পথসন্ধি (গ্ৰন্থ)
পথসন্ধি,সাহিত্য অকাডেমী বঁটা প্ৰাপক ঔপন্যাসিক ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখনি উপন্যাস।অঞ্জলি কুমাৰী উপন্যাস খনৰ কেন্দ্ৰীয় চৰিত্ৰ।উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ২০২১ চনৰ ডিচেম্বৰ মাহত।প্ৰকাশক আছিল পূৰ্বাঞ্চল প্ৰকাশ।[১]
উদ্ধৃতি
সম্পাদনা কৰক১.মানুহে কিয় কোনোবাই সফলতা পালে তাতো দুখৰ কাহিনী বিচাৰি ফুৰে? কিয় টি ভিত চিঞৰি চিঞৰি কয় - ঠেলাৱালাৰ সন্তান - পাণ দোকানীৰ সন্তান - হাজিৰা কৰি পোহপাল দিয়া মানুহৰ সন্তান - এইবোৰ জানো ৰাজহুৱাভাৱে চিঞৰি চিঞৰি কোৱা কথা? দেখুওৱা বিষয়?[২]
২.গছিপ ইজ আ পাৰ্ট অৱ চিভিলাইজেচন। পৰচৰ্চা থাকিব। মানুহে বেয়া কথা পাতিবই। কিমানৰ মুখ বন্ধ কৰিবা? দৰকাৰনো কি? সেইবোৰ ফ্ৰাষ্টেটেড মানুহ। পৰচৰ্চা সিহঁতৰ কাৰণে এক প্ৰকাৰৰ কপিং মেকানিজম। চাইড এফেক্ট থকা লাইফ চেভিং মেডিচিনৰ দৰে। ইমবেলেন্সৰ ফেন্সত বহি থকা মানুহ সেইবোৰ। গছিপে সিহঁতক চাইকছিছৰ ফালে পৰি নোযোৱাকৈ ধৰি ৰাখে। মাথা ঠিক ৰখাৰ এটা কায়দা আৰু।[৩]
৩.বেয়া কথাৰ পাখি বৰ শক্তিশালী। নিমিষতে ধুমুহা হৈ উৰিব পাৰে।বেয়া কথাৰ শিপাও গভীৰ। ডাল পাতো বিস্তৃত।
৪.মই নিজে ভালপোৱা, নিজে ভালকৈ জনা কাম কৰিম। পইচা মোক লাগিব। মানুহে যে কয়- মানি কেননট বাই হেপীনেছ- একদম হোপলেছ এটা কথা। পইচা থাকিলে কান্দিবলৈও মালদ্বীপলৈ যাব পাৰি। পইচাটো নিজৰ নেজ ডাঙৰ কৰি বনোৱা চকীৰ দৰে হ’ব লাগিব। চোৰাং পইচাত সুখ নাই।… নেজ দীঘল কৰা। নেজ দীঘল কৰিবলৈ এফৰ্ট লাগে। ৱিল পাৱাৰ লাগে। ইনটেলিজেন্স লাগে। কাৰেজ লাগে। মটিভেছন লাগে। লাগি থকাৰ ইচ্ছাশক্তি লাগে। পইচা থাকিলে ভাল। নাথাকিলেও কোনো কথা নাই। অলপ ইফালে-সিফালে চালেই উপায় ওলায়।
৪.এটাই মাত্ৰ প্ৰশ্নৰ উত্তৰ বিচাৰি।কি কৰিব এতিয়া অঞ্জলিয়ে?দীৰ্ঘদিনৰ অভ্যাসে অভ্যস্ত কৰি তোলা জীৱনক আকৌ পঠিয়াবনে পৰীক্ষাগাৰলৈ?অঞ্জলিৰ জীৱনটো স্বাভাৱিক নহয়।সহজ পৃথিৱীৰ সহজ জীৱনৰ লগত কোনো মিলেই নাই অঞ্জলিৰ জীৱনৰ।[৪]
৫.এডাল এডালকৈ ভৰিত সোমাই থকা দুৰ্বলতাৰ কাঁইট উঘালি উঘালি, সবল ভৰিৰে শিলাময় বাটত আত্মবিশ্বাসেৰে আগবাঢ়িবলৈ নিজক তৈয়াৰ কৰিছে অঞ্জলিয়ে।
৬.নিজৰ জীৱনৰ জটিলতা আৰু অস্বাভাৱিকতাখিনি উদঙাই দি ৰুমমেটৰ লগত সহবাসৰ কালছোৱা জটিল আৰু অস্বাভাৱিক কৰি তোলাৰ প্ৰয়োজনেই বা কি?
৭.কিছুমান মানুহে বুজিবই নোৱাৰে মানুহৰ যে খাবলৈ ৰুটি নাথাকিব পাৰে। একোৱেই নাথাকিব পাৰে।
৮.কোনো আঘাতেই তাইৰ মনৰ সংহতি নষ্ট কৰিব নোৱাৰে। সেই প্ৰশিক্ষণ তাইক অভিজ্ঞতাই দিছে। কঠিন নিৰ্মম বাস্তৱে।
৯.ক্ৰোধ, অপমান, দ্বিধা, দ্বন্দ্বৰ ভিন্নমুখী অনুভূতিয়ে ক্ষয় কৰি পেলাব খুজিছে সহজ ঔদাসীন্য।
১০.এইখন বৰষুণৰ ৰাজ্য। চকুপানীৰ ইয়াত কাম নাই। হাঁহি থাকা।
উৎস
সম্পাদনা কৰক