শিল্পীৰ তুলিকাত গ্যেটে
ধন ব্যয় কৰাত ফুটি ওলায় মানুহৰ জীৱনবোধৰ পৰিচয়।
অবিমিশ্ৰ প্ৰেমৰ আনন্দ যি পাইছে একমাত্ৰ তেৱেঁই সুখী। কাৰণ প্ৰেম আৰু ঘৃণা দুয়োকে এদিন সমাধিয়ে গ্ৰাস কৰি পেলাব।[১]
নিজৰ চকুত যদি সূৰ্য্যৰ জ্যোতি নাথাকে, তেন্তে সেই চকুৰে সূৰ্য্যক দেখা নাযায়। আমাৰ নিজৰ মাজতে যদি দেৱতাসুলভ শক্তি নাথাকে, তেন্তে দেৱতাসুলভ বাস্তৱে আমাক কেনেকৈ আনন্দ দিব পাৰিব?[২]
আচৰণ হ'ল এখন দাপোণ,তাত মানুহৰ ৰূপটো প্ৰতিবিম্বিত হৈ উঠে।[৩]
মানুহৰ প্ৰতিভাৰ বিকাশ হয় নিৰ্জনতাত; কিন্তু চৰিত্ৰ গঠন হয় মানুহৰ হেঁচা-ঠেলাৰ মাজত।[৪]
কোনোবা মানুহ যেতিয়া আমাৰ ওচৰলৈ আলহী হৈ আহে, আমি তেওঁক ভালকৈ জানিব নোৱাৰো, তেওঁৰ আচল স্বৰূপটো জানিবলৈ হ’লে আমি তেওঁৰ ওচৰলৈ যাব লাগিব৷ [৫]
যেনে মানুহ তেনে ঈশ্বৰ, সেইকাৰণেই ঈশ্বৰ পৰিহাসৰ বস্তু হৈ পৰে৷[৬]
মুখৰ কথা ভাল, কিন্তু সবাতোকৈ ভাল নহয়৷ শ্ৰেষ্ঠক কথাৰে বুজাব নোৱাৰি৷ আমি যি ভাব মনত লৈ কাম কৰো সেয়ে হৈছে আচল কথা৷[৭]
এজন কবিয়ে,- প্ৰকৃততে যদি তেওঁ কবি হয়, - কেতিয়াও কোনো নশ্বৰ মানুহক তোষামোদ কৰি কবিতা নিলিখে, তেওঁ সাধাৰণ বা অসাধাৰণ, সম্ৰাট বা অঘৰী যিয়েই নহওক কিয়৷[৮]
জ্ঞানগৰ্ভ কথাসমূহ ইতিমধ্যে হেজাৰজনৰ মনত উদ্ৰেক হৈছে, কিন্তু সেই চিন্তাসমূহক আমাৰ নিজৰ কৰি ল’বলৈ আন্তৰিকতাৰে আকৌ এবাৰ ভাবিব লাগিব, যাতে সেইবোৰ আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ মাজত সোমাই পৰে৷[৯]
সংসাৰ ধুমুহাতে গঠিত হয় চৰিত্ৰ৷[১০]
যিকোনো এটা কাম কৰাৰ সপক্ষে বা বিপক্ষে হৰজাৰটা যুক্তি থাকিব পাৰে৷ তৰ্কৰ নিপুণতা ফুটি উঠিব দুয়োটা পক্ষৰ যুক্তিবোৰ ভালকৈ উপস্থাপন কৰিবলৈ জনাৰ মাজত, কিন্তু জীৱনৰ নিপুণতা ফুটি উঠিব সেই যুক্তিবোৰৰ নিৰান্নব্বৈ শতাংশকেই নাকচ কৰিব পৰাৰ মাজত৷[১১]
তিৰোতাৰ লগত সামাজিক সম্পৰ্কই হ’ল সদাচাৰৰ মূলমন্ত্ৰ৷[১২]
ততালিকে সংগ্ৰহ কৰা ধন শেষ হৈ যায়, কিন্তু ধীৰে ধীৰে সংগ্ৰহ কৰা ধন দুগুণকৈ বাঢ়ি যায়৷[১৩]
যি মানুহে নিজকে শাসন কৰিব নোৱাৰে, তেওঁ চিৰকাল দাস হৈ ৰ’ব।
আৰ্চীখনলৈ চকু পকাই নাচাবাচোন! বেচেৰা আৰ্চীখনে তোমাৰ কি জগৰ লগালে?
মানুহৰ প্ৰতিভা বিকশিত হয় নিৰ্জনতাত, কিন্তু চৰিত্ৰ গঠিত হয় জনতাৰ হেঁচা-ঠেলাৰ মাজত।
পৃথিৱীৰ লগত কোনো সম্পৰ্ক নৰখাকৈ জীয়াই থকাৰ আটাইতকৈ ডাঙৰ উপায় হ’ল শিল্প-কলা; পৃথিৱীৰ লগত ঘনিষ্ঠতম সম্পৰ্ক স্থাপন কৰাৰ আটাইতকৈ ডাঙৰ উপায় হ’ল শিল্প-কলা।
↑ নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট, ২০২১
↑ ধুমুহাৰ স’তে বহু যুগৰে নাচোন; এই সময়ত; পংকজ জ্যোতি মহন্ত
↑ নিয়মীয়া বাৰ্তা, ১৮ মে',২০২১
↑ নিয়মীয়া বাৰ্তা, ২১ মে', ২০২১
↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ৩৭, বাণী মন্দিৰ, ২০০৩
↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ৪৯ বাণী মন্দিৰ, ২০০৩
↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ৬১ বাণী মন্দিৰ, ২০০৩
↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং;৬৫ বাণী মন্দিৰ, ২০০৩
↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১০৭ বাণী মন্দিৰ, ২০০৩
↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১১১ বাণী মন্দিৰ, ২০০৩
↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১২৮ বাণী মন্দিৰ, ২০০৩
↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১৩৯ বাণী মন্দিৰ, ২০০৩
↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১৫১ বাণী মন্দিৰ, ২০০৩