দখাৰ (গ্ৰন্থ)
অসমীয়া গল্প গ্ৰন্থ
দখাৰ বিপুল খাটনিয়াৰে লিখা এখন গল্প পুথি৷ পুথিখন ১৯৯৯ চনত প্ৰকাশিত হয়৷ তেখেতৰ গল্পত সৰ্বসাধাৰণৰ সুখ-দুখৰ প্ৰতিবিম্ব ফুটি উঠে বুলি কোৱা হয়৷ [১]
উদ্ধৃতি
সম্পাদনা কৰক- আজি কালি প্ৰায়বোৰ ডাঙৰ চহৰ বা মহানগৰৰ হষ্টেল সমূহ ৰাষ্ট্ৰীয় পথৰ দাতিত ধাবা সদৃশ৷ সিহঁতৰ বৃহৎ চহৰখনৰ বুকুত গঢি় উঠা ব্যক্তিগত মালিকানাৰ প্ৰায় কেউখন ছোৱালী হষ্টেলতো একোখন একোখন অনুমতি পত্ৰহীন মীনা-বজাৰ সদৃশ৷ অহা আহিছে, যোৱা গৈছে, অনিয়মেই যেন এইবোৰৰ একমাত্ৰ নিয়ম৷ চৌদিশে বিৰাজ কৰা এনে পৰিবেশৰ মাজতো চিগাৰেটৰ গন্ধ পালেই নাকত ৰুমাল লোৱা লৰা একোটাহঁত কেনেকৈ যে ৰৈ যায়৷"[২]
- "'বাংলাদেশী' বনুৱাৰে আন যি নহওক ফেক্টৰী কিন্তু নচলে৷অসমত বিশেষ অৰ্হতা থকা বনুৱা ক'ত? নিপুন সস্তীয়া কষ্ট সহিষ্ণু বনুৱাৰ সন্ধানত দাক্ষিণাত্যৰ খনি অঞ্চল বা অন্ধ্ৰ প্ৰদেশৰ আদিবাসী অধ্যুষিত অঞ্চলতে হয়তো প্ৰৱেশ কৰিবগৈ লাগিব৷"[২]
- "সস্তীয়া বনুৱাৰ বাবেইতো আমেৰিকাৰ প্ৰায়বোৰ গধুৰ উদ্যোগ মেক্সিকোলৈ উঠাই নিব লগা হৈছে৷ ভাৰতীয় উপমহাদেশৰ বনুৱাৰ বাবে খুলি দিব লগা হৈছে তেল উৎপাদনকাৰী আৰব দেশ সমূহৰ সকলো দুৱাৰ৷[২]
- "চাকৰি মানেই চাকৰ। লাগিলে ডাঙৰ বিষয়াই হওক বা ৰাস্তাৰ বন চিকনুৱা বনুৱাই হওঁক।"[২]
- "সমাজে সংস্কৃতি সৃষ্টি কৰে, আকৌ সংস্কৃতিয়ে সৃষ্টি কৰে অন্য সমাজ।"[২]
- "যিবিলাক মানুহে হঠাৎ ওপৰলৈ উঠে - সিবিলাকে হেনো এৰি থৈ অহা প্ৰতিটো পদক্ষেপকে পাহৰি পেলায়৷"[২]
সমালোচনা
সম্পাদনা কৰক- ‘দখাৰ’ (২০০১) গল্প সংকলনত প্ৰকাশিত অধিকাংশ গল্পত এই প্ৰান্তীয় ইতিহাসৰ প্ৰতি সচেতন মনোনিৱেশ সুস্পষ্ট। আশীৰ দশকৰ আত্মপৰিচয়ৰ জটিল বাগধাৰাই আনি দিয়া বৈষম্যমূলক দৃষ্টিকোণ আৰু ইয়াৰ পাকলগা প্ৰবাহত পমুৱা মুছলমান সম্প্ৰদায়ৰ মলিনা (ধুমুহাৰ পাছত), আজিজুৰ ৰহমান (কৈলতাকুছিৰ চ’ক), বিদেশী বিতাড়নৰ জটিলতাত সোমাই পৰা সাবিত্ৰী কৰ্মকাৰ (নুৰেমবুৰ্গ), দুৰ্নীতিৰ কৰাল গ্ৰাসত পৰা আমোলাতন্ত্ৰৰ পাকত অসহায় নিষ্ঠাবান চৰকাৰী চাকৰিয়াল হৃদয়া ফুকন (অন্ধকাৰৰ পৰা), পাবত গজা সাংস্কৃতিক কৰ্মীৰ হাতত নিষ্পেষিত প্ৰতিভাশালী অনাতাঁৰ ঘোষক অনাদি চক্ৰৱৰ্তী (এতিয়া গভীৰ ৰাতি), নগৰীকৰণে সংকুচিত কৰি অনা আত্মকেন্দ্ৰিক সমাজত উপেক্ষিত টিমুং খুড়া (বিকৰ্ষণ), ৰাষ্ট্ৰ/বিপ্লৱীৰ সংঘাতত নিৰ্যাতিত জেতুকী পেহী (এতিয়া ঘিলাধাৰী) আৰু খাচিয়া পাহৰৰ থলুৱা/ বহিৰাগতৰ ৰাজনৈতিক সংঘাতৰ বিপন্ন সময়ত অৱশিষ্ট মানৱীয় অনুভূতিৰ আত্মপ্ৰকাশেৰে দখাৰক সহায় কৰা শ্বিইনা (দখাৰ) আদি আটাইবোৰ চৰিত্ৰৰ প্ৰান্তীয় অৱস্থানৰ বিভিন্নতা আৰু সংপৃক্ততা উল্লেখযোগ্য। অস্তিত্বৰ পৰিচয়কেন্দ্ৰিক সংঘাত আৰু আৰু বহুৰূপীয়া বৈষম্যৰ কথকতাত প্ৰান্তীয়কৰণৰ বলি হোৱা এইসমূহ বিষয়ীৰ সংকট মূলতঃ একধৰণৰ। ভাষিক সংখ্যাগৰিষ্ঠতাৰ চেতনাৰে নিৰ্ধাৰিত অস্তিত্ব ৰক্ষাৰ আন্দোলনত কেৱল পমুৱা মুছলমান হোৱাৰ বাবেই নিৰ্যাতিত মহিলাই ককায়েকৰ বন্ধু মনোজ পূজাৰীৰ সহমৰ্মিতাৰে জীৱন ৰক্ষা কৰিব পাৰিলেও একে সময়তে তাইৰ দৰে আন বহুতো মলিনাৰ ক্ষেত্ৰত যে সেয়া হৈ উঠা নাছিল সেই জটিলতাৰ উপলব্ধি মনোজ আৰু গল্পৰ অনামীৰ কথকৰ কথোপকথনেৰে উদঙাই দেখুৱাইছে। একে ধাৰণাৰ বিশদ ৰাজনৈতিক মতামত সমৃদ্ধ নহ'লেও খিলঞ্জীয়া নিৰ্ধাৰণৰ ন্যায়িক ব্যৱস্থাৰ একেমুখী সংজ্ঞাই সংখ্যালঘু সম্প্ৰদায়ৰ উপৰিও অন্য প্ৰান্তীয়তাৰ অৱস্থানলৈ ঠেলি দিয়া সাবিত্ৰী কৰ্মকাৰৰ অসহায় পৰিচয়হীনতা অথবা খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণেৰে জড়িত ভূমিৰ অধিকাৰৰ নতুন সমীকৰণৰ প্ৰভাৱত নিজ ঠাইতে প্ৰান্তীয়কৰণৰ চিকাৰ হোৱা টিমুং খুড়াৰ অসহায়তা সম্পৰ্কে বিপুল খাটনিয়াৰৰ সংবেদনশীলতা মন কৰিবলগীয়া।[৩]