নাটক

সাহিত্যৰ এটি বিশেষ ধৰণ

নাটক (ইংৰাজী: Drama) সাহিত্যৰ এটি বিশেষ ভাগ। সাধাৰণতে লিখিত বা মৌখিক কাহিনী অনুসৰণ কৰি অভিনয়ৰ দ্বাৰা কাহিনী উপস্থাপন কৰাকে নাটক বোলা হয়৷ নাটকৰ সৃষ্টি হয় অভিনয় কৰাৰ কাৰণে। নাটকত স্থান, সময় আৰু পৰিৱেশৰ বৰ্ণনা থকাৰ উপৰিও সংলাপ থাকে। সংলাপৰ মাজেদিয়ে একোজন অভিনেতাই নাটকৰ বিভিন্ন বিষয় উপস্থাপন কৰে। তথাপি সংলাপেই শেষ কথা নহয়। সংলাপবিহীন অভিনয়ো নাটকৰ অংশ। অৰ্থাৎ কোনো এটা চৰিত্ৰ যদি কিছু সময়ৰ বাবে ওলায়, তেওঁৰ যদি কোনো সংলাপ নাথাকে তেন্তে সেই চৰিত্ৰটোও নাটকৰ ভিতৰুৱা অংশত পৰে।

  1. দেৱতা, ঋষি, ৰজা আৰু জনগণৰ পূৰ্বতন ক্ৰিয়া-কলাপৰ অনুগমনেই নাটক৷ (ভৰতমুনি)[]
  2. ক্ৰিয়াশীল ৰূপত ক্ৰিয়াশীল অনুকৰণেই নাটক৷ (এৰিষ্টট’ল)[]
  3. জীৱনত ঘটি থকা ঘটনাৰ ঘটনাময় ৰূপায়ণেই নাটক৷ (মহেন্দ্ৰ বৰা)[]
  4. অৱস্থাৰ অনুকৰণেই নাটক৷ (ধনঞ্জয়)[]
  5. নাটক হ’ল জীৱন সংক্ৰান্ত ধাৰণাসমূহৰ অভিব্যক্তিৰ এনে এক শিল্পকলা, য’ত সেই অভিব্যক্তি অভিনেতাসকলৰ দ্বাৰা ব্যাখ্যাত হোৱাৰ উপযোগী আৰু যি অভিব্যক্তি তাৰ শ্ৰৱণীয় বচন আৰু দৰ্শনীয় ক্ৰিয়াশীলতাৰে সমৱেত দৰ্শকমণ্ডলীৰ মনোৰঞ্জনৰ কাৰণ হ’ব পাৰে৷ (এলাৰডিছ্ নিকলে)[]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. ১.০ ১.১ ১.২ বৰা, ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:১৬১।
  2. ২.০ ২.১ বৰা, মহেন্দ্ৰ (১৯৯০)। সাহিত্য উপক্ৰমণিকা। ষ্টুডেণ্টছ্ ষ্টোৰচ্, পৃষ্ঠা:৮০-৮৪।