নামঘোষা
মাধৱদেৱৰ দ্বাৰা ৰচিত ধৰ্মপুথি
নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম।[১] অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী।[১] নামঘোষা প্ৰায় ১৫৬৮ − ১৫৯৬ চনত ৰচনা কৰা হৈছিল।[২]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- মুক্তিত নিস্পৃহা যিতো, সেহি ভকতক নমো,
ৰসময়ী মাগোঁহোঁ ভকতি।
সমস্ত মস্তকমণি, নিজ ভকতৰ বশ্য,
ভজোঁ হেন দেৱ যদুপতি॥[৩] (পৃঃ১) - হৰি নাম ৰসে, বৈকুণ্ঠ প্ৰকাশে,
প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে, পাৰ ভাঙ্গি দিলা,
বহে ব্ৰহ্মাণ্ডক ভেদি॥[৩] (পৃঃ৩৭) - সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ,
দ্বাপৰ যুগত পূজা।
কলিত হৰিৰ, কীৰ্ত্তন বিনাই,
আৱৰ নাহিকে দুজা॥[৩] (পৃঃ৩৯) - প্ৰকৃতি পুৰুষ দুইৰো নিযন্তা মাধৱ।
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ॥[৩] (পৃঃ৪১) - গাৰো ভোট যৱনে হৰিৰ নাম লয়।
হেনয় হৰিৰ নাম সজ্জনে নিন্দয॥
হৰি নামে কৰে অন্ত্য জাতিকো মুকুত।
সজ্জনে নামক নিন্দ কিনে অদভুত॥[৩] (পৃঃ৪৫) - নৰ তনু পায়া হৰি নভজে যি নৰে।
সংসাৰৰ অনন্ত যোনিত ভ্ৰমি মৰে॥[৩] (পৃঃ৪৫) - অধমে কেৱল দোষ লৱয় মধ্যম গুণ
দোষ লৱে কৰিয়া বিচাৰ৷
উত্তমে কেৱল গুণ লৱয় উত্তমোত্তমে
অল্প গুণ কৰিয়া বিস্তাৰ॥[৪] - নজানে শাস্ত্ৰৰ নয়
যেহি আসে তাকে কয়,
ছেদিবাক নপাৰে সংশয়৷
গুৰু বোলাই তথাপিতো,
ফুৰয় লোকৰ মাজে,
মান্য সতকাৰ খুজি লয়৷[৫] - কৃষ্ হেন শব্দ ইতো, পৃথিবী বাচক ভৈল,
ণ আনন্দত প্ৰবৰ্ত্তয়।
দুই এক পদ ভৈলে, পৰমব্ৰহ্ম ৰূপ ‘কৃষ্ণ,
নাম আনন্দক মাত্ৰ কয়। (পদ সংখ্যা ১৪০) - গোবিন্দৰ প্ৰেম, অমৃতৰ নদী,
বহে বৈকুণ্ঠেৰ পৰা।
চাৰি পুৰুষাৰ্থ, তাহাৰ নিঝৰা,
হৰি নামে মূল ধৰা। ২১৮। - হৰি ভক্তি দান, দিয়া জগতক,
তাৰিলা সংসাৰ সিন্ধু।
হেনয় কৃপালু, শঙ্কৰ বিনাই,
নাহি নাহি আৰ বন্ধু॥ ২১৯ - হৰি ভকতিৰ পাতিলন্ত হাট,
শঙ্কৰে জগত জুৰি।
ৰাম নাম ৰত্ন, বেহায়া জগতে,
চলয় বৈকুণ্ঠপুৰী। ২২০। - শ্ৰীমন্ত শঙ্কৰ, হৰি ভকতৰ,
জানা যেন কল্পতৰু।
তাহান্ত বিনাই, নাই নাই নাই,
আমাৰ পৰম গুৰু। ২২১। - সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ,
দ্বাপৰ যুগত পূজা।
কলিত হৰিৰ, কীৰ্ত্তন বিনাই,
আৱৰ নাহিকে দুজা। ২৪৫। - নমো নমো নাৰায়ণ, প্ৰসন্ন হুয়োক হৰি
কৰিয়োক মায়াক নিৰ্য্যাণ।
আপুনাৰ মহিমাক, আপুনি বেকত কৰি
জীৱক কৰিয়ো পৰিত্ৰাণ॥ ৭২ - মোকে মাত্ৰ সদা দিয়া মন
মোৰ ভক্ত হোৱা সৰ্বক্ষণ
মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ৷
কহিলোঁ তোমাত তত্ত্ববাণী
পাইবা সুখে মোক মহামানী
তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ৷৷ ৬৬১ নং ঘোষা[৬]
গুৰুৰ আদেশ
সম্পাদনা কৰক- শুনিয়ো মাধৱ মোৰ থাকিবাৰ স্থান৷
দশম কীৰ্ত্তন মোৰ মূৰ্তিৰ সমান৷
ঘোষা নামে এক শাস্ত্ৰ তুমিও লিখিবা৷
ঘোষা ৰত্নাৱলী মাজে তুমিও থাকিবা৷[৭] - বঢ়াৰপো, এখনি পুথি ৰচনা কৰিবা বগৰীটোৰ দৰে- বাহিৰে কোমল, ভিতৰে টান৷[৭]
নামঘোষা সম্পৰ্কে মতামত
সম্পাদনা কৰক- নামঘোষাত প্ৰধানতঃ তিনিটা ভাৱৰ ধাৰা মিহলি হৈ বিশাল আনন্দসাগৰৰ ফালে প্ৰবহমান হৈছে,- পূণ্যশ্লোক শংকৰস্মৃতি, মাধবদেৱৰ আত্মলঘিমা আৰু কৃষ্ণভক্তি মাহাত্ম্য৷ কিন্তু হিমালয়ৰ নিভৃত শৃঙ্গৰ স্তুপীকৃত হৈ থকা অনন্ত তুহিনৰাশিয়েই গলি গৈ ভৈয়ামত নানা নদ-নদী স্বৰূপ হোৱাৰ দৰে এই তিনিও ধাৰাৰেই মূল কাৰণ হৈছে মাধবদেৱৰ ৰসময়ী ভক্তিৰ গম্ভীৰ আৱেগ৷ (ড° বাণীকান্ত কাকতি)[৮]
- নামঘোষা বিশ্বৰেই এক উল্লেখযোগ্য সাহিত্যকৃতি৷ মাধৱদেৱে জীৱনত অৰ্জিত সমস্ত জ্ঞান, দৰ্শন, আধ্যাত্মিকতা শেষ বয়সৰ এই ঐতিহাসিক সৃষ্টিত সন্নিৱিষ্ট কৰিছিল৷ মুক্তিত নিষ্পৃহ যিটো... বুলি শংকৰদেৱেই শিষ্য মাধৱদেৱক নামঘোষাৰ পাতনি মেলি দিছিল৷ আশ্চৰ্যৰ কথা, মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ অধিকাংশ উল্লেখযোগ্য সৃষ্টি বৰপেটাত বাহৰ পাতি থকাৰ সময়তে৷ (মনোজ কুমাৰ গোস্বামী)[৯]
উত্স
সম্পাদনা কৰক- ↑ Nām Ghosā - the Book of the Names Divine. প্ৰকাশক: A tribute to Sankaradeva. আহৰণ কৰা হৈছে: 2013-05-29.
- ↑ ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ মাধৱদেৱ (সন ১২৯৬ সাল)। নামঘোষা। শ্ৰীযুক্ত কালীৰাম শৰ্ম্মা বৰুৱা, পৃষ্ঠা:১,৩৭,৩৯,৪১,৪৫। আহৰণ কৰা হৈছে: 8 January 2022।
- ↑ কীৰ্ত্তন আৰু নামঘোষা, শ্ৰী শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰী শ্ৰীমাধবদেৱ বিৰচিত, প্ৰকাশক: শ্ৰী জ্যোতিন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, পৃ: নং,২৯, ১২০ নং ঘোষা
- ↑ কীৰ্ত্তন আৰু নামঘোষা, শ্ৰী শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰী শ্ৰীমাধবদেৱ বিৰচিত, প্ৰকাশক: শ্ৰী জ্যোতিন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, পৃ: নং,১৫, ৫৫ নং ঘোষা
- ↑ (১৯৫০ (প্ৰথম প্ৰকাশ) ২০০০ (২২নং প্ৰকাশ)) কীৰ্ত্তন আৰু নামঘোষা। দত্তবৰুৱা পাব্লিছিং কোম্পানী প্ৰা:লি:।
- ↑ ৭.০ ৭.১ গোস্বামী, নাৰায়ণ চন্দ্ৰ (২০১৬)। কীৰ্তন ঘোষা আৰু নামঘোষাৰ ভাৱাৰ্থ সমীক্ষা। বনলতা, পৃষ্ঠা:২২৯।
- ↑ তিনিগুণৰ বিষয়ে দুষাৰ, ভানুমতী কাকতি, নিৰ্মালি,শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ স্মৰণিকা, বৰপেটা ৰোড, ২০১৬
- ↑ নামঘোষা. আহৰণ কৰা হৈছে: 26 ফেব্ৰুৱাৰী 2024.