দীপাংকৰ গগৈ (ইংৰাজী: Dipankar Gogoi) নাহৰকটীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক হিচাবে কৰ্মৰত। তেখেতৰ জন্ম হয় অসমৰ ডিব্ৰুগড়, জিলাৰ টিংখঙত৷ ২০০৮ চনত 'A study on the Dihing Satra in Historical Perspective' শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা গগৈদেৱৰ ভালেমান মননশীল আৰু গৱেষণাধৰ্মী প্ৰৱন্ধ বিভিন্ন কাকত- আলোচনী আৰু গৱেষণা পত্ৰিকাত প্ৰকাশ পাইছে। অসমৰ প্ৰেক্ষাপটত পাহাৰ- ভৈয়ামৰ সম্বন্ধ তেখেতৰ দ্বাৰা সম্পাদিত গ্ৰন্থ। তেখেতৰ আন এখন গ্ৰন্থ হৈছে- ঊনবিংশ শতিকাৰ অসমীয়া নাৰী[]

ঊনবিংশ শতিকাৰ অসমীয়া নাৰী

সম্পাদনা কৰক
  1. ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধ অসমৰ বাবে আছিল অন্যতম দুৰ্যোগপূৰ্ণ সময়। আহোম ৰাজতন্ত্ৰ আৰু মোৱামৰীয়াৰ দীৰ্ঘদিনীয়া কন্দলৰ পিছত সংঘটিত মানৰ ধাৰাবাহিক আক্ৰমণে অসমৰ জাতীয় জীৱনৰ ভেটি থানবান কৰাৰ লগতে ব্ৰিটিছ শাসনৰ পথো প্ৰশস্ত কৰিলে। ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক জীৱনত আকৌ প্ৰবল জোকাৰণি আৰম্ভ হয়।[]
  2. বেপ্তিষ্ট মিছনেৰীসকলৰ অসম আগমন অসমীয়া ভাষা-সাহিত্যৰ দিশৰ পৰাই নহয়, সামাজিক দৃষ্টিকোণৰ পৰাও উল্লেখযোগ্য আছিল। ঊনবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা অসমৰ চুবুৰীয়া বংগত পশ্চিমীয়া আদৰ্শপুষ্ট নব্য চিন্তাধাৰাই বিশেষভাৱে গা কৰি উঠিছিল। এইক্ষেত্ৰত বিভিন্ন সমাজ সংস্কাৰক আৰু সংস্কাৰসেৱী অনুষ্ঠানে বলিষ্ঠ ভূমিকা লৈছিল। কিন্তু সমকালীন অসমত নব্য ধাৰা আৰু সংস্কাৰবাদী চিন্তা- চেতনাৰ প্ৰভাৱ অতি ক্ষীণ আছিল।[]
  3. ঊনবিংশ শতিকাৰ অসমীয়া নাৰী অনেক সামাজিক অবিচাৰ আৰু পৰম্পৰাগত ৰীতি-নীতিৰ বলি হ'ব লগা হৈছিল। এই সময়ছোৱাত নাৰী সমাজৰ পৰিৱৰ্তনৰ গতি আছিল অতি মন্থৰ। নাৰী সমাজৰ সমস্যাসমূহ নিৰ্মূলকৰণৰ বাবে বংগৰ দৰে বলিষ্ঠ সংস্কাৰবাদী আন্দোলন অসমত সূত্ৰপাত হোৱা নাছিল। তথাপি ঊনবিংশ শতিকাৰ মাজ ভাগৰ পৰা আধুনিক ভাবাদৰ্শই অসমীয়া নাৰীকো অতি খীণকৈ হ'লেও স্পৰ্শ কৰিবলৈ আৰম্ভ কৰে।[]
  4. অসমত বিধৱা বিবাহ প্ৰচলনৰ সংক্ৰান্তত প্ৰথম পোনপটীয়া উল্লেখ গুণাভিৰাম বৰুৱাৰ লেখাত পোৱা যায়। কেৱল নাৰী শিক্ষাৰ ওপৰতেই নহয়, তেখেতে অসমীয়া নাৰীৰ মাজত প্ৰচলিত কু-প্ৰথা নিৰ্মূলকৰণতো গুৰুত্ব দিছিল। ছাত্ৰ হৈ থাকোঁতেই প্ৰচলিত কুসংস্কাৰ আৰু দেশাচাৰ কিছুমানৰ বিপক্ষে হাতত কলম তুলি লৈছিল। বিধৱা বিবাহৰ ক্ষেত্ৰত থকা সামাজিক বাধা-নিষেধক সমালোচনা কৰি 'অৰুনোদই'ৰ বিভিন্ন সংখ্যাত নানা যুক্তি দাঙি ধৰিছিল। বিধৱাই সৃষ্টি কৰা সমস্যা আৰু বিধৱাৰ অন্তৰৰ দুখ-বেদনাৰ গভীৰতম অনুভূতিবোৰ তেওঁ অতি সাৱলীল আৰু যুক্তিনিষ্ঠভাৱে বিচাৰিছিল।[]
  5. 'অৰুনোদই'ৰ কেইবাটাও লেখাত নাৰী-পুৰুষ তথা স্বামী-স্ত্ৰীৰ সম্পৰ্কত নব্য দৃষ্টিভংগীৰ আভাস পোৱা যায়। নাৰী-পুৰুষৰ মাজৰ মানসিক আৰু সামাজিক ব্যৱধান হ্ৰাস আৰু স্বামী-স্ত্ৰীৰ সু-সম্পৰ্ক স্থাপনৰ বাবে কাকতখনে উপায়ো আগবঢ়াইছিল। লগতে 'অৰুনোদই'য়ে নাৰীৰ প্ৰতি থকা পৰম্পৰাগত দৃষ্টিভংগীকো সমালোচনা কৰিছিল। এই সম্পৰ্কীয় বেছিখিনি লেখাই দেশীয় লোকৰ।[]

তথ্যসূত্ৰ

সম্পাদনা কৰক