দেৱবালা (গ্ৰন্থ)
দেৱবালা,মণিকুন্তলা ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এখনি উপন্যাস।উক্ত গ্ৰন্থখনিত মুঠ তিৰাল্লিশটা অধ্যায় আছে।২০০৯ চনৰ মাৰ্চ মাহত ষ্টুডেন্টচ ষ্ট'ৰচে প্ৰথমবাৰৰ বাবে দেৱবালা শীৰ্ষক গ্ৰন্থখনি প্ৰকাশ কৰিছিল।[১]
উদ্ধৃতি
সম্পাদনা কৰক- কোনো ক্ষেত্ৰতে আৱেগত ঢলি পৰাটো জ্ঞানীজনৰ কাম নহয়।[২]
- বিবাহ এখন যুদ্ধৰ দৰেই যাক আৰম্ভ কৰাটো যিমান সহজ, চলাই নিয়াটোও সিমানেই কঠিন।[৩]
- মানুহ হ'ব লাগে গছৰ দৰে। বতাহে চুই যাব খোজে, পাত উৰুৱাব খোজে, অথচ তাৰ পৰা সৃষ্টি হয় প্ৰাণ জুৰোৱা বতাহৰহে।[৪]
- জীৱ ব্ৰহ্ম।জীৱ যদি এগছি চাকি, পৰমব্ৰহ্ম একুৰা পোহৰ। সেই পোহৰত বিলীন হৈ যাবলৈকে চাকিৰ শিখাই ওৰে জীৱন প্ৰাৰ্থনা কৰে।কিন্তু সেইটো ইমান সহজ নহয়, এটা ঘৰ পোহৰোৱাৰ পাছত অন্য এটা ঘৰ পোহৰোৱা চাকিৰ যেন ধৰ্মই হৈ পৰে। সেইদৰে মানুহৰ শৰীৰৰ ভিতৰতে জীৱ চাকিৰ পোহৰ হৈ থাকে। মানুহে যিমানে ভাল কৰ্ম কৰে, সিমানে পুণ্য অৰ্জন কৰিব।যিমানে পুণ্য অৰ্জন কৰিব, সিমানে পৰম ব্ৰহ্মৰ ওচৰলৈ গৈ থাকিব। এইদৰে যাবলৈকে জীৱক কেইবাটাও ঘৰ লাগে। এটা জনমত পুণ্য অৰ্জন বেছি হ'লে ,পাছৰ জনমত আৰু বেছি পুণ্য অৰ্জন কৰিলে সোনকালে সেই শৰীৰো তিয়াগি অন্য এক জনম ল'বগৈ পাৰে। অৰ্থাৎ যি কম আয়ুসত জীয়াই থাকে, সেই জীৱৰ পুণ্যৰ হিচাপ বেছি। ওপৰলৈ গৈ থাকে।মুক্তিৰ ফালে গৈ থাকে।ঋষি -তপস্বী এই বাৰম্বাৰ জনম লোৱাত ইচ্ছুক নহয়।সেয়েহে যোগ - তপৰ দ্বাৰা, কল্যাণকামী চিন্তাৰ দ্বাৰা পুন্যাত্মা হ'ব খোজে। তথাপি তেওঁলোক পুনজন্মৰ পৰা মুক্ত নহয়। ঠিক যেন সেই পৰম ব্ৰহ্মত মিলি যাবলৈকে তেওঁলোকক আৰু কিছু সময়ৰ প্ৰয়োজন হয়।তেতিয়াই জনম ধৰে নিচেই কম সময়ৰ বাবে, এঘণ্টা-দুঘণ্টা , এদিন-দুদিন। যি শিশু ওপজাৰ পাছত বেছিসময় নেথাকে, নিশ্চিত হ'বা সেয়া কোনো পুন্যাত্মাৰ জীৱ।[৫]
- পৃথিৱীত যিবোৰ হ'বলৈ আছে, সেইবোৰ হ'বই। আৰু যি হ'ব ভালৰ বাবেই হ'ব, যি হৈছিল সেয়া ভাল। তোমাৰ কি হেৰাইছে যে তুমি কান্দিছা? তুমিনো লগত কি লৈ আহিছিলা যে হেৰাই গ'ল বুলি কান্দিছা? তুমি যি পাইছা ইয়াতে পাইছা, ইয়াত পোৱাখিনিকে ইয়াতে এৰিছা।[৬]
- সন্তান কি, মাতৃৰ বাহিৰে কোনে বুজে? কৰেনে কোনোবাই তেনে উপলব্ধি?[৭]
- জীৱন আৰু মৃত্যুৰ মাজত ওলমি থকাজনক ওলমিবলৈ এৰিব পাৰিনে?[৮]
- মানুহ মাত্ৰেই ভাল বৰমাই।সকলো মানুহেই ভাল।তুমি কেৱল তেওঁৰ পৰা তেওঁৰ গুণখিনি খুঁচৰি উলিয়াই, সেইখিনি বহল কৰাই দিয়া, চাবা কিমান ভাল মানুহ হৈ উঠিছে তেওঁ।কিমান কাম কৰিছে তোমাৰ-মোৰ বাবে, দেশ -সমাজৰ বাবে।[৯]
- মানুহক জীৱনে অনেক শিকায়।অভিজ্ঞতাইহে নিৰ্ধাৰণ কৰে মানুহৰ বয়স।[১০]
- জীৱনটোৰ আয়ুস কাটি কাটি নি থকা জন্মদিন পালন কৰাৰ যুক্তি বিচাৰি পোৱা নাযায়।[১১]
- মানুহৰ বিষাদ কেৱল প্ৰিয় মানুহবোৰৰ মৃত্যুতে নহয়, প্ৰিয়জনৰ নিস্পৃহতাতো।[১২]
- সময়বোৰ কেনেকৈ গৈ থাকে, ভাবি আচৰিত লাগে।সময় যেন নদী, দিন-ৰাতিৰ ছেদ ভেদ নোহোৱাকৈ বৈ থাকে অহৰহ... বৈ থাকে সময়ৰ নদী.. গৈ থাকে সময়...মানুহো গৈ থাকে সময়ৰ সোঁতত উটি.. শ্ৰাদ্ধৰ পাছতে পাতে জন্মদিন।[১৩]
- মানুহ-সম্পদ সকলো থকাৰ পাছতো যে মূৰ থৈ বিশ্ৰাম কৰাৰ এখনি পৃথিৱী নাই![১৪]
- জীৱন বোৰক কাৰো মৃত্যুৱে ধৰি স্তব্ধ কৰাব নোৱাৰে, প্ৰত্যেকৰে একোটাকৈ সুকীয়া কক্ষপথ আছে, এটা নক্ষত্ৰৰ মৃত্যুত বাকীবোৰ গ্ৰহই যদি বন্ধ কৰে সিঁহতৰ পৰিক্ৰমা, কি হ'ব এই বিশাল সৌৰজগতৰ?[১৫]
- হয়, এয়া আজিৰ দেৱবালা।যাৰ কাষত নাই যাদৱ প্ৰসাদ। যি যাদৱ প্ৰসাদে বিয়াৰ পাছতে চৰণৰ পৰা উঠাই বুকুত তুলি লৈছিল তেওঁক।নাৰী হিচাপে নহয়, মানুহ হিচাপে চাইছিল শেষ সময়লৈকে।[১৬]
- কৰ্মযোগৰ ভিতৰত কি থাকে? জীৱনটো কেৱল সৰু-ডাঙৰ অনেক কৰ্মৰ সমষ্টি।কৰ্ম কৰি যোৱা, ফলাফল আশা নকৰিবা। কৰ্মৰ পৰা উদ্ভূত আনন্দৰ সোৱাদ ল'বলৈ শিকা......অহ এই কথা দেৱবালাৰ নিজৰ।কৰ্মৰ পৰা যি সফলতা পোৱা যায়, সি মানুহৰ উদ্যম বৃদ্ধি কৰে, উজ্জীৱিত কৰি তোলে শৰীৰ-মনৰ সমস্ত কোষ।কেতিয়াবা বিফলতাও আহে।ইয়াকো ল'ব লাগে প্ৰত্যাহ্বান হিচাপে।কিয় বিফল হ'ল এই কাৰ্য? ক'ত আছে তাৰ খুঁত, বিচাৰি উলিওৱা, সমাধা কৰিবলৈ চোৱা..।[১৭]
- পৰিবৰ্তনশীলতাক সহজভাৱে গ্ৰহণ কৰিব পাৰিলেই জীৱন সাৱলীল গতিৰে গৈ থাকে বোঁৱতী নদীৰ মোহনালৈ..।[১৮]
- শৰীৰ পুৰি ছাই কৰি পেলালেও এই পৃথিৱীত প্ৰেমিক অমৰ। প্ৰেমিকৰ মৃত্যু নঘটে কাহানিও।[১৯]
- কিন্তু শৰীৰৰ অংগ হেৰুৱায়ো জীয়াই থাকে মানুহ।আৰু জীয়াই থাকে মানুহৰ কিছুমান কৰে।[২০]
উৎস
সম্পাদনা কৰক- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-১৪
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-১৫
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-১৬
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-১২২
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-১২৩
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-১৭১
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-১৭৫
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-১৮১
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-২১৫
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-২২২
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-২৪০
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-২৪৭
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-২৫০
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-২৬২
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-২৬২
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-২৬৮
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-২৮৫
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-২৮৭
- ↑ ভট্টাচাৰ্য, মণিকুন্তলা(মাৰ্চ,২০০৯)।দেৱবালা।ষ্টুডেন্টচ ষ্ট'ৰচ,পৃষ্ঠা-২৯৮