গৌৰাঙ্গলাল দাস
গৌৰাঙ্গলাল দাস হৈছে এজন অসমীয়া ব্যক্তি। তেওঁ টাইৱানত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাবে কৰ্মৰত।১৯৯১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসম ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰা গৌৰাঙ্গলাল দাসে ১৯৯৯ চনত ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰে।[১]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- সুবিধাৰ দৃষ্টিভংগীৰ পৰা চাবলৈ হ’লে তেতিয়া আৰু এতিয়াৰ ব্যৱধান আকাশ-পাতাল যদিও, অভিজ্ঞতাৰ ফালৰ পৰা আমাৰ ল’ৰালি কালছোৱা অত্যন্ত সম্ভ্ৰান্ত আছিল বুলিয়েই মই ভাবোঁ। মফচলীয়া সৰু বৰপেটা চহৰখনত, য’ত নেকি আক্ষৰিক অৰ্থতে 'বসুধৈব কুটুম্বকম', আমি হ’ব পাৰিছিলোঁ৷ মুক্ত বিহংগৰ দৰে চঞ্চল, অথচ ঘৰচীয়া জন্তুৰ দৰে নিৰাপদ। হুঁচৰি মাৰিবলৈ পোন্ধ মাৰি ওলাই 'গৃহস্থৰ কুশলাৰ্থে' তেখেতসকলৰ সচ্ছল বাৰীৰ মোক খা মোক খা কৈ থকা আমলখিবোৰৰ বোজ নিৰাময় কৰাৰ পৰা ৰাতিৰ অন্ধকাৰত চুবুৰীয়াৰ জেওৰা চুৰি কৰি মেজিৰ জুইত বিসৰ্জন দিয়ালৈকে সকলো কথাই আছিল নিৰন্তৰ, নিৰ্ভেজাল আৰু নিৰ্জঞ্জাল। অকাল-অনাটন আদিৰ নিচিনা তুচ্ছ কথাক তাচ্ছিল্য কৰি, সামান্য লাভতো উৎফুল্লিত হ’ব পৰা, আৰু এটা চিন্তাভাবনাশূন্য অথচ যোগাত্মক মনোভাবেৰে কামবোৰ কৰাৰ প্ৰকৃতি এটা গঠন কৰি দিছিল শৈশৱৰ সেই নিৰ্মল অভিজ্ঞতাই।[১]
- সৰু থাকোঁতে, দুই বৰ্গকিলোমিটাৰৰ পৰিধিত পঢ়া-শুনাৰ ফালৰপৰা একপ্ৰকাৰে অদ্বিতীয় সম্ৰাট যেন আছিলোঁ যদিও, দক্ষতাৰ আচল ক্ষেত্ৰবোৰত (সেই সময়ত cool বোলা শব্দটোৰ লগত সম্পৰ্ক হোৱাহি নাই) প্ৰতিযোগিতা আছিল বেচ প্ৰচণ্ড৷ যেনে, মেকুৰীৰ নিচিনা (এইটো সন্দৰ্ভত মেকুৰী শব্দটো এটা নামবাচক বিশেষ্য, কোনো চৌঠেঙীয়া জন্তু বা বৰ্তমানৰ বিশিষ্ট ব্যক্তিৰ উহ্য নাম নহয়) লেগ ষ্টাম্প মষিমূৰ কৰাৰ কেঁচা ক্ষমতা, নতুবা মাধুৰ্যৰ দৰে টপককৈ কুইজৰ উত্তৰ দিয়াৰ বৌদ্ধিক ব্যুৎপত্তি![১]
- অসমীয়া ভাষা-সাহিত্যৰ অনুৰাগী আৰু সাধক কেইবাগৰাকী ব্যক্তি আছিল আমাৰ পৰা ৰিং মৰাৰ বাটত। পৰীক্ষাগাৰ নহ’লেও বিজ্ঞান ব্যবহাৰিক ভাবে আকৰ্ষণীয় কৰি তুলিব পৰা মানুহজন আছিল আমাৰেই বিনয় খুড়া। আমাৰ ঘৰত আছিল অসমীয়া কিতাপৰ এটা সৰু সুৰা ভঁৰাল (দৰাচলতে, এসময়ত আমি ঘৰতেই এটা পুথিভঁৰাল স্থাপন কৰি, দস্তুৰমত পদ্ধতিৰে বাণিজ্যৰ ধান্দা কৰিছিলোঁ যদিও তহবিলৰ দুৰ্দশা দেখি অনতিপলমে সেই বেহা সামৰিছিলোঁ)। অভিভাৱকৰ পৰা কিতাপৰ পোক হোৱাৰ তাগিদা নাছিল যদিও পৰীক্ষাত ভাল কৰিব নোৱাৰিলে, বা নম্বৰৰ গতি দক্ষিণাপথ হ’লে কটুকথা শুনাৰ বা তাৰ ফলশ্ৰুতিত অন্যান্য বিষয়ত যৱনিকা পৰাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে দেখা গৈছিল। অলপ চলপ প্ৰতিযোগিতা হৈছিল আমাৰ কাণসমনীয়া দুই ককাই-ভাইৰ মাজতো, কিন্তু কাৰ নাওখন কোনে থেলি দিলে সেই সন্দৰ্ভত বিচাৰকৰ ৰায় অদ্যাপি প্ৰতীক্ষিত।[১]
- বিদেশ সেৱাত ভৰ্তি নোহোৱা হ’লে কি হ’লোহেঁতেন কোৱা কঠিন; মই জানোহে হ’বলা!হয়তো অৰ্থনীতিৰ ছাত্ৰ হিচাপে সেইটো দিশৰ কোনোবা এটা বাট মোকলাই ল’লোঁহেঁতেন। মই অহুকাণে-পহুকাণে শুনা মতে, অৰ্থনীতিৰ মানুহে ৰাজনীতিত মাৰঘাত খায়, গতিকে সেইখন পথাৰত সোমোৱাৰ বাসনা নাছিল আৰু নাই৷[১]
- মই ভবাত, ভাষা হ’ল ভাব বিনিময়ৰ এটা সঁজুলি, আৰু মাতৃভাষাৰ শিক্ষাই সেই সঁজুলি চলোৱা কামটো সহজ কৰি তোলে। মাতৃভাষা মানে মই বুজাব খুজিছোঁ কোনো এজন ব্যক্তিৰ আটাইতকৈ স্বাভাৱিক বা আটাইতকৈ বেছিকৈ প্ৰযোজ্য ভাষাটো, তাক এৰি আন এটা ভাষাত বিদ্যালাভ কৰাৰ মানেটো হ’ল মস্তিষ্কৰ আন এটা operating systemৰ ব্যৱহাৰ আৰু তাৰবাবে অতিৰিক্ত মানসিক পৰিশ্ৰম, যিটো হয়তো দুঃসাধ্য নহয়, কিন্তু অলপধতুৱা মানুহৰ কাৰণে নহ’ব পাৰে। অসমীয়া ভাষাটো বেচ পৰিপূৰ্ণ আৰু নমনীয়; সেয়েহে অসমীয়াত শিকিলে আন ভাষাৰ কিবা আপুৰুগীয়া সোৱাদৰ পৰা বঞ্চিত হোৱাৰ দুৰ্ভাৱনা কম।[১]
- অন্ততঃ অসমত থকা মানুহখিনিয়ে, যাৰ স্বাভাৱিক ভাষা অসমীয়া, তেওঁলোকে বহুল সংখ্যাত আন ভাষাৰ পিনে আকৰ্ষিত হৈ পৰাটো চিন্তনীয় বিষয়। এইটো ধাৰা অব্যাহত থাকিলে অসমীয়া ভাষাৰ নতুন চিন্তাশক্তি ক্ৰমাৎ গ্ৰাস পাই আহিব, যাৰ প্ৰভাৱ পৰিব ভাষাটোৰ সঞ্জীৱনী ক্ষমতা আৰু গতিশীলতাৰ ওপৰত।[১]
- টাইৱানকে ধৰি মই যিবোৰ আগবঢ়া ঠাইত কৰ্মসূত্ৰে বাস কৰিছোঁ আৰু দীৰ্ঘদিনৰ সম্পৰ্ক ৰাখিছোঁ, তাৰ কৰ্মসংস্কৃতিৰ আটাইতকৈ মনোযোগী দিশটো হ’ল মানুহবোৰৰ সময়ানুবৰ্তিতা। নিৰ্দিষ্ট সময়ত কৰ্মস্থলীত বা গন্তব্য স্থানত উপস্থিত হোৱা, কামৰ সময়ত কাম আৰু ধেমালিৰ সময়ত ধেমালি ইত্যাদি নীতিবোৰ এই ঠাইবোৰে আৰু ইয়াৰ মানুহবোৰে সহজাত স্বভাৱত পৰিণত কৰি লৈছে।[১]
- খোৱাৰ ক্ষেত্ৰত মোৰ নীতি হ’ল য’তে ৰাতি ত’তে কাটি, সেইবাবে সকলো ঠাইৰ স্থানীয় সু-খাদ্যৰ জুটি লৈ ভাল পাওঁ।[১]
- মই ডাঙৰ হোৱা সময়খিনি আছিল অসম আন্দোলনৰ সময় আৰু সেই সময়ত পঢ়া-শুনাতকৈ অধিক সময় আমি আন আন কামত হে অতিবাহিত কৰিছিলো। এতিয়াও মনত পৰে সেই দিনবোৰৰ কথা,যি সময়ত আমি একো নুবুজাকৈয়ে অসম আন্দোলনত জপিয়াই পঢ়িছিলো আৰু সেই সময়ৰ "আহ ঐ আহ,ওলাই আহ","তেজ দিম তেল নিদিও" ইত্যাদি শ্লোগানত মদমত্ত হৈ আছিলো।সেই সময়ৰ বিহু গীতবোৰটো অসম আন্দোলনৰ প্ৰভাৱ দেখা মনত পৰে। সেয়ে এক কথাত ক'বলৈ গ'লে সেই সময়ত আমি আমাৰ ভৱিষ্যতৰ চিন্তা-চৰ্চাতকৈ আন্দোলনৰ কাম-কাজ আৰু ক্ৰীড়া-সংস্কৃতি ইত্যাদিত ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰিছিলো কিয়নো আমাৰ মনত,গভীৰভাবে নহলেও, একে পৰ্য্যায়লৈ সামাজিক দায়বদ্ধতাই মগজুত খোপনি পুতিছিল।[২]
- মই ভাবো আত্মবিশ্বাস বঢ়োৱাটো একো একোটা প্ৰক্ৰিয়া য'ত কেৱল মাত্ৰ এটা ঘটনা জড়িত হৈ নাথাকে, সাধাৰণতে বিভিন্ন ঘটনা লগ হৈ হে এক কাৰক হিচাপে কাম কৰে। মোৰ জীৱনটো ছাত্ৰ অৱস্থাত তেনে বহু সৰু সুৰা ঘটনা জড়িত হৈ আছে, আৰু তেনে ঘটনাসমূহ পঢ়া-শুনাৰ সৈতে জড়িত নহৈ পাঠ্যক্ৰমৰ বাহিৰৰ হে অধিক আছিল।[২]
- মেট্ৰিক পৰীক্ষাৰ সময়ত আন এক ঘটনায়ো মোৰ জীৱনত বাৰুকৈয়ে ৰেখাপাত কৰিছিল আৰু আত্মবিশ্বাস বঢ়োৱাত সহায় কৰিছিল। মেট্ৰিকৰ সময়ত মোৰ দেউতাই অসুস্থ হৈ আছিল আৰু তেনেকৈয়ে এদিন পৰীক্ষাৰ মাজত মই মোৰ দেউতাক হেৰুৱালো।কিন্তু মোৰ মায়ে মোক হতাশ হ'বলৈ নিদি আগন্তুক বিষয়কেইটাৰ বাবে প্ৰস্তুতি চলাবলৈ উৎসাহ যোগালে। তেনে এক কঠিন সময়ৰ সন্মুখীন হৈয়ো মই মোৰ সাধনা অব্যাহত ৰাখিলো আৰু এদিন ফলাফল ঘোষণা হোৱাত অসমৰ ভিতৰত প্ৰথম হৈ উত্তীৰ্ণ হ'লো।এই ঘটনাই মোক শিকালে যে জীৱনৰ যিকোনো পৰীক্ষাত অন্তৰেৰে প্ৰস্তুতি চলালে যিকোনো পৰিস্থিতিতে ভাল ফলাফল লাভ কৰিব পৰি।[২]
- কটন কলেজৰ সময়চোৱাত মই বহু নতুন বন্ধু লগ পালো।যি মোৰ দৰেই সৰু সৰু ঠাইৰ পৰা ওলাই আহিছিল আৰু আমি সকলোৱে এক ব্যতিক্ৰমীভাবে জীৱন যাপন কৰিছিলো কিয়নো আমি সকলোৱে ঘৰৰ পৰা আঁতৰত আছিলো আৰু ই নিজৰ বাবে দায়িত্ববোধ জগাই তুলিছিল।[২]
- দিল্লীলৈ আহি শিক্ষাগুৰু আৰু ছাত্ৰৰ মাজৰ সম্পৰ্কৰ এক নতুন ৰূপ দেখিছিলো, যি সময়ত অসমত সাধাৰণতে আমি দেখিবলৈ পোৱা নাছিলো। ইয়াত আমি দেখিছিলো যে ছাত্ৰ-ছাত্ৰীয়ে তৰ্ক-সমালোচনা আদিত সম্পূৰ্ণভাৱে ভাগ ল'ব পাৰিছিল আৰু তাৰ বাবে কেতিয়াও শিক্ষকৰ ৰোষৰ প্ৰকোপত পৰা নাছিল, আনকি তেওঁলোকে ইয়াত উৎসাহ দিছিল।এইয়া আমাৰ বাবে এক নতুন অভিজ্ঞতা আছিল, কিয়নো অসমত শিক্ষা পদ্ধতিটো আছিল যে শিক্ষকে আমাক শিক্ষা দিব আৰু আমি সেয়া গ্ৰহণ কৰিছো।আনহাতে সম্ভৱত এইটোও হ'ব পাৰে যে যিহেতু আমি উচ্চস্তৰ পৰ্য্যায়ৰ শিক্ষা গ্ৰহণ(দিল্লীত) আৰু শিক্ষকসকলেও তেওঁলোকে দিয়া শিক্ষাৰ সমালোচনা হোৱাত গুৰুত্ব দিছিল।[২]
- অসমক লৈ মই খুবেই আশাবাদী। সৰুৰেপৰাই শুনি আহিছো যে অসমখন হেনো ৰসাতলে গৈ আছে, কিন্তু যদি সেয়াই হ'লহেতেন তেন্তে মই নাভাবো যে অসমখন আজিৰ অৱস্থাত থাকিলহেতেন।সেয়ে মই অসমক লৈ খুবেই আশাবাদী, বাহিৰত থকা হিচাপে মই অসমক লৈ গৌৰৱ কৰো আৰু খুব গৌৰৱেৰে অসমৰ পৰিচয় দিওঁ।মই ভাবোঁ অসমীয়া মানুহৰ নিজৰ ভাষা বা জাতিক লৈ গৌৰৱ কৰাৰ যি পৰম্পৰা সেয়া খুব ডাঙৰ পৰম্পৰা,আৰু ইয়াক সকলো ঠাইতে দেখা নাযায়।গতিকে মই ভাবো যে এইয়া আমাৰ এক ডাঙৰ সম্পত্তি আৰু ইয়াক আমি সৎ কামত ব্যৱহাৰ কৰিব লাগে।[২]