চাৰু মজুমদাৰ (ইংৰাজী: Charu Majumdar; ১৫ মে' ১৯১৮ – ২৮ জুলাই ১৯৭২) ভাৰতৰ এজন কমিউনিষ্ট নেতা, আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)ৰ প্ৰতিষ্ঠাপক আৰু সাধাৰণ সম্পাদক আছিল।[১] ১৯১৮ চনত শিলিগুৰিৰ এটা প্ৰগতিশীল মাটিগিৰি পৰিয়ালত জন্মগ্ৰহণ কৰা মজুমদাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত কমিউনিজমৰ সৈতে জড়িত হৈ পৰিছিল আৰু পিছলৈ নক্সাল উগ্ৰবাদী গোট গঠন কৰিছিল। এই সময়ছোৱাত তেওঁ ১৯৬৭ চনৰ নক্সালবাৰী বিদ্ৰোহৰ ঐতিহাসিক বিৱৰণী ৰচনা কৰে। তেওঁৰ লেখাসমূহ, বিশেষকৈ ঐতিহাসিক আঠটা লেখা বিদ্ৰোহী কাৰ্যকলাপৰ পথ প্ৰদৰ্শক স্বৰূপ মতাদৰ্শৰ অংশ বুলি গণ্য কৰা হয়।[২]

চাৰু মজুমদাৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  • ভাৰতত শ শ নক্সালবাৰী উমিউমি জ্বলি আছে। নক্সালবাৰীৰ মৃত্যু হোৱা নাই আৰু মৃত্যু নহ'বও।[৩]
    • (১৯৬৭ চনত চৰকাৰে নক্সালবাৰী বিদ্ৰোহক মষিমূৰ কৰাৰ পিছত)
  • অস্ত্ৰ অবিহনে ক্ষমতা দখল কৰাৰ কথা চিন্তা কৰাটো, অসাৰ সপোনৰ বাহিৰে আন একো নহয়।[৪]
    • (ঐতিহাসিক আঠ নথি)
  • গণতান্ত্ৰিক কেন্দ্ৰবাদৰ মাৰ্ক্সবাদী সত্যটো হ’ল উচ্চ নেতৃত্বৰ পৰা অহা পাৰ্টিৰ নিৰ্দেশনাটো পালন কৰিবই লাগিব। কাৰণ পাৰ্টিৰ সৰ্বোচ্চ নেতা হ’ল তেওঁ, যিয়ে দীৰ্ঘদিনীয়া আন্দোলন আৰু তাত্ত্বিক বিতৰ্কৰ মাজেৰে নিজকে মাৰ্ক্সবাদী হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।[৪]
    • (ঐতিহাসিক আঠ নথি)
  • দলীয় সিদ্ধান্তক সমালোচনা কৰাৰ আমাৰ অধিকাৰ আছে; কিন্তু এবাৰ কোনো সিদ্ধান্ত লোৱাৰ পিছত যদি কোনোবাই ইয়াক কাৰ্যকৰী নকৰাকৈ সমালোচনা কৰে, বা কামত বাধা দিয়ে, বা কাৰ্যকৰী কৰিবলৈ দ্বিধাবোধ কৰে, তেন্তে তেওঁ দলীয় অনুশাসন উলংঘা কৰাৰ গুৰুতৰ অপৰাধত দোষী হ'ব।[৪]
    • (ঐতিহাসিক আঠ নথি)
  • ভাৰতবৰ্ষৰ বিপ্লৱী কৃষকক, দৰিদ্ৰ আৰু ভূমিহীন কৃষকক শ্ৰদ্ধা কৰিবলৈ শিকক, তেওঁলোকৰ ওপৰত ভৰসা ৰাখিলে কোনোদিনেই পথ ভুল নহয়৷[৫]

উৎস সম্পাদনা কৰক

  1. Roy, Arundhati (2010-03-29). Walking With The Comrades (en ভাষাত). প্ৰকাশক: Outlook India.
  2. Charu Majumdar – The Father of Naxalism. প্ৰকাশক: Hindustan Times.
  3. Banerjee, Sumanta (1984)। India's Simmering Revolution: The Naxalite Uprising। Zed Press, পৃষ্ঠা:112। ISBN: 9780862320386
  4. ৪.০ ৪.১ ৪.২ Historic Eight Documents Quotes. প্ৰকাশক: goodreads.com. আহৰণ কৰা হৈছে: 4 জানুৱাৰী 2024.
  5. চাৰু মজুমদাৰেৰ লেখা. আহৰণ কৰা হৈছে: 8 জানুৱাৰী 2024.