দণ্ডিনাথ কলিতা অসমৰ এজন কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যঙ্গ সাহিত্যিক। পঁচিশখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে তেখেতে এলানি পাঠ্যপুথিও ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। 'সাধনা' উপন্যাসৰ বাবে তেখেতে ১৯২৮ চনত অসম সাহিত্য সভাৰ উপন্যাস প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক

কৰ্মবীৰ চন্দ্ৰনাথ

সম্পাদনা কৰক

১৯৪৬, তেজপুৰ (পুনঃমুুদ্ৰণ- অসম প্ৰকাশণ পৰিষদ)

  • দ্বিতীয় শ্ৰেণীত পঢ়োতেই তেওঁলোক দুজন আৰু শ্ৰীযুত হেমচন্দ্ৰ বৰুৱাই (এতিয়া এম, বি,-কেপ্তেইন) আলচ কৰি এখন পষেকীয়া কাকত উলিয়াবলৈ স্থিৰ কৰে। এই কাকতৰ নাম দিয়া হৈছিল ‘চেতনা'। দণ্ডিনাথে কবিতা আৰু আন প্ৰবন্ধ লিখাৰ উপৰিও এখন উপন্যাস ধাৰাবাহিকৰূপে তাত লিখিবলৈ গাত লয়। বৰুৱাই প্ৰতি সংখ্যাতে একোটি ঐতিহাসিক প্ৰবন্ধ লিখিবলৈ প্ৰতিশ্ৰুত হয় আৰু তেনেকৈ প্ৰবন্ধ পালে চন্দ্ৰনাথ তাৰ সম্পাদক হবলৈ সম্মত হয়।
    • পৃষ্ঠা ১১
  • চন্দ্ৰনাথৰ সাহিত্য গুৰু আছিল লম্বোদৰ বৰা। বৰা ডাঙৰীয়াৰ আনন্দৰামৰ পাতনিখন তেওঁৰ প্ৰায় মুখস্থ আছিল, আৰু তেওঁ সততে সেই আদৰ্শত ৰচনা কৰিবলৈ চেষ্টা কৰিছিল। ইংৰাজী স্কুলৰ প্ৰথম শ্ৰেণীত পঢ়োতে তেওঁ বৰা ডাঙৰীয়াৰ 'অসমীয়া ভাষাৰ আখৰ জোঁটনি’ নামক প্ৰবন্ধবিলাক পুৰণি ‘জোনাকী’ৰ পৰা লৈ কিতাপৰ আকাৰেৰে উলিয়াবলৈ যুগুত কৰিছিল, কিন্তু অৰ্থাভাবত সেই কাৰ্য হৈ নুঠিল।
    • পৃষ্ঠা ১৪
  • এই বিবাহত এটা প্ৰধান বিশেষত্ব এই আছিল যে বৰ যাত্ৰীৰ দল সম্পূৰ্ণৰূপে কলেজ-ছাত্ৰ আৰু আন মতা মানুহেৰে পুষ্ট হৈছিল। তেওঁলোকৰ নামৰ সুৰত কন্যাঘৰীয়া নামতীসকল স্তম্ভিত হৈছিল। চন্দ্ৰনাথৰ বিবাহ-উপলক্ষে যিবোৰ উপহাৰ আহিছিল, তাৰ ভিতৰত দুজন সাহিত্যিক বন্ধুৰ পৰা অহা দুটি কবিতা উল্লেখযোগ্য। কবিতা দুটা কটন কলেজৰ ‘সেউতী’ত প্ৰকাশ কৰা হৈছিল।
    • পৃষ্ঠা ২৪
  • সেই সময়ত এফালে ‘উষা’, ‘বন্তি’ আৰু আন ফালে ‘বাঁহী’ৰ বিবাদ হয়। তাতে আকৌ বেজবৰুৱা ডাঙৰীয়াই ছাত্ৰলিখকৰ কবিতাৰ উদ্ভণ্ডালি সহিব নোৱাৰি কবি-পোৱালিবিলাকক বিদ্ৰূপ কৰি কবিতা লিখি বাঁহীত ছপাইছিল আৰু কবিতাৰ কাঠ-সংস্কাৰ কৰি এদল ছাত্ৰ-লিখকৰ তপত তেজ উতলাই দিছিল। ‘উষা’ সম্পাদকে কিন্তু তাৰ বিপৰীতে বাট ধৰিছিল, তেওঁ নিজে ছাত্ৰ- লিখকক সাহিত্য-ক্ষেত্ৰলৈ আহ্বান কৰি, উৎসাহ দিবলৈকো এৰা নাছিল।
    • পৃষ্ঠা ২৫
  • শিক্ষক হৈ চন্দ্ৰনাথে দেখিলে উপযুক্ত কিতাপৰ অভাৱত অসমীয়া ল’ৰাই ইংৰাজী অনুবাদ শিকাত বৰকৈ টান পায়। বঙলা কিতাপে এই অভাৱ কেতিয়াও গুচাব নোৱাৰে। সেই কাৰণে ছাত্ৰসকলৰ সুবিধাৰ নিমিত্তে তেওঁ অৱসৰ মতে এখন অসমীয়া-ইংৰাজী অনুবাদৰ পুথি লিখে। এইখনেই তেওঁৰ “মেট্ৰিকুলেশ্যন কম্প’শ্যজিন আৰু ট্ৰেন্স্‌লেশন।”
    • পৃষ্ঠা ৩৩
  • ১৮৪৪ শকৰ ৪ শাওণ ( খ্ৰীষ্টাব্দ ১৯২২, ২০ জুলাই) বুধবাৰৰ দিনা বন্ধু-বান্ধব, পত্নী-পৰিজন পৰিবৃত হৈ, প্ৰত্যেক দেশবাসীক কন্দুৱাই পৰিবাৰক অনাথ কৰি, অসমীয়াৰ আশাৰ মূৰত বাগি কুঠাৰ মাৰি চন্দ্ৰনাথে চিৰকাললৈ চকু মুদিলে, কৰ্মবীৰৰ কৰ্মস্ৰোত বন্ধ হ’ল। এৰি গ'ল এটা তপ্ত নিশ্বাস, এটা অসম্পূৰ্ণ জাতীয় যজ্ঞ, এটা বিৰাট ব্যাকুলতা,এটা স্বদেশ প্ৰাণতাৰ অগ্নি-স্ফুলিঙ্গ। চন্দ্ৰনাথৰ এই মহাভাৰ গ্ৰহণ কৰি মাতৃ-পূজা সম্পূৰ্ণ কৰোঁতা কোনো নোলালে এই মৃতকৰ শান্তি ক'ত?
    • পৃষ্ঠা ৬০

গণ-বিপ্লৱ

সম্পাদনা কৰক

হিৰণ্যৰঞ্জন গ্ৰন্থকুটী, ১৯৪৮, তেজপুৰ

  • বাপুসকলে তেওঁলোকৰ স্বাৰ্থসিদ্ধিৰ নানা উপায় উদ্ভাবন কৰি যাবলৈ ধৰিলে আৰু সেই মতেই ৰজাঘৰীয়া অনুগ্ৰহো ক্ৰমশঃ বাঢ়ি গ'ল। কিন্তু তেওঁলোকৰ এই চেষ্টাত বাধা জন্মালে মহাপুৰুষ শঙ্কৰদেৱৰ আবিৰ্ভাবে। মহাপুৰুষে পূজা-পাটল বাদ দি অকল হৰিনামকে মাথোন সাৰোগত কৰি ঈশ্বৰ উপাসনাৰ পদ্ধতি উলিওৱাত তাৰু ব্ৰাহ্মণ-শূদ্ৰ-নিৰ্ব্বিশেষে সকলো এক শৰণ ধৰ্ম্মলৈ ঢাল লোৱাত ওপৰত কোৱা বাপুসকলৰ চকুত টোপনি নোহোৱা হ'ল।
    • পৃষ্ঠা ৪
  • যেতিয়া লৰা ৰজাৰ ভয়ত ভেশ ছন কৰি গদাধৰ সিংহ পলাই ফুৰিছিল, তেতিয়া ৰাজদ্ৰোহী বুলি কোনো গোসাঁই-মহন্তই তেওঁক আশ্ৰয় নিদিছিল, বৰং পালে ধৰি দিবলৈহে শিচ-ভকতসকলক আদেশ দিছিল। একমাত্ৰ জখলাবন্ধাৰ গোসায়ে তেনে কৰা নাছিল। সেইবাবে গোসাঁই-মহন্ত সকলৰ ওপৰত গদাধৰৰ পেটে পেটে খং আছিল আৰু সুবিধা পালে তাৰ পোটক তুলিবলৈ মনতে পাঙি থৈছিল।
    • পৃষ্ঠা ৫
  • মায়ামৰীয়া মহন্ত আৰু তেওঁৰ শিষ্যসকল উগ্ৰ বৈষ্ণৱ। তেওঁলোকৰ হনুমন্তী কাষ্ঠা। তেওঁলোকে বিষ্ণু-ভিন্ন আন কাৰো ওচৰত মূৰ নোদোঁৱায়। আন কি, মূৰ চপৰাব লাগে বুলি ঘৰৰ পানীপোতাই দুৱাৰ নাৰাখি মূধেহে ৰাখে।
    • পৃষ্ঠা ২৬
  • বেজবৰাৰ সৈন্যদলত আতঙ্ক উপস্থিত হ’ল। চুটীয়া কাঁড়ীয়ে কাঁড়ীবিলাকক কাঁড় মাৰিবলৈ আদেশ দিলে। কিন্তু সেই একে কথা; কাঁড় মাৰোঁতেই ধনুৰ গুণ ছিগি যাবলৈ ধৰিলে। সিফালে পুৰুষ নাৰী সকলো মায়ামৰীয়া সৈন্য মহাৰঙ্গে গীত গাই আগুৱাই আহিল। উপায় নেদেখি আৰু ৰুক্মিণীক ৰণচণ্ডী বুলি ভাবি ভয়তে ৰাজকীয় সৈন্য পলাবলৈ ধৰিলে।
    • পৃ ৮৪

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w: