তৰালি শৰ্মা

ভাৰতীয় কণ্ঠশিল্পী

তৰালি শৰ্মা (জন্ম:৪ আগষ্ট, ১৯৭৫) অসমৰ এগৰাকী কণ্ঠশিল্পী আৰু সংগীত পৰিচালক। মূলতঃ শাস্ত্ৰীয় সংগীত আৰু লোক-সংগীতৰ চৰ্চা কৰা তৰালি শৰ্মাই মঞ্জু বৰাৰ অসমীয়া কথাছবি আকাশীতৰাৰ কথাৰে...ত "কিমতে ভকতি কৰিব..." শীৰ্ষক ঘোষাত কৰা কণ্ঠদানৰ বাবে ২০০৩ চনৰ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[১][২] তৰালি শৰ্মাৰ পিতৃ প্ৰভাত শৰ্মা, অসমৰ এজন পৰিচিত লোক-সংগীতৰ শিল্পী, বাঁহীবাদক আৰু সংগীত পৰিচালক। সেয়ে তৰালি শৰ্মাই সৰুৰে পৰাই সংগীতময় পৰিৱেশত ডাঙৰ-দীঘল হয় আৰু ঘৰতেই সংগীত শিক্ষা লাভ কৰে। তৰালিয়ে তেওঁৰ পিতৃ আৰু ডাঙৰ খুৰাক বশিষ্ঠ দেৱ শৰ্মাক নিজৰ প্ৰেৰণাৰ উৎস ৰূপে গণ্য কৰে।[২]

ৰাষ্ট্ৰপতি ড° এ.পি.জে. কালামে ২০০৫ চনৰ ২ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত ৫১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰীমতী তৰালি শৰ্মাক ২০০৪ চনৰ শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকা বঁটা প্ৰদান কৰে
  1. আমি প্ৰতিগৰাকী মানুহে মনত কিছুমান কাহিনী লৈ থাকোঁ যিবোৰ অব্যক্ত। অথচ সেইবোৰ কাহিনীয়ে আমাক হহুঁৱাই আমাক কন্দুৱাই, আমাক সৃষ্টি কৰিবলৈ অনুপ্ৰেৰণা যোগায়।[৩]
  2. প্ৰেম-ভালপোৱাই সমাজখন ধুনীয়া কৰি ৰাখে আৰু সেয়ে এই ধৰণৰ গীতবোৰ শ্ৰোতা-দৰ্শকে আকোঁৱালি লয়।[৪]
  3. আচলতে মোৰ প্ৰথম প্ৰেম সংগীতৰ লগতে। সেই প্ৰেমে ভাললগাও আনে-অভিমানো আনে বা বিষাদো আনে মাজে মাজে। সংগীতে ইমান বেছি আৱেগিক কৰি তোলে বা ইমান বেছি গাত লাগি যোৱা হ’ল যে এটা সময়ত সেই কথাটো অনুভৱ কৰা যায়- যেতিয়া কাৰোবাৰ কাৰোবাৰ লগত সচাঁ প্ৰেম হয়, ইমান গভীৰলৈ গুচি যোৱা যায় যে এক ঐশ্বৰিক বা স্বৰ্গীয় অনুভূতি হৈ পৰে গোটেই কথাটো..।[৫]
  4. সংগীত আচলতে জীৱনৰ আহিলা- মই মোৰ লগত প্ৰেমত পৰাৰ আহিলা, জীৱনৰ প্ৰেমত পৰাৰ আহিলা। আৰু এই অনুভৱ সেই তেৰ-চৈধ্য বছৰীয়া মইজনী স্কুলত পঢ়াৰ পৰাই.. তেতিয়া এটাই উদ্দেশ্য-গান গাব লাগে, ৰেৱাজ কৰিব লাগে।[৫]
  5. সাধনা এটা দৰকাৰী বস্তু। সাধনা মানে ঘৰত অনুশীলন কৰাটোৱেই নুবুজায়, সাধনা অকল সেইটোৱেই নহয়। সাধনা মানে বহুত কিবাকিবি। ধৰি লওক, মই যে গান গাইছোঁ, মই কিয় গাওঁ.. এই গানটো মই কিহৰ কাৰণে গাম বা কাৰ কাৰণে গাম, সেই গানটো মই মোৰ নিজৰ কাৰণে গাম নে সমাজৰ কাৰণে গাম — এই কথাবোৰ ভাবিব লগা হয়।[৬]
  6. অনুশীলন মানেই সাধনা নহয় আচলতে। অনুশীলনটো হৈছে সাধনাৰ এটা অংশহে। সাধনা হৈছে গোটেই ছিষ্টেমটোক ভালদৰে জানি বুজি লৈ আগবঢ়া। সমাজৰ প্ৰতি যিটো নূন্যতম দায়বদ্ধতা থাকিব লাগে, সেইটো প্ৰত্যেকৰে থকাটো উচিত। এইখিনি যেতিয়াই বুজি পাব, তেতিয়াই এই কথাটো গম পোৱা হ’ব যে আচলতে গানবোৰ গালে মানুহে ভালপোৱা গানতকৈয়ো গোৱা গানটোৱে মানুহক চুব পাৰিব লাগিব।[৬]
  7. এতিয়া অসমৰ পৰিস্থিতিত মই ভাবোঁ, সংগীত মানেই পইচা পায়, সংগীত মানেই গ্লেমাৰ — এনেকুৱা ধৰণৰ মানসিকতা এটা গঢ় লৈ উঠিছে, যিটো বহুত নিগেটিভ।[৬]
  8. যিয়েই আপোনাক জীয়াই থাকিবলৈ আটাইতকৈ বেছি প্ৰেৰণা দিয়ে, তাৰ ভিতৰত হাঁহি এটা; তাৰ ভিতৰত মৰম এটা। যদি হাঁহিয়েই নাথকে, মৰমেই নাথাকে তেন্তে জীয়াই থাকি কি লাভ। পইচা পালে কি হ’ল লগততো লৈ নাযায়। গতিকে সেই দুটা বস্তু আটাইতকৈ গুৰুত্বপূৰ্ণ।[৬]
  1. তৰালী শৰ্মা মানে আমি সকলোৱে জানো এক ব্যতিক্ৰমী কণ্ঠৰ অধিকাৰী । তৰালী কেতিয়াও সাধাৰণতে উটি ভাঁহি যোৱা শিল্পী নহয়৷ (কণ্ঠশিল্পী বিদ্যাসাগৰ)[৩]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. Profile of Tarali Sarma, Assamese Indian singer. প্ৰকাশক: Assam Spider. আহৰণ কৰা হৈছে: December 20, 2011.
  2. ২.০ ২.১ About Tarali. প্ৰকাশক: taralisarma.com. Archived from the original on December 8, 2013. আহৰণ কৰা হৈছে: December 20, 2011.
  3. ৩.০ ৩.১ নতুন গীত মুকলি. আহৰণ কৰা হৈছে: 22 মে' 2024.
  4. ডেউকা মেলি দিলোঁ. আহৰণ কৰা হৈছে: 22 মে' 2024.
  5. ৫.০ ৫.১ এখন গ্ৰন্থৰ খচৰা. আহৰণ কৰা হৈছে: 22 মে' 2024.
  6. ৬.০ ৬.১ ৬.২ ৬.৩ সাক্ষাৎকাৰ, তৰালি শৰ্মা. আহৰণ কৰা হৈছে: 22 মে' 2024.