুলতুল ভড়ালী আদিক স্ব-ৰচিত গীত সুৰ কৰি ৰেডিঅ'ত গোৱাইছিল। পুৰুষোত্তম দাসে নামনি অসমত প্ৰচলিত গীতকে ধৰি বৰগীত, লোকগীত, কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীত ৰেডিঅ'ৰ যোগেদি প্ৰকাশত আগভাগ লৈছিল।[১] তেওঁ অসমীয়া বোলছবিত সংগীত পৰিচালনাও কৰিছিল।
উদ্ধৃতি
সম্পাদনা কৰক- সুৰ সাধনাৰ বাহিৰে মই একো ভাবিব নোৱাৰোঁ৷ জীৱনটো সেইবিলাক কৰোঁতেই গ’ল৷ সংগীত বোধহয় মোৰ প্ৰতিটোপাল তেজত অনলসভাৱে প্ৰবাহিত হৈ আছে৷[২]
- মই এনেকুৱা ভিতৰুৱা অঞ্চললৈ গৈছিলোঁ, য’ত দিয়াচলাই এটাও পোৱা নাযায়, অথচ চিত্তাকৰ্ষক লোকগীত পোৱা যায়৷[২]
- যদি ১৯৪৮ চনত গুৱাহাটীত অনাতাঁৰ কেন্দ্ৰ স্থাপন নহ’লহেঁতেন, তেনেহ’লে বোধকৰোঁ সংগীতৰ ক্ষেত্ৰখনত অসম আৰু বহু বছৰ পিছ পৰি থাকিব লাগিলহেঁতেন৷[২]
মন্তব্য
সম্পাদনা কৰক- কৰ্মক্ষেত্ৰত অনাতাঁৰ কেন্দ্ৰ আছিল তেওঁৰ সংগীত জীৱনৰ পৱিত্ৰ ধাম৷ (ৰমেন দাস)[২]
- অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে ধাৰাবাহিকভাবে প্ৰচাৰ কৰা তেওঁৰ গীতি-আলেখ্য শুনোতাই পুৰুষোত্তম দাসৰ অসমীয়া সাহিত্য সংস্কৃতিৰ অধ্যয়নপুষ্ট মনৰ সন্ধান পালে৷ পঢ়াশলীয়া শিক্ষাৰে শিক্ষিত নহ’লেও জীৱনৰ শিক্ষাৰে শিক্ষিত, দীক্ষিত বিদ্বৎ পুৰুষোত্তম৷ (ৰত্ন ওজা)[২]