চন্দ্ৰ কুমাৰ আগৰৱালা

অসমীয়া কবি আৰু লেখক

চন্দ্ৰ কুমাৰ আগৰৱালা (ইংৰাজী: Chandra Kumar Agarwala; ১৮৬৭-১৯৩৮) এজন অসমীয়া কবি আৰু লেখক। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ ভিতৰত তেখেত আছিল অন্যতম। জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা 'বনকুঁৱৰী'য়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। আগৰৱালাক "প্ৰতিমাৰ খনিকৰ" বুলিও অভিহিত কৰা হয়। তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল। 'জোনাকী' আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবে আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে 'জোনাকী যুগৰ ত্ৰিমূৰ্তি' বুলি কোৱা হয়। বনকুৱঁৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অন্যতম কবিতা।

চন্দ্ৰ কুমাৰ আগৰৱালাৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. সুন্দৰৰ আৰাধনা জীৱনৰ খেল।[১]
  2. অসমীয়া জাতিৰ প্ৰতিভা ভাগ্যৰ জাপৰ তলত লুকাই আছে। সুযোগ আৰু সুবিধা পালেই এদিন সি ভমকাই উঠিব।[২]
  3. “আমাৰ উদ্যেশ্য কি অনেকেই সুধিব৷ সম্প্ৰতি ইয়াকে ক’লেই হ’ব যে আমাৰ কাৰ্য্য দেখি আমাক সকলোৱে বুজিব পাৰিব৷ আমাৰ কামটি বুজিব নোৱাৰা সাঁথৰ নহয়৷ ৰাজনীতি আমাৰ ’ৰাজ্য’ৰ বাহিৰ৷ এই পৰাধীন দেশত ’প্ৰজানীতি’হে ধৰিবলগীয়া৷ সাহিত্য, বিজ্ঞান,সমাজ ইত্যাদি আমাৰ আলোচনাৰ বিষয়৷ এইবিলাক সাধ্যমতে বুজিবলৈ আৰু প্ৰকাশ কৰিবলৈ যত্ন কৰিম৷ বাদ-প্ৰতিবাদ আমি আদৰেৰে আমাৰ কোলাত ঠাই দিম৷ সেইবুলি ব্যক্তিগত নিন্দাক ওচৰ চাপিবলৈ নিদিওঁ, ভাষালৈ আমাৰ বিশেষ চকু থাকিব৷ অসমৰ আটাইশ্ৰেণীৰ মানুহে যাতে আমাক মৰম কৰে, তালৈ আমি যত্ন কৰিম৷ নকৈ উঠি অহা অসমৰ নিমিত্তে আমাৰ আটাই শক্তি ব্যয় কৰিম৷ এই পিছপৰি থকা আন্ধাৰ দেশলৈ অলপ জোনাক সুমুৱাব নোৱাৰিলেও যদি নিজে নিজেও যত্নৰ ফিৰিঙতিৰ পোহৰত বাট পাওঁ তেনে আমাৰ শক্তিৰ মিছা ব্যয় হোৱা নাই বুলি ভাবিম৷’’(জোনাকী, প্ৰথম সংখ্যা, মাঘ ১৮১০ শকাব্দ)[৩]
  4. মানুহৰ জন্ম সাৰ্থক হৈ উঠিব যদিহে মানুহে মানুহক মৰমৰ চকুৰে চায়৷[৪]

উৎস সম্পাদনা কৰক

  1. মহৎ লোকৰ অমৰ বাণী, অসমীয়া সাহিত্যৰ চানেকি, ৭ জানুৱাৰী, ২০২২
  2. অসমীয়া ভাষাত অসমীয়া ব্যক্তিৰ কেইটামান উদ্ধৃতি, ৭ জানুৱাৰী, ২০২২
  3. চন্দ্ৰকুমাৰ আগৰৱালা, পৃ: নং,৩৭; আনন্দ বৰমুদৈ
  4. মহৎ লোকৰ বাণী, কলংপাৰ, পৃ:নং; ৮, ১৪ ছেপ্তেম্বৰ, ২০২২

বাহ্যিক সংযোগ সম্পাদনা কৰক