দীপ্তি ফুকন পাটগিৰি

অসমীয়া ভাষাবিদ, সাহিত্যিক, অধ্যাপক

দীপ্তি ফুকন পাটগিৰি অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী অধ্যাপিকা। ভাষাবিদ হিচাপে সু-প্ৰতিস্থিত তেখেত সাহিত্যিক, সম্পাদক আৰু অনুবাদক।

ভাষাতত্ত্ব

সম্পাদনা কৰক
  • আবেগৰ তাড়নাত কান্দোন,হাঁহিৰ প্ৰকাৰ বেলেগ বেলেগ হ'ব পাৰে। কিবা এক ভয়ৰ শিহৰণত মানুহে যিদৰে কান্দিব, মৰ্মস্পৰ্শী বেদনাৰ তাড়নাত হয়তো কান্দোনৰ সুৰ বেলেগ হ'ব পাৰে। আনন্দত উৎফুল্লিত হ'লে যিদৰে মানুহে হাঁহিব, সাধাৰণ অৱস্থাত একেধৰণে নাহাঁহিবও পাৰে। প্ৰকৃতাৰ্থত বিভিন্ন সময়ত মানুহ ভাৱনাৰ অনুৰূপে বিচিত্ৰ হৰ্ষ-বিষাদৰ প্ৰকাশকে ভাষাৰ সৃষ্টিত ইন্ধন যোগাব পাৰে।[১]
  • ভাষা অধ্যয়নৰ মূলতে আছে ভাষাজ্ঞানৰ অদম্য স্পৃহা আৰু ভাষাৰ দিশত দেখা দিয়া বিভিন্ন সমস্যা দূৰীকৰণৰ প্ৰচেষ্টা।[১]
  • সমাজেই হ'ল ভাষাৰ আধাৰ পাত্ৰস্বৰূপ।[২]
  • গতিশীলতা ভাষাৰ ধৰ্ম ,স্থিতিশীলতা ইয়াৰ বৈশিষ্ট্য নহয় ; তদুপৰি ভাষা হ'ল চিৰন্তন আৰু অনন্ত।[২]
  • মনৰ জগতখনক বাদ দি ভাষা অৰ্থহীন বস্তু।[৩]

বাহ্যিক সংযোগ

সম্পাদনা কৰক