তোমাৰ ওঁঠৰ ৰূপালী জোনাকত (গ্ৰন্থ)

তোমাৰ ওঁঠৰ ৰূপালী জোনাকত ৰঞ্জু হাজৰিকাই ৰচনা কৰা এখন অসমীয়া উপন্যাস। জ্যোতি প্ৰকাশনে প্ৰকাশ কৰা এই উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ২০০১ চনত।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. আত্মাৰ মৃত্যু নাই, সৌমাৰ। সাপে নিজৰ দেহৰ মোট সলোৱাৰ দৰে আত্মায়ো আৱশ্যক অনুসৰি দেহাৰ পৰিৱৰ্তন ঘটায়। সেয়াই হৈছে পূৰ্বজন্ম। চুখামৰ আত্মা এই সংসাৰত এতিয়াও একেদৰেই আছে। দেহাটোৰ পৰিৱৰ্তন ঘটিছে কেৱল, কিন্তু আত্মা একেটাই আছে। অঙ্গদেই পিছৰ যুগত ব্যাধ হৈ কৃষ্ণৰূপী পিতৃহন্তা ৰামচন্দ্ৰক হত্যা কৰিছিল। সেইদৰে অম্বাই ভীষ্মৰ ওপৰত প্ৰতিশোধ ল’বলৈ পিছৰ জন্মত শিখণ্ডী হৈ জন্মলাভ কৰিছিল।[]
  2. মানুহৰ মৃত্যুৰ লগে লগে আত্মা পৰম ব্ৰহ্মৰ লগত বিলীন হৈ যায়৷।[]
  3. মুক্তি দুই ধৰণৰ। লৌকিক মুক্তি আৰু বিদেহ মুক্তি। যেতিয়া আত্মাই পুনৰ জন্ম নলয়, তেতিয়া তাক বিদেহ মুক্তি বুলি কোৱা হয়।[]
  4. কোনো ব্যক্তিক তেওঁৰ পৰিচয় সুধিলে তেওঁ প্ৰথমে নিজৰ নামটো কয়। কিন্তু নামটোৱেই ব্যক্তি নহয়। নামৰ দ্বাৰা তেওঁৰ শৰীৰটোহে নিৰ্দেশিত হয়। নিজকে শৰীৰ বুলি ধৰি লৈহে তেওঁ নিজৰ আয়ুস আৰু অন্য ব্যক্তিৰ লগত পুত্ৰ, মিত্ৰ আদি সম্বন্ধেৰে নিজৰ পৰিচয় দিয়ে। ‘মই শৰীৰ’'— এই নিশ্চিতবোধ সকলোৰে আছে। কিন্তু এই ধাৰণা সত্য জানো? যদি মই শৰীৰেই হয়, তেনেহ’লে কেনেধৰণৰ অথবা কোনটো শৰীৰ? কিয়নো জন্মৰ পৰা এতিয়ালৈকে শৰীৰে অনেক ৰূপ সলালে। শিশুকালত যিটো শৰীৰ আছিল, সেই শৰীৰ চেমনীয়া অৱস্থাত নাই। পুনৰ যুবা অৱস্থাত শৰীৰ সলনি হয়। শৰীৰ পৰিৱৰ্তনৰ লগে লগে পূৰ্বৰ ‘মই’টো নষ্ট হৈ যোৱা কথাও সম্ভৱ নহয়।[]
  5. ‘মই’ হৈছে নিত্য, সৎ আৰু শৰীৰ হৈছে অনিত্য, অসৎ। পঞ্চভূতেৰে গঠিত আমাৰ এই শৰীৰ হৈছে জড়, চেতনাহীন।[]
  6. কাল বৰ নিষ্ঠুৰ। ই কালৈকো ৰৈ নাথাকে। দুৰ্দান্ত ইয়াৰ গতি, নিষ্ঠুৰ ইয়াৰ আচোঁৰ। তোৰ মৰমী চুচান সময়ৰ চিকাৰ হৈছে।[]
  • হাজৰিকা, ৰঞ্জু (2009)। তোমাৰ ওঁঠৰ ৰূপালী জোনাকত। জ্যোতি প্ৰকাশন।