ধ্ৰুৱজ্যোতি বৰা হৈছে অসমৰ এগৰাকী লেখক, ঔপন্যাসিক, সম্পাদক। তেওঁ কথা ৰত্নাকৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক

কথা ৰত্নাকৰ

সম্পাদনা কৰক
  1. যিমানেই ঘনকৈ বোৱা নহওক, বাঁহৰ পাচিৰে জাগৰ ধোঁৱা ঢাকিব নোৱাৰি। বিৰিঙি, বিৰিঙি সেই ধোঁৱা ওলাই আহিবই । []
  2. ধূসৰ সপোনৰ চকাচন্দা স্মৃতিয়ে তাৰ মনত বিৰক্তিৰহে উদ্ৰেক কৰে। []
  3. কিমান সৰু সৰু কথাতে মানুহে কাজিয়াবোৰ কৰে - আৰু কেতিয়াবা সৰু কথা একোটাই ইমান ডাঙৰ হৈ পৰেগৈ, মূল কথা ক'ৰবাতে থাকেগৈ, বাটতে পোৱা ইটো-সিটো কথা লগ হৈ হৈ কাজিয়া কোনোবাখিনি পায়গৈ। []
  4. আকাশজুৰি সন্ধিয়া কলৰৱ কৰি জাকে জাকে চৰাই বাহলৈ উভতিছিল, সন্ধ্যাৰ আকাশখনত সিহঁতৰ কিচিৰ-মিচিৰ শব্দই চাৰিওফালৰ নিৰ্জনতাক আৰু গভীৰ কৰি তুলিছিল।[]
  5. সমৰ্থ মানুহে, যি কামত হাত দিয়ে সিয়েই ভাল হয়।[]
  6. ঘটনাবোৰৰ ওপৰত সঁচাকৈ মানুহৰ নিয়ন্ত্ৰণ থাকেনে? মানুহে ইচ্ছা কৰা মতেতো কোনো ঘটনা নঘটে। ঘটনা ঘটে নিজৰ ধৰণে। নিজৰ নিয়ম অনুসৰি।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ বৰা, ধ্ৰুৱজ্যোতি (২০১৫)। কথা ৰত্নাকৰ। এম আৰ পাব্লিকেচন। ISBN: 978-81-929848-9-6