লুচিয়াছ এনাউছ ছেনেকা দ্য ইয়ংগাৰ (ইংৰাজী: Lucius Annaeus Seneca, খ্ৰীষ্টপূৰ্ব ৪ – ৬৫ খ্ৰীষ্টাব্দ) এগৰাকী ৰোমান দাৰ্শনিক, ৰাজনীতিবিদ, নাট্যকাৰ আৰু ব্যংগকাৰ আছিল। তেওঁক সাধাৰণতে ছেনেকা বুলি জনা যায়। ছেনেকাৰ জন্ম হৈছিল হিস্পানিয়াৰ কৰ্ডোবাত। পিছলৈ তেওঁ ৰোমত ডাঙৰ দীঘল হয় আৰু ৰোমতেই তেওঁ বাগ্মিতা আৰু দৰ্শনৰ প্ৰশিক্ষণ লাভ কৰিছিল। তেওঁৰ দেউতাক আছিল ছেনেকা দ্য এল্ডাৰ।

ছেনেকা

এগৰাকী লেখক হিচাপে ছেনেকা তেওঁৰ দাৰ্শনিক ৰচনা, আৰু নাটক সমূহৰ বাবে জনাজাত। এই নাটকসমূহৰ প্ৰতিখনেই ট্ৰেজেডীমূলক নাটক। তেওঁৰ গদ্য ৰচনাসমূহৰ ভিতৰত আছে এক ডজন প্ৰবন্ধ আৰু নৈতিক বিষয়ৰ সৈতে সম্পৰ্কিত এশ চব্বিশখন চিঠি।

উদ্ধৃতিসমূহসম্পাদনা কৰক

  1. এজন মানুহে কেনেদৰে প্ৰশংসাক গ্ৰহণ কৰে তাৰ পৰাই তেওঁৰ চৰিত্ৰ সম্পৰ্কে ক’ব পাৰি।
  2. মানুহৰ মৃত্যু নহয়। তেওঁলোকে নিজকে হত্যা কৰে।

উৎসসম্পাদনা কৰক