জীৱন সম্পৰ্কে চিন্তা আৰু অনুভৱ

জীৱন সম্পৰ্কে চিন্তা আৰু অনুভৱ লেখক দেৱকান্ত সন্দিকৈৰ এখন নিৰ্বাচিত গল্প সংকলন। প্ৰথম প্ৰকাশ অক্টোবৰ,২০১৫ চন।

  1. মানুহে জীৱনটো কিমান ভালকৈ,কিমান সুবিধাৰে আৰু কিমান বিলাসেৰে ভোগ কৰিব পাৰিছে সেইটোৱেই সভ্যতাৰ জোখ।[]
  2. মানুহৰ জীৱন এক ধাৰাবাহিক ভোগচৰ্চা। জীৱনত ভোগৰ মাহাত্ম্য ইমানেই বেছি যে ধৰ্মইও মিছা কথাৰে মানুহক মৃত্যুৰ পিছত কাল্পনিক স্বৰ্গৰ অনন্ত সুখ ভোগৰ লোভ দেখুৱাই।[]
  3. অসমৰ কোনোবা এখন ভিতৰুৱা গাঁৱত সন্ত্ৰাসবাদী বা আন দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়া ঘৰটো খুব বেছি এঘন্টা জ্বলে, টিভিত সেইটো ২৪ ঘন্টা জ্বলে, তাৰ পিছদিনাও জ্বলে! জুই কুৰা এখন গাঁৱৰ এচুকত জ্বলে, টিভিৰ সহায়ত সেই কুৰা জুই সমগ্ৰ অসমৰ ঘৰে ঘৰে জ্বলে। []
  4. যিটো অৱস্থা একেদিনাই হোৱা নাই, সেই অৱস্থাৰ পৰা মুক্তিও একেদিনাই পোৱা নাযায়।[]
  5. বন্ধ কেৱল অগণতান্ত্ৰিক নহয়, ই এটা অযুক্তি। ‘বন্ধ’ হ’ল কেইজনমান মানুহৰ দ্বাৰা বৃহত সংখ্যক মানুহৰ ব্যক্তি-স্বাধীনতা হৰণ বা ‘বন্ধ’ দিওঁতাৰ একনায়কত্ববাদ।[]
  6. হিংসা প্ৰবৃত্তিৰ দ্বাৰা আক্ৰান্ত হৈ কাৰোবাক হত্যা কৰিবলৈ মন যোৱাতকৈ গভীৰ প্ৰেম আৱেগত কাৰোবাক চুম্বন বা আলিংগন কৰিবলৈ মন যোৱাটো কেতিয়াও অনৈতিক হব নোৱাৰে।[]
  7. অসমীয়া মানুহে শান্তিপূৰ্ণ ভাবে সামন্ত বাদী আৰু বৰ্ণবাদী সত্ৰবিলাকৰ ধৰ্মীয় শাসনৰ(শোষণৰ) পৰা মুক্ত হোৱাৰ বিপ্লৱ এটা আৰম্ভ কৰিব পাৰে। এই বিপ্লৱ কৰিবলৈও একো হিংসাত্মক যুদ্ধ বিগ্ৰহ বা গণতান্ত্ৰিক শোভাযাত্ৰা পথ অৱৰোধৰ প্ৰয়োজন নাই। মাত্ৰ সত্ৰলৈ যোৱা বা সত্ৰাধিকাৰক ‘প্ৰভু ঈশ্বৰৰ’ মৰ্য্যদা দিয়াটো বন্ধ কৰি দিলেই হ’ল। সত্ৰত শৰণ-ভজন লোৱা বা কৰ-কাটল দিয়া বন্ধ কৰি দিলেই হ’ল। নীৰৱে নিঃশব্দে।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ সন্দিকৈ, দেৱকান্ত (২০১৫)। জীৱন সম্পৰ্কে চিন্তা আৰু অনুভৱ। বনলতা, পৃষ্ঠা:২৭।