জৈন ধৰ্ম

প্ৰাচীন ভাৰতৰ প্ৰৱৰ্তিত এক ধৰ্মমত

জৈনধৰ্ম (সংস্কৃত: जैन धर्म; ইংৰাজী: Jainism) প্ৰাচীন ভাৰতৰ প্ৰৱৰ্তিত এক ধৰ্মমত। বৰ্তমান বিশ্বৰ নানা দেশত এই ধৰ্মমতাৱলম্বীসকলক দেখা যায়। জৈনধৰ্মৰ মূল বক্তব্য হ’ল সকল জীৱৰ প্ৰতি শান্তি আৰু অহিংসাৰ পথ গ্ৰহণ। জৈন দৰ্শন আৰু ধৰ্মানুশীলনৰ মূল কথা হ’ল দৈৱ চৈতন্যেৰ আধ্যাত্মিক সোপানত স্বচেষ্টাৰ যোগেৰে আত্মাৰ উন্নতি সাধন কৰা। যি ব্যক্তি বা আত্মায়ে অন্তৰৰ শক্ৰক জয় কৰি সৰ্বোচ্চ অৱস্থা প্ৰাপ্ত কৰে তাকে জিন (জিতেন্দ্ৰিয়) আখ্যা দিয়া হয়।

অহিংসা আৰু জীৱৰ প্ৰতি দয়া হৈছে নিজৰ প্ৰতি দয়া। ~ মহাবীৰ
সকলো উশাহ-নিশাহ লোৱা, বিদ্যমান, জীৱিত আৰু জ্ঞানসম্পন্ন জীৱক বধ কৰিব নালাগে, হিংসাৰ ব্যৱহাৰ কৰিব নালাগে, গালি-গালাজ কৰিব নালাগে, অত্যাচাৰ কৰিব নালাগে, খেদি পঠিয়াব নালাগে।~ মহাবীৰ

উদ্ধৃতি সম্পাদনা কৰক

  • যি ধৰ্ম পৃথিৱীৰ সকলো জীৱৰ বাবে আশীৰ্বাদস্বৰূপ সেই ধৰ্মৰ প্ৰচাৰ কৰক।

উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: