চন্দ্ৰ কটকী অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয় জগন্নাথ বৰুৱা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল৷ তেখেতৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হ’ল অসমীয়া কবিতাৰ বৰ্ণালী[]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. অন্য সকলো সকলো প্ৰকাৰৰ কলাৰ দৰেই কবিতাও মানৱ অন্তৰত জাগি উঠা সত্য-শিৱ-সুন্দৰৰ অক্লান্ত অনুধাৱনৰেই ফল৷[]
  2. জীৱনৰ নিষ্ঠুৰতা, এই বাস্তৱ পৃথিৱীখনৰ কঠোৰতা আৰু জটিলতাই মানুহৰ জীৱনটোক দুৰ্বল, দুৰ্বিসহ আৰু জীয়াই থাকিবৰ বাবে অযোগ্যহেন কৰি তোলে। জীৱন আৰু জগতৰ এনে ৰুঢ়তা আৰু কঠোৰতাৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই মানুহে নান্দনিক ঐশ্বৰ্য্যৰ পাচত দৌৰি সকাহ পাবলৈ যত্ন কৰে।[]
  3. কাব্য নিৰ্মানত কবি সকলৰ মূল উপাদান হ'ল অনুভূতি অৰ্থাৎ কবিৰ উচ্চ অনুভূতি আৰু আবেগৰ সঞ্চাৰণ। আমাৰ চকুৰ আগত দেখা পোৱা এই পৃথিৱীখনৰ বৰ্ণ, ৰূপ আৰু ৰসে কবিৰ মনতো নানান প্ৰকাৰৰ অনুভূতিৰ সঞ্চাৰ কৰে।[]
  4. লোক কবিতাৰ মাজত যুগে যুগে সৃষ্টি আৰু পুনৰ সৃষ্টি ঘটি থাকে। যুগৰ বুকুত আগবাঢ়ি আহোতে লোক কবিতাই নতুন নতুন ভাৱ চিন্তাৰ আদৰ্শৰে সমৃদ্ধ হয়। লোেক কবিতাই সন্মুখীন হোৱা এই নতুন ভাৱ চিন্তাবিলাকৰ এক বৃহৎ অংশ কবিতা বিলাকৰ মাজলৈ সোমাই পৰে।[]
  5. অসমীয়া কাব্য বাণীৰ প্ৰতি বৈষ্ণৱ কবিতাৰ বিশিষ্ট অৱদান হ'ল, এইযে - বৈষ্ণৱ কবিতাই অসমীয়া কাব্য-প্ৰপঞ্চৰ ভেটিটো সুদৃঢ় কৰি তুলিলে আৰু ইয়াক সৰ্বভাৰতীয় যোজ্যতা প্ৰদান কৰিলে। []