দীপিকা বৰগোহাঁই

অসমৰ ব্যক্তি

দীপিকা বৰগোহাঁই (ইংৰাজী: Dipika Borgohain; জন্ম: ১৯৩২) এগৰাকী প্ৰবন্ধকাৰ, সমালোচক, অধ্যাপক। তেওঁ ‘দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়’ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভ কৰি ১৯৬২ চনত উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ত দৰ্শন বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। তেওঁৰ লেখাত যুক্তিনিষ্ঠ বিশ্লেষণ আৰু ধৰ্মনিৰপেক্ষতা অন্যতম বৈশিষ্ট্য।[১]

বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস

  1. ল’ব জানিলে জীৱন এখন কিংখাপ, য’ত সম্পৰ্ক, দৃষ্টিভংগী আৰু অভিজ্ঞতাই বুটা বাছি বাছি ইয়াৰ গভীৰ, মনোৰহ ৰূপটো প্ৰকট কৰে৷[২]
  2. সামাজিক জীৱনত স্বীকৃতিপ্ৰাপ্ত সম্পৰ্কবোৰৰ ভিতৰত বন্ধুত্বৰ সম্পৰ্কতো তুলনাহীন৷ এই সম্পৰ্কত কোনো চৰ্ত নাথাকে৷ দেনা-পাওনাৰ হিচাপ নাথাকে, কিবা হৰুওৱাৰ ভয়ো নাথাকে৷[৩]
  3. ব্যক্তিয়ে যদি কি বিচাৰে নিজেই বুজি নাপায়, সেই ব্যক্তিৰ চৰিত্ৰও ৰহস্যঘন হৈ ৰ’ব৷ [৪]
  4. মানুহ প্ৰবৃত্তিগতভাৱে মানুহৰ সংগকাঙাল, কোনো মুহূৰ্ততে অকলে থাকিব নোৱাৰে৷ বন্ধু হৈ প্ৰীতিৰ ভোজভাত খাব নোৱাৰিলেও শত্ৰু হৈ মাৰ দিব, নিজে মাৰ খাব, তথাপি অকলশৰীয়া হোৱাটো নিবিচাৰে৷ [৫]
  5. ভাৰতীয় নাৰীৰ চিন্তা আৰু জীৱনচৰ্যালৈ আজি যি পৰিৱৰ্তনৰ ধাৰা আহিছে সি নিঃসন্দেহে ইমানদিনে অৱহেলিত হৈ অহা তেওঁলোকৰ ব্যক্তিসত্তাৰ বিকাশ, লগতে ইয়াৰ লগত ওতঃপ্ৰোতভাবে জড়িত সমাজৰ অগ্ৰগতিৰ কাৰণেও কল্যাণকাৰক। [৬]
  6. নৈতিকতা হ'ল ইচ্ছাকৃত আচৰণৰ উচিত-অনুচিত বিচাৰ। যিকোনো বিচাৰৰ বাবে এডাল মাপকাঠীৰ দৰকাৰ। ইচ্ছাকৃত আচৰণৰ উচিত-অনুচিত বিচাৰৰ ক্ষেত্ৰতো 'কল্যাণ'ক বিচাৰৰ মাপকাঠী ৰূপে গ্ৰহণ কৰা হৈছে। যি আচৰণ কৰিলে আনৰ অনিষ্ট সাধন নকৰাকৈ কৰোেতাজনৰ মঙ্গল বা কল্যাণ সাধন হয় সেয়াই উচিত আচৰণ, আৰু যি আচৰণে ইয়াৰ বিপৰীত ফল আনে সেয়াই অনুচিত বুলি বিবেচনা কৰা হৈছে।[৭]

লগতে চাওকো

সম্পাদনা কৰক
  1. ৰিন্তু শইকীয়া (২০১৭)। “দিপীকা বৰগোহাঁইৰ চিন্তামূলক প্ৰবন্ধ”, ৰিন্তু শইকীয়া। লখিমপুৰ। লখিমপুৰ গ্ৰন্থ উৎসৱ সমিতি, পৃষ্ঠা:৯৫।
  2. হিশ্বাস অবিশ্বাস অন্ধবিশ্বাস, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৪, পৃষ্ঠা. ৯.
  3. হিশ্বাস অবিশ্বাস অন্ধবিশ্বাস, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৪, পৃষ্ঠা. ৪০.
  4. হিশ্বাস অবিশ্বাস অন্ধবিশ্বাস, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৪, পৃষ্ঠা. ৫২.
  5. হিশ্বাস অবিশ্বাস অন্ধবিশ্বাস, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৪, পৃষ্ঠা. ৫৩.
  6. হিশ্বাস অবিশ্বাস অন্ধবিশ্বাস, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৪, পৃষ্ঠা. ৫৯.
  7. হিশ্বাস অবিশ্বাস অন্ধবিশ্বাস, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৪, পৃষ্ঠা. ৭৯.