চৰাইখানা হৈছে মণিকুন্তলা ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০১৩ চনৰ নৱেম্বৰ মাহত উপন্যাসখন প্ৰকাশিত হয়।

  1. ভাললগা আৰু ভালপোৱাৰ মাজত বহুত ব্যৱধান থাকে। এৰা, ভালপোৱাজন সমুখত নহয়, কাষত থাকে। নিচেই কাষত। যাৰ বাহুত মন গ'লেই পেলাই দিব পাৰি ভাৰাক্ৰান্ত শিৰ।[]
  2. এৰা, জীৱনৰ নানানটা হাহাকাৰৰ সন্ধিক্ষণত কিতাপেই প্ৰদান কৰি আহিছে মোক নিৰ্মল সান্নিধ্য। এক বুজাব নোৱৰা স্বৰ্গীয় মাদকতাৰে বিভোৰ কৰি ৰাখে মোক কিতাপে। কথা ক'ব নোৱৰা গছ-গছনি, পৰ্বত-নদী, শস্যক্ষেত্ৰ আৰু ইতৰ প্ৰাণীবোৰৰ হৈ এই কিতাপবোৰেই অনেক কথা কয়।[]
  3. বুকুৰ মাজত নিৰ্মিত হয় তাৰ নামত এক স্বাচ্ছন্দ্য কুঠৰী৷ মঙ্গলময় কুঠৰী। হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, এটা মানৱ জীৱনে আশা কৰা সকলোখিনি ৰং-ৰূপ-নিৰ্যাসেৰে ভৰাই তোলা সৰুদাৰ জীৱন। মই কেৱল প্ৰাৰ্থনা কৰিছিলোঁ। এই প্ৰাৰ্থনা দিনকদিনে দীঘল হৈ যাব ধৰিছিল।[]
  4. জীৱন অৰ্থহীন যেন লগাৰ সময়বোৰৰ মাজেৰেই মানুহে সন্ধান কৰি গৈ থাকে জীৱনৰ অৰ্থ। জন্ম-মৃত্যুৰ মাজৰ এই জীৱন নামৰ সময়খিনিত আমি কি কৰা উচিত বা কৰিছোঁ আৰু কৰিম, আনৰ পৰা প্ৰাপ্যখিনি পালোঁনে নাই, সকলোখিনিৰে সন্ধান তথা উপলব্ধি কৰি গৈ থকাৰ আঁৰে আঁৰে গৈ থাকে শুভপ্ৰাৰ্থনা। শুভপ্ৰাৰ্থনা নিজৰ বাবে, আনৰ বাবে, সমগ্ৰ বিশ্বৰ বাবে। মানুহে নিজেই নজনাকৈ মঙ্গলময় কামনা ৰাখে, প্ৰাৰ্থনা ৰাখে। কিমান দীঘল হ'ব পাৰে এই প্ৰাৰ্থনা তাৰো কোনো নিৰূপিত ৰূপ থাকিব নোৱাৰে। হয়, মোৰ প্ৰাৰ্থনাৰো কোনো সীমা নাথাকে। হৃদয়ৰ ভিতৰত বৈ থাকে এই নদী নিৰৱধি।[]
  5. এৰা, মানুহেই এনে এক আশ্চৰ্যজনক সত্তা, যি নিজৰ চকুলো চকুতে হেৰুৱাই হাত মেলে আনৰ চকুলো মচি দিবলৈ। আনৰ দুখত দুখী হ'ব পৰা, আনৰ কাৰণে কান্দিব পৰা কাৰণতেই আমি মানুহ।[]
  6. মোৰ ধাৰণাত প্ৰেম কেৱল এক অনুভবী স্ৰোত। যি অহৰহ বৈ থাকে মানুহৰ সিৰাই সিৰাই। সেই অনুভৱ প্ৰকাশ কৰিবই যে লাগিব, তাৰ প্ৰতি নাছিল কোনো স্বচ্ছ ধাৰণা৷[]
  7. স্মৃতিৰ ৰং হেনো সোণালী সদায়। মানুহে কয় অথচ গ্ৰহণ কৰাও যে কিমান কঠিন![]
  8. চৰাইৰ বাহবোৰক মোৰ মাৰ দৰে লাগে। যি মই নুভতা পৰ্যন্ত অপেক্ষাৰত হৈ ৰয় সদায়। পৃথিৱীৰ দেশে দেশে এনে মাতৃ আছে, চৰাইৰ বাহৰ দৰে সন্তানৰ ওভতনিলৈ যি প্ৰতীক্ষাৰত হৈ ৰয় অহৰহ... অনবৰত।[]
  9. আনন্দৰ জোৱাৰ আৰু হৃদয় ভঙাৰ শব্দ কেৱল উপলব্ধিতহে সম্ভৱ, কথা বা ৰচনাত নহয়। সেইকাৰণেই আনন্দ লাগিলে মানুহে হাঁহে, দুখত কান্দে। প্ৰকৃতিয়ে মানুহক সুখ-দুখৰ অনুভৱ সকলোকে বেলেগ-বেলেগ ধৰণে দিছে, প্ৰত্যেকেই সুখ-দুখক নিজস্বধৰণে লয়।[]
  10. হয়, কবিতা যেন শ্বাৱাৰৰ পৰা পৰি থকা বৰষুণ, য'ৰ তলত ৰৈ, ভিজি জুৰুলি-জুপুৰি হৈ স্নান কৰোঁ মই। এনে বৰষুণে কেৱল মন বা প্ৰজ্ঞাবোধেই নহয়, মোৰ আত্মা পৰ্যন্ত ধুই নিকা কৰে। কিন্তু গদ্য আছিল মানুহৰ জীৱনৰ দৰে। প্ৰেম নামৰ পাহৰিব নোৱৰা যন্ত্ৰণাৰ দৰে।[]
  11. জীৱনত আমি প্ৰত্যেক মানুহেই প্ৰেম কৰোঁ, প্ৰেমত পৰোঁ আৰু উঠি অহাৰ পাছতো তাতে পোত খাই সোমাই থাকোঁ সমগ্ৰ জীৱন। কোনোবাই পাহৰিব পাৰেনে তেওঁৰ জীৱনৰ প্ৰথম প্ৰেম? পাছৰকাললৈ সেয়া শৈশৱ বা কৈশোৰৰ ধেমালি হৈ পৰিলেগৈও মানুহৰ ভিতৰত আত্মগোপন কৰি থকা প্ৰাণে কাহানিও পাহৰিব নোৱাৰে বা উলাই কৰিব নোৱাৰে সেই প্ৰেম। প্ৰেমৰ অনুভূতি যিমানে স্মৰণীয়, সিমানে যুগজয়ী হৈ ৰয় প্ৰেমিক সত্তা।[১০]
  12. প্ৰেম মানেইতো হৃদয় মস্তিষ্কৰ সম্মিলিত বিনম্ৰ আৱেগ। য'ত সাকাৰ ৰূপত প্ৰেমাস্পদক কাষত পোৱা যায়, সেই প্ৰেম হয় শিপা থকা গছৰ দৰে। ইয়াতে মানুহৰ প্ৰেম হৈ উঠে মোহময়...[১১]
  13. জন্মদিন নোপজে কাৰো সন্তান হৈ
    আত্মীয়তা গঢ়ি উঠে বুলি।
    দিন-প্ৰতিদিন সি কেৱল সংগী সলাই ফুৰে।
    আজি যদি তোমাৰ লগত
    কাইলৈ মোৰ লগত
    পৰহিলৈ সি অন্য কাৰোবাৰ লগত।
    আচলতে জন্মদিন নিজেই এক কচাইৰ দা
    প্ৰত্যেক বৰ্ষতে কেক কটা ছুৰিৰ ভাও জুৰি সি আমাৰ আয়ুস কাটে হাঁহি হাঁহি...।[১২]
  14. এই জন্মদিনৰ যি যথাৰ্থ ৰূপ কবিতাত আঁকিছিলোঁ তাৰ এক সাৰ্বজনীন আবেদন অৱশ্যেই আছিল। জন্মদিনে সঁচাকৈয়ে এজন মানুহৰ লগত এবছৰৰ এটা দিনহে কটায়। প্ৰত্যেক দিনাই সি মানুহৰ সংগ সলাই ফুৰে।[১২]
  15. এই যে অস্থিৰতা, সংগী সলোৱাৰ প্ৰৱণতা, সেয়া মই প্ৰেমৰ মাজতো আৱিষ্কাৰ কৰি উঠিছিলোঁ। প্ৰেমো এনে এক ৰহস্যময় অনুভৱ যে এজন প্ৰেমাস্পদৰ কাৰণে যদি সি মৰি যাব পাৰে, সময়ৰ হাত ধৰি অন্য কোনোবা এজনৰ কাৰণে সি জী উঠিবও পাৰে। এসময়ত এজনৰ কাৰণে প্ৰাণ উছৰ্গা কৰিবলৈ সাজু হোৱা প্ৰেম অতীত হৈ যায়, আকৌ নতুন ভংগিমাৰে নতুন প্ৰেমাস্পদৰ সঞ্জীৱনীৰে উজ্জীৱিত হৈ উঠে প্ৰেম। একেজন মানুহৰ ভিতৰতে উৎপন্ন হোৱা প্ৰেম এয়া।[১৩]
  16. একোজন মানুহ ভিতৰত উৎপন্ন হোৱা প্ৰেম সদায় একেই থাকে। একোটা ধৰণৰেই সি নতুন প্ৰেমাস্পদৰ প্ৰতি ব্যাকুল হয়, সাহচৰ্য বিচাৰে, খং-ৰাগ-অভিমানেৰে উতলা হয় আৰু ক্ৰমশঃ আঁতৰি পৰে সেই প্ৰেমাস্পদৰ পৰা। আকৌ নতুন কাৰোবাৰ প্ৰতি উদ্ভৱ হয় একেটা ভংগীৰে প্ৰেমৰ আৰম্ভণি। আকৌ আহে মধুৰ বাৰ্তালাপ, ভাবালুপতা, খং... ৰাগ...।[১৩]
  17. হয় প্ৰেমে মাথোন প্ৰেমাস্পদ সলায়। প্ৰেমে তাৰ পোছাক সলনি কৰে কিন্তু সলনি নহয় প্ৰেম প্ৰেমিক প্ৰাণ জীয়াই থকালৈকে একেধৰণেই থাকে সি শৰীৰৰ মাজৰ হৃদয়ৰ দৰে।[১৩]
  18. জীৱন নৈৰ দৰে প্ৰবহমান। গতিকে বিচিত্ৰতা থাকিবই, বাধা বা অন্য জলস্ৰোতৰ সংযোগ থাকিবই। সেই বুলি নৈ তাতে ৰৈ নাযায়। নৈ ৰৈ যায় জীৱনসংগী নামৰ সমুদ্ৰত। কিছুমান মানুহ আছে যাৰ বিবাহৰ পাছতো অন্য প্ৰেম গঢ়ি উঠা দেখা যায়। প্ৰেম সদায় সুন্দৰ। সি বিবাহ, সমাজ, জাতি-ধৰ্ম, দেশকাল একো বুজি নাপায়। সেয়ে সি বিবাহিত কাৰোবাৰ জীৱনত যদি অলপো উদাসীন শূন্যতা পাই যায়, তেন্তে তাতে সোমাই পৰে। সেয়া এক অন্য প্ৰসংগ।[১৪]
  1. মণিকুন্তলা (নৱেম্বৰ, ২০১৩) | চৰাইখানা | ষ্টুডেণ্টচ ষ্ট'ৰচ | পৃষ্ঠা-১০
  2. মণিকুন্তলা (নৱেম্বৰ, ২০১৩) | চৰাইখানা | ষ্টুডেণ্টচ ষ্ট'ৰচ | পৃষ্ঠা-১২
  3. মণিকুন্তলা (নৱেম্বৰ, ২০১৩) | চৰাইখানা | ষ্টুডেণ্টচ ষ্ট'ৰচ | পৃষ্ঠা-৩০
  4. মণিকুন্তলা (নৱেম্বৰ, ২০১৩) | চৰাইখানা | ষ্টুডেণ্টচ ষ্ট'ৰচ | পৃষ্ঠা-৩১
  5. মণিকুন্তলা (নৱেম্বৰ, ২০১৩) | চৰাইখানা | ষ্টুডেণ্টচ ষ্ট'ৰচ | পৃষ্ঠা-৪১
  6. মণিকুন্তলা (নৱেম্বৰ, ২০১৩) | চৰাইখানা | ষ্টুডেণ্টচ ষ্ট'ৰচ | পৃষ্ঠা-৭৪
  7. ৭.০ ৭.১ ভট্টাচাৰ্য, মণিকুন্তলা (নৱেম্বৰ, ২০১৩) | চৰাইখানা | ষ্টুডেণ্টচ ষ্ট'ৰচ | পৃষ্ঠা-৭৭
  8. ভট্টাচাৰ্য, মণিকুন্তলা (নৱেম্বৰ, ২০১৩) | চৰাইখানা | ষ্টুডেণ্টচ ষ্ট'ৰচ | পৃষ্ঠা-৯৪
  9. ভট্টাচাৰ্য, মণিকুন্তলা (নৱেম্বৰ, ২০১৩) | চৰাইখানা | ষ্টুডেণ্টচ ষ্ট'ৰচ | পৃষ্ঠা-১১৫
  10. ভট্টাচাৰ্য, মণিকুন্তলা (নৱেম্বৰ, ২০১৩) | চৰাইখানা | ষ্টুডেণ্টচ ষ্ট'ৰচ | পৃষ্ঠা-১৩৪
  11. ভট্টাচাৰ্য, মণিকুন্তলা (নৱেম্বৰ, ২০১৩) | চৰাইখানা | ষ্টুডেণ্টচ ষ্ট'ৰচ | পৃষ্ঠা-১৫৬
  12. ১২.০ ১২.১ ভট্টাচাৰ্য, মণিকুন্তলা (নৱেম্বৰ, ২০১৩) | চৰাইখানা | ষ্টুডেণ্টচ ষ্ট'ৰচ | পৃষ্ঠা-১৭৮
  13. ১৩.০ ১৩.১ ১৩.২ ভট্টাচাৰ্য, মণিকুন্তলা (নৱেম্বৰ, ২০১৩) | চৰাইখানা | ষ্টুডেণ্টচ ষ্ট'ৰচ | পৃষ্ঠা-১৭৯
  14. মণিকুন্তলা (নৱেম্বৰ, ২০১৩)| চৰাইখানা | ষ্টুডেণ্টচ ষ্ট'ৰচ | পৃষ্ঠা-২১৪