তফজ্জুল আলি
তফজ্জুল আলি অসমৰ এগৰাকী গীতিকাৰ। তেওঁ অসমীয়া ভাষাত ভালেসংখ্যক গীত ৰচনা কৰাৰ লগতে 'পুতলা ঘৰ' আৰু 'সোণৰ হৰিণ' চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছিল। অসমীয়া সাহিত্য-সংস্কৃতিলৈ আলিৰ অৱদানৰ প্ৰতি স্বীকৃতি স্বৰূপে ১৯৯৫ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে।[১] তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিচালনা সমিতিৰ সদস্য হোৱাৰ লগতে জ্যোতি চিত্ৰবন ফিল্মচ চ'ছাইটীৰ আজীৱন সভ্য আছিল। গীতিকাৰগৰাকীয়ে অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।[১]
উদ্ধৃতি
সম্পাদনা কৰক- মোৰ প্ৰথম পৰিচয় হ’ল, শিক্ষক আৰু লগতে এটা যোগ দিব পাৰোঁ, কলা-সংস্কৃতি ভালপোৱা শিক্ষক৷[২]
মতামত
সম্পাদনা কৰক- তফাদাই লিখিছে বুলিয়েই মই সুৰ দিছোঁ, সেইটো কথা নহয়; মই সুৰ দিব লাগে বুলিয়েই তফাদাই লিখি দিছে- তেনেকুৱাও নহয়৷ আমাৰ আণ্ডাৰষ্টেণ্ডিংটোৱে এটা বেলেগ স্তৰত উপনীত হৈছিল৷ (বীৰেন্দ্ৰ নাথ দত্ত)[৩]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ ১.০ ১.১ Poet and lyricist Tafajjul Ali passes away at Bokul Tol. প্ৰকাশক: Assam Times (6 July 2008). আহৰণ কৰা হৈছে: 20 May 2013.
- ↑ দত্ত, নম্ৰতা (১-১৫ অক্টোবৰ ২০০৬). "বকুল তলত এভুমূকি". সাতসৰী (দ্বিতীয় বছৰ, পঞ্চম সংখ্যা).
- ↑ দত্ত, নম্ৰতা (১-১৫ অক্টোবৰ ২০০৬). "সুদীৰ্ঘ যাত্ৰপথৰ সহযাত্ৰী". সাতসৰী (দ্বিতীয় বছৰ, পঞ্চম সংখ্যা).