নীলাক্ষি চলিহা গগৈ

নীলাক্ষি চলিহা গগৈ অসমৰ এগৰাকী চিকিৎসক আৰু লেখক। তেখেতৰ প্ৰথম কাব্য সংকলন শব্দৰ সুগন্ধি জুনুকামোৰ স্বপ্ন-দুঃস্বপ্নৰ মেডিকেল কলেজ,নিৰঞ্জনা নৈৰ জোন,ঐয়া মোৰ ডিব্ৰু-ছৈখোৱা,ডাৰ্ক চকলেট ,গংগাক ধুৱাই গা আদি তেখেতৰ উল্লেখযোগ্য প্ৰকাশিত গ্ৰন্থ।অসম সাহিত্য সভাৰ ২০-২৩ বৰ্ষৰ বাসন্তী বৰদলৈ বঁটাৰে সন্মানিত।

ঐয়া মোৰ ডিব্ৰু-ছৈখোৱা

সম্পাদনা কৰক
  • আচলতে অন্ধবিশ্বাস, কুসংস্কাৰৰ বিপৰীতে মানুহৰ মাজত বৰ্তি থকা প্ৰেম-ভালপোৱা আৰু অকৃত্ৰিম সৰলতাইহে ভাগি যোৱা মনবোৰত আশাৰ সঞ্চাৰ কৰিব পাৰে।জীৱনক প্ৰকৃত সুখেৰে সমৃদ্ধ কৰিব পাৰে।[১]
  • মনৰ দুৰ্বলতাবোৰেই আচলতে ভূত-প্ৰেত সকলো। অনৰ্থক হিংসা,খিয়লা-খিয়ালীবোৰেই হ'ল সহজ-সৰল মানুহবোৰৰ অপদেৱতা।তাৰ বিপৰীতে তোমালোকৰ বুকুৰ গভীৰত লুকাই থকা প্ৰেম,ভালপোৱা,সাহস,শুভ চিন্তা - এইবোৰেই হ'ল সুস্থ মানুহ আৰু সুস্থ সমাজৰ পালক,ৰক্ষক আৰু দেৱতা।[২]
  • গীতা, বাইবেল আদি ধৰ্মগ্ৰন্থ নপঢ়াকৈয়ে,নুবুজাকৈয়ে গছে মানুহক ছাঁ দিয়ে।গছবোৰ আচলতে পৃথিৱীৰ সকলো ধৰ্মৰেই দীক্ষিত। পৃথিৱীৰ সকলো ধৰ্মৰে প্ৰকৃত আৰু বিশ্বস্ত শিক্ষা;সকলো ধৰ্মৰেই মূলতঃ যি বাণী মানুহৰ জীৱনলৈ বিস্তাৰিত হয়,সেই মহৎ বাণী গছৰ সেউজীয়াবোৰেই দিয়ে।[৩]
  • প্ৰকৃতি আচলতে মানুহতকৈও ধৈৰ্যশীল আৰু নিৰাপদ।কেৱল গছ-গছনিয়ে নহয়,বনৰ জীৱ-জন্তুবোৰো তেনেকুৱাই।মানুহে জন্তুবোৰৰ পৰাও অনেক শিকিবলগীয়া আছে।[৪]
  • আচলতে হাতী আৰু মানুহৰ মাজত বুজাপৰা আছে।হাতীয়ে মানুহক সহায় কৰি দি সুখী হয়।কাঠ টানোতে সিহঁতৰ শাৰীৰিক কষ্ট হয়,সেইটো সঁচা কথা, কিন্তু সেই ধৰণে কষ্ট কৰি,নিজৰ ভিতৰৰ শক্তি ব্যৱহাৰ কৰি সিহঁত সুখী হয়,শৰীৰ পাতল অনুভৱ কৰে।এই কৰ্মই সিহঁতক মানসিক শান্তি প্ৰদান কৰে।এয়াতো হাতীৰ ধৰ্ম।[৫]
  • কিন্তু অৰণ্যই সাবটি থকা মানুহবোৰক অৰণ্যই শিক্ষা দিব পাৰে,প্ৰকৃতিয়ে জ্ঞান দিব পাৰে।সেই জ্ঞানেৰে মানুহ প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিবলৈও সাহসী হৈ উঠিব পাৰে।[৬]
  • মা সদায় মা হয়।মা সদায় চিৰনমস্যা,অনন্যা আই।সেই আই ধৰিত্ৰীত বিদ্যমান।আই প্ৰকৃতিৰ দৰে সেউজ।কুলি-কেতেকীৰ মাততো দয়াশীলা আই।[৭]