পান্থশালা (গ্ৰন্থ)
'পান্থশালা' ঔপন্যাসিক চন্দনা পাঠকৰ প্ৰথমখন উপন্যাস।উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল ২০২২ বৰ্ষত।প্ৰকাশক আছিল পূৰ্বায়ন প্ৰকাশন।উপন্যাসখনিত পান্থশালা শব্দটো ঔপন্যাসিকাই বেশ্যালয়ৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰিছে। সেই বিষয়ে উপন্যাসখনৰ শেষত স্পষ্টভাৱে উল্লেখ কৰিছে।[১]
উদ্ধৃতি
সম্পাদনা কৰক১.প্ৰতিগৰাকী মানুহে নিজৰ মাজতে একো একোজন দাৰ্শনিক কঢ়িয়াই ফুৰে।দাৰ্শনিক সত্যবোৰ আপেক্ষিক।(পৃ.১১)[১]
২.মানুহবোৰে মোৰ ওচৰত নিজকে সম্পূৰ্ণকৈ খুলি দিয়ে।আনক, আনকি নিজকো ক'ব নোৱাৰাখিনি মোক ক'ব পাৰে।কাৰণ, তেওঁলোকে জানে, বেশ্যাই শিলো গিলি থ'ব পাৰে; কেতিয়াও বঁতিয়াই নিদিয়ে।আৰু দিলেও, বেশ্যাৰ কথা কোনে বিশ্বাস কৰে![১]
৩.মই মগজু বেছি উপাৰ্জন কৰিছোঁ আৰু আপুনি শৰীৰ বেচি। বিক্ৰীটো দুয়ো গৈছোঁ। মগজ বিক্ৰী কৰাটো সহজ। কোনেও নেদেখে যে! আমাৰ সমাজত নেদেখাকৈ হোৱাটোৰ সদায়ে গ্ৰহণযোগ্যতা থাকে। দেখিলেহে জবাবদিহি হ'ব লাগে। কি যে ভণ্ডামি! কিন্তু শৰীৰ বিক্ৰী কৰাটো সহজ ব্যাপাৰ নহয়।মন-মগজুৰ কত দ্বন্দ্ব চলে চাগে! কত সংশয়ে খেদে! যন্ত্ৰণাও অধিক, বেদনাও বেছি। কেতিয়াবা ভাব হয়, বেশ্যাবোৰ আছে বাবেই কিজানি সমাজখন এতিয়াও কিছু পৰিমাণে নিয়ন্ত্ৰিত হৈ আছে![১]
৪.তুমি কি ভাবা, ঝৰ্ণা? দিন আৰু ৰাতিৰ মাজত কেতিয়াও প্ৰেম হোৱা নাই? দিনে ৰাতিৰ আৰু ৰাতিয়ে দিনৰ প্ৰেমত পৰে বাবেইতো দোকমোকালি আৰু সন্ধ্যাৰ জন্ম। কিন্তু চোৱা, এই প্ৰেমৰ পিছতো দিন কেতিয়াও ৰাতিৰ আৰু ৰাতি কেতিয়াও দিনৰ হৈ নাযায়। দিন দিনৰেই। ৰাতিও ৰাতিৰে হৈ থাকে বাবেইতো দোকমোকালি আৰু সন্ধ্যা ইমান ধুনীয়া।
৫.বিশ্বাস! বিশ্বাসত আচলতে কি থাকে? হেৰুৱাই পোৱাৰ আকাংক্ষা নে পাই হেৰুওৱাৰ বেদনা! বিশ্বাসৰ নাম লৈ আমি আচলতে কি বিচাৰোঁ? নিজৰ মাজত আনক বিচাৰি ফুৰোঁ নে আনৰ মাজত নিজৰ সন্ধান কৰোঁ?
৬.কাৰোবাৰ লগত ভগালে যদি যন্ত্ৰণাৰ উপশম হ'ব বুলি ভাবা, এটা ভাগ মোক দিব পাৰা। বেশ্যাৰ ওচৰত সকলো সত্য সুৰক্ষিত।
৭.ঘড়ীৰ দৰে সময়কো হাতত পিন্ধিব পৰা হ'লে! ভাল লগাখিনি পিন্ধিলৈ বেয়ালগাখিনি খুলি থ'লোহেঁতেন! কিন্তু কথাবোৰ আপেক্ষিক। আজি ভাললগাখিনি হয়তো কাইলৈ বেয়া লাগিব আৰু কালিৰ বেয়ালগা খিনি আজি ভাল লাগিও যাব পাৰে! এই আপেক্ষিকতা থকা বাবেই জীৱন ইমান ৰহস্যময় আৰু ৰহস্য থকা বাবেইতো ইমান সুন্দৰ! মায়াময়! হয়তো আমি ক'ৰবাত অলপ বাধ্য, ক'ৰবাত অলপ স্বাৰ্থপৰ! অলপ ভাল, অলপ বেয়া! অলপ নিজৰ, অলপ আনৰ। আমি ক'ৰবাত বুদ্ধ, ক'ৰবাত শুদ্ধ। বুদ্ধ হোৱাৰ সময়কণত আমি অধিক শুদ্ধ।কাৰণ আমি মানুহ, ঈশ্বৰ বা দেৱতা নহয়।[১]
৮.মানুহবোৰ হেৰাই গ'লে বৰকৈ মনত পৰে। কাৰোবাৰ উপস্থিতিৰ বিকল্প ফটো এলবাম হ'ব নোৱাৰে।
৯.প্ৰেম এক বিশুদ্ধ কবিতা, সকলো মিছাৰ উৰ্দ্ধত। ভাগি-ছিগি যোৱাৰ পাছতো যিখিনি ৰৈ যায়, সেইখিনিতেই থাকি যায় প্ৰেম। মৰি যোৱাৰ পিছতো যদি ক'ৰবাত কিবা এটা জীয়াই থাকে, বুজিব, সেয়া প্ৰেম; লাগিলে ৰৈ যোৱাখিনি বিষেই নহওক কিয়! বিষাই আছে মানেইতো আপুনি মৰি যোৱা নাই, অনুভূতিহীন হৈ শেষ হৈ যোৱা নাই। আপুনি জীয়াই আছে।
১০.অলপ উষ্মাৰেই ঝৰ্ণাই লগে লগে কৈ উঠিছিল, 'দাগহীন জীৱন?? জন্মৰ প্ৰক্ৰিয়াটোৰ কথা ভাৱকচোন। ইমান জটিল প্ৰক্ৰিয়া এটাৰ মাজেৰে এই পৃথিৱীলৈ অহাৰ পিছত দাগহীন, বিষহীন সৰল জীৱন এটা যাপন কৰাৰ অধিকাৰ আছেনে আমাৰ?
১১.প্ৰেম আৰু মৃত্যু! জীৱনৰ আটাইতকৈ ডাঙৰ সত্য। আনকি, জন্মতকৈয়ো অধিক সত্যতা বহন কৰে এই দুই সত্যই।যদিও কোৱা হয়, জন্ম মৃত্যুৰ আধাৰ, প্ৰকৃততে কিন্তু মৃত্যুইহে জন্মক প্ৰতিপন্ন কৰে। আনহাতে, প্ৰেমে প্ৰতিপন্ন কৰে জীৱনক।প্ৰেমহীনতা মৃত্যুতুল্য।জন্ম আৰু মৃত্যুৰ মাজৰ যি পৰিক্ৰমা, সেই খিনিক ধৰি ৰাখে প্ৰেমে।
১২.প্ৰেমৰ অপচয় সহ্য নহয় মোৰ, নিজৰেই হওক বা আনৰেই হওক। বেশ্যাই শৰীৰহে বিক্ৰী কৰে, হৃদয় নহয়।
১৩.মানুহ বৰ আচৰিত! তাতোকৈ আচৰিত মানুহৰ অনুভৱৰ আপেক্ষিকতা! সেই মুহূৰ্তত মোৰ যন্ত্ৰণা ইমান বেছি হৈছিল যে আনকি মই যন্ত্ৰণাখিনিও অনুভৱ কৰিব নোৱাৰা শূণ্য এটা হৈ পৰিছিলোঁ। কিন্তু, তাৰ দুঘণ্টা পিছতেই সেই একেজন মই স্বাৰ্থপৰতাত চূড়ান্ত পৰ্যায়লৈ গৈ মোৰ বন্ধুৰ মৃত্যু কামনা কৰিছিলোঁ।
১৪.কিবা এটা সহজ বিচাৰি আমি আচলতে অসহজবোৰকে সামৰি ফুৰোঁ। এই অসহজবোৰ কোনোবা এটা বিন্দুত গৈ মিলাটো একেবাৰে সহজ নহয়।
১৫.প্ৰসেনজিতে কলে, 'আগলৈ চোৱা, পিছলৈ চোৱা, মধ্যবিন্দুত ওলমি ৰোৱা। ভিৰৰ মাজত নিঃসংগতা! মাজে মাজে ভাবোঁ, আমি আচলতে ক'লৈ গৈ থাকোঁ? এই যে মানুহবোৰ , গাড়ীবোৰ অনবৰতে গৈ থাকে, ক'লৈ গৈ থাকে বাৰু?
১৬.গৈ থকাৰ মাজতে এই ৰৈ যোৱাখিনি নাথাকিলে আমাৰ জীৱনত একো নঘটিলহেঁতেন! এই ৰৈ যোৱা খিনিয়েইতো গৈ থকাৰ অৰ্থ বহন কৰে।
১৭.বিশেষ একো নভবাকৈ কৈ দিব পাৰি, গৈ থকাই জীৱন; ৰৈ যোৱাৰ নামেই মৃত্যু।কিন্তু মৃত্যুহীন হোৱা হ'লে জীৱনৰ মজা ক'ত থাকিলহেঁতেন! মৃত্যু আছে বাবেইতো আমি জীৱনৰ প্ৰেমত পৰো বাৰে বাৰে।
১৮.সব ভাঙিলেও হৃদয় নাভাঙিবা। পৃথিৱীত যদি পাপ বোলা কিবা বস্তু আছে, এইটোৱেই আছে।
১৯.এই পৃথিৱীৰ প্ৰতিগৰাকী মানুহ প্ৰেমিক।প্ৰেমিক কাৰণেই নিজৰ মাজত কবি সত্তা এটা কঢ়িয়াই লৈ ফুৰে।
২০.হৃদয় ভাঙিলে শব্দ নহয়, কিন্তু এই শব্দহীন শব্দবোৰ বৰ ভয়ংকৰ। কাণ নহয়, মন তাল মাৰি ধৰে।
২১.ইমান সোনকালে মানুহক চাৰ্টিফিকেট নিদিবা, বন্ধু! সময়কো অলপ সময় দিবা। সময়ৰ কাহিনী কেতিয়াবা সময়েই উল্টাই দিয়ে।
২২.শুভংকৰে ক'লে, সাধাৰণতে আমি যি দেখোঁ, তাকেই সত্য বুলি ভাবোঁ।কিন্তু এই দেখাখিনিৰ ফাঁকে ফাঁকে ভালেখিনি অদেখা ৰৈ যায়।নেদেখাখিনিৰ অদৃশ্যমানত দেখাখিনিৰ অৱস্থিতিয়ে আমাক প্ৰায়ে অন্ধ কৰি পেলায়।
২৩.সময়ৰ সোঁতত কথাবোৰ এদিন সাধুকথা হৈ পৰিব। সঁচাবোৰ সাধু হোৱাৰ পৰতো এক ধৰণৰ বিশ্বাস কঢ়িয়াই থাকে নিশ্চয়! লাগিলে সেয়া অন্ধবিশ্বাসৰ বিশ্বাসেই নহওক কিয়!
২৪. বেছিভাগ কাহিনীয়েইতো শেষ হোৱাৰ পিছতো অসম্পূৰ্ণ।ক'ৰবাত টান এটা থাকি যায়। এৰা এৰিব পৰত আমি আমাক ক'ৰবাত এৰি থৈ আহোঁ।কিন্তু, অসম্পূৰ্ণ কাহিনী এটাৰ ভিতৰত উশাহ লৈ থকা গল্প হোৱাৰ বাসনা এটাই আমাক উভতাই আনি আমাৰেই সন্মুখত থিয় কৰাই দিয়ে।আপুনি, তেওঁ, মই, আমি কোনো মুক্ত নহয় এই টান, এই বাসনাৰ পৰা।
২৫.মানুহ বিষাদত নমৰে, প্ৰেমততো মৰাৰ প্ৰশ্নই নুঠে।এই যে মানুহে কয়, বিষাদ থাকে, স্বপ্ন থাকে, আশা থাকে, নিৰাশা থাকে, এইবোৰ মৰিম বুলি ভবাৰ কিছু আগলৈকেহে থাকে।আত্মহত্যা কৰাৰ সময়ত এই বোৰ একো নাথাকে।আনকি নিৰাশাও নাথাকে। একদম খালী টেমা এটাহে মৰে।
২৬.নিজৰ লগত সহজ হ'ব পাৰিলে আনৰ অসহজখিনিয়ে আমনি কৰিব নোৱাৰে।
২৭.নিজক গ্ৰহণ কৰি লৈছোঁ কেতিয়াবাই। কিন্তু আনৰ চকুত গ্ৰহণযোগ্যতা বিচাৰিবলৈ গ'লে বেলেগ হৈ পৰিম। এই বেলেগটোলৈ মোৰ আপত্তি, মোৰ ভয়।
২৮.প্ৰেম মোৰ বাবে এটা ৰাস্তাহে, নিৰ্ধাৰিত লক্ষ্য নহয়, যিটো ৰাস্তাৰে মই মোকেই বিচাৰি গৈ থাকিব পাৰোঁ।
২৯.আটাইতকৈ ডাঙৰ ভ্ৰম কি জানা? আমাৰ এই বাস্তৱ পৃথিৱীখন। আমাৰ শৰীৰটোহে এই বাস্তৱ পৃথিৱীখনত থাকে।মনে নস্যাৎ কৰা এই বাস্তৱ মোৰ কেতিয়াবা ভ্ৰম যেনেই লাগে।বাস্তৱ প্ৰকৃততে কি? আমি নিবিচৰাকৈ পোৱাখিনি নে পাবলৈ বিচৰাখিনি।
৩০.মনৰ অবৰ্তমানত আমাৰ স্থিতি অস্তিত্বহীন।প্ৰকৃততে মন য'ত থাকে,আমি তাতেই থাকোঁ আৰু আমি য'ত থাকোঁ, সেয়াই বাস্তৱ।
৩১.এই যে কোৱা হয়, শৰীৰত ভোক থাকে, শৰীৰত বাসনা থাকে, দুখ থাকে, বিষ থাকে .....প্ৰকৃততে যি থাকে, সকলো মনতেই থাকে।মনৰ দ্বাৰা পৰিচালিত শৰীৰতহে ভোক, বাসনা, দুখ, বিষ থাকে।মনে এৰি দিয়া শৰীৰ আৱেগ-অনুভূতি, আনকি সংবেদনো বিসৰ্জিত এটুকুৰা জগা কাঠৰ বাদে আন একো নহয়।
৩২.বন্ধুত্বই একমাত্ৰ সম্পৰ্ক, যি কোনো ধৰণৰ চৰ্তৰ ওপৰত প্ৰতিষ্ঠিত নহয়।
৩৩.প্ৰেম, বিষ , নিচা ...সকলোতে একো একোটা মোহেই ক্ৰিয়া কৰি থাকে।প্ৰাপ্তি বুকুত নজহা- নপমালৈকে প্ৰেম আমাৰ বুকুত থাকে। কিন্তু, তৃপ্ত হ'লেই আমাৰ মোহভংগ হয়। অথচ, অতৃপ্তিৰ শেষ বিন্দু থকালৈকে আমাৰ প্ৰতি আমাৰেই কি টান!
৩৪.ইমান গধুৰ ভাৰ কৰিও যেন ইমান পাতল! ভাবিলে আচৰিত লাগে।পৃথিৱীৰ আটাই খিনি পানীৰ সম্ভাৱনা কঢ়িয়াই ফুৰা মেঘবোৰ আলাসতে ভাঁহি থাকিব পৰাকৈ ইমান পাতল! ইমান চঞ্চল!
৩৫.ইমান গধুৰ ভাৰ কৰিও যেন ইমান পাতল! ভাবিলে আচৰিত লাগে।পৃথিৱীৰ আটাই খিনি পানীৰ সম্ভাৱনা কঢ়িয়াই ফুৰা মেঘবোৰ আলাসতে ভাঁহি থাকিব পৰাকৈ ইমান পাতল! ইমান চঞ্চল!
৩৬.বৰষুণ লগত লৈয়ে আহিছিল সি সেইদিনা।মেঘ হৈ বৰষি মোক তিয়াব বিচাৰোঁতে মই বাধা দিব নোৱাৰিলোঁ। প্ৰেমত আছিলোঁ যে! বৰষুণে লগত আনিব পৰা বিজুলী-ব্ৰজপাতৰ সম্ভাৱনাখিনিক মই নেদেখিলোঁ।
৩৭.আমাৰ মোহবোৰ , ভয়বোৰ আমাৰ নিজৰ ভিতৰতে থাকে, বৰষুণৰ বুকুত নহয়।নিজৰ লগত যুঁজিব পৰাজনক বৰষুণে হৰুৱাব নোৱাৰে।
৩৮.দুখ-যান্ত্ৰণাই এটা পৰ্যায়লৈকে মানুহৰ টোপনি কাঢ়ে।কিন্তু সেই পৰ্যায় অতিক্ৰম কৰাৰ পিছত মানুহ নিজৰ ভিতৰতে শুই পৰা।হয়তো সেয়া আমাৰ মানসিক নিষ্ক্ৰিয়তা!