ত্ৰৈলোক্য নাথ গোস্বামী

অসমীয়া লেখক

ত্ৰৈলোক্য নাথ গোস্বামী (ইংৰাজী: Trailokya Nath Goswami; জন্ম: ১৯০৬ - মৃত্যু: ১৯৮৮) একাধাৰে এজন অসমীয়া সাহিত্যিক সমালোচক, গল্পকাৰ, নন্দন তাত্ত্বিক, সুবক্তা আৰু শিক্ষাবিদ। ১৯৬৫ চনত ৰচিত আধুনিক গল্প সাহিত্য নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীয়ে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  • প্ৰাচীন বুলিয়েই কিছুমান বস্তুৰ সমাদৰ নকৰা স্বভাৱ আমাৰ অসমীয়া জাতিটোৰে বেছি নেকি বুলি কেতিয়াবা কেতিয়াবা প্ৰশ্ন কৰিবৰ মন যায়।[১]
  • নিজৰ সকলো সংস্কাৰ অবদমিত কৰি সৃষ্ট বস্তুৰ মাজত লুকাই থকা সম্পদৰাজিৰ উদ্ঘাটন আৰু বিশ্লেষণ অকল প্ৰতিভা-সাপেক্ষই নহয়, উদাৰতা আৰু গ্ৰহণ ক্ষমতাৰো ই পৰিচায়ক।[১]
  • আমি জীৱনত যিবোৰ অভিজ্ঞতা লাভ কৰোঁ সেই সকলোবোৰ স্মৰণীয় হৈ নাথাকে। কিন্তু কিছুমান অভিজ্ঞতাৰ মাজত আমি বিচাৰি পাওঁ নতুন অৰ্থ।[২]
  • প্ৰকাশভঙ্গীৰ চাৰুতাৰ লগতে বস্তুৰ ৰমনীয়তাৰ প্ৰতি সজাগ হোৱাৰ পৰিচয়ৰ ওপৰতে নিৰ্ভৰ কৰিব অসমীয়া গল্প-সাহিত্যৰ ভবিষ্যত।[২]
  • কেতিয়াবা কেতিয়াবা সমাজৰ অভিৰুচি অনুসৰি সাহিত্য সৃষ্টি কৰিবলৈ যাওঁতে সাহিত্য নিম্ন স্তৰলৈ নামি যায়।[৩]
  • বৈচিত্ৰপূৰ্ণ সংসাৰত জন্ম লভিবৰে পৰা মানুহে স্বভাৱতে যত্ন কৰে পাৰিপাৰ্শ্বিক অৱস্থাৰ মাজত নিজকে খাপ খুৱাবলৈ।[৩]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. ১.০ ১.১ নন্দনত্তত্ত্বঃ প্ৰাচ্য আৰু পাশ্চাত্য, ১৯৮০; গোস্বামী ত্ৰৈলোক্য নাথ
  2. ২.০ ২.১ আধুনিক গল্প সাহিত্য, ১৯৭২; গোস্বামী ত্ৰৈলোক্য নাথ।
  3. ৩.০ ৩.১ সাহিত্য আলোচনা, ১৯৮৫; গোস্বামী ত্ৰৈলোক্য নাথ।