নমিতা বৈশ্য হৈছে অসমৰ এগৰাকী আয়ুৰ্বেদ চিকিৎসক গৱেষক, ঔপন্যাসিক, গল্পকাৰ। হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী, ছাঁ আৰু কিছু অন্যান্য গল্প, হেৰাই যোৱাৰ গল্প আদি হৈছে তেওঁৰ কিছু সাহিত্যকৰ্ম।[]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. এটা বিশেষ মুহূৰ্তত উপস্থিত নোহোৱালৈকে কত অনুভৱ যে মানুহে নজনাকৈয়ে থাকি যায়। []
  2. কোনোবা এটা সময়ত মানুহৰ আগবাঢ়িবলৈ একো নাথাকে বোধকৰোঁ। মানুহ তেতিয়া সোঁৱৰণীত জীয়াই থাকে। মানুহে পিছলৈ উভতি খোজ কাঢ়ে।[]
  3. বোধকৰোঁ পৰিয়ালবোৰ একোটা গোটা কাঁচৰ বৈয়ামৰ দৰে। এটুকুৰা কাঁচ যেতিয়া খহি পৰে, গোটেই বৈয়ামটোৱে লাহে লাহে খহি পৰে।[]
  4. কিছুমান কথা কেতিয়াও কোৱা বা সোধা সম্ভৱ নহয়।[]
  5. লেখাৰ মাজেৰে এজন লেখকক আৱিষ্কাৰ কৰা সহজ কথা নহয়।[]
  6. চৰিত্ৰ এটাক বুজি নুঠাকৈ তাৰ মাজত সোমাই যোৱা সম্ভৱ নহয়।[]
  7. সৃষ্টিশীল মানুহৰ বাবে সৃষ্টিহীনতা মৃত্যুৰ তুল্য। জীৱন সৃষ্টিহীন হোৱাতকৈ চুটি হোৱা ভাল।[]
  8. নিজৰ মাটিৰ বাবে যুঁজ - সবাতোকৈ সবল যুঁজ![]
  9. সকলো শেষ হোৱাৰ পাছতো ভালপোৱাৰ অৱশেষ থাকি যায়।[]
  1. মেধি, লভিতা. "হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী", ২২ জানুৱাৰী, ২০২৩. আহৰণ কৰা হৈছে 18 মে' 2024.
  2. ২.০ ২.১ ২.২ ২.৩ বৈশ্য, নমিতা (ফেব্ৰুৱাৰী ২০২৪). "উপগ্ৰহ". গৰিয়সী একত্ৰিংশ বছৰ, চতুৰ্থ সংখ্যা: ৬৩-৭০. 
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ বৈশ্য, নমিতা (ফেব্ৰুৱাৰী ২০২৪). "হিটলাৰৰ ২৪ ঘণ্টা". সাতসৰী ঊনবিংশ বছৰ, সপ্তম সংখ্যা: ৪৯-৫৮.