গোলোকচন্দ্ৰ গোস্বামী

গোলোকচন্দ্ৰ গোস্বামী (১৯২৩-২০২০) এজন অসমীয়া শিক্ষাবিদ আৰু ভাষাতত্ত্ববিদ। অসমীয়া ভাষাৰ ৰূপতত্ত্ব, ধ্বনিতত্ত্ব বিষয়ত তেওঁৰ অৱদান অতুলনীয়। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৮৫ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। ১৯৬৬ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ "An Introduction to Assamese Phonology"ক অসমীয়া ভাষাতত্ত্বলৈ এক আপুৰুগীয়া অৱদান হিচাপে গণ্য কৰা হয়। জীৱনকালত ড॰ গোস্বামীয়ে প্ৰায় ৬০ খনৰো অধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ, শতাধিক প্ৰবন্ধ ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি গৈছে।[১] ২০২০ চনৰ ২৪ জানুৱাৰী ৯৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. যি কোনো বিষয়ৰে বিজ্ঞান সন্মত বিচাৰ বিশ্লেষণ প্ৰধানতঃ তিনিটা কথাৰ ওপৰত নিৰ্ভৰ কৰে : প্ৰথম, তত্ত্ব আৰু তথ্য; দ্বিতীয়, বিশ্লেষণৰ প্ৰণালী বা পদ্ধতি; আৰু তৃতীয়, উপস্থাপনৰ ৰীতি। বিজ্ঞান সন্মত আলোচনা সদায় তথ্য সম্বলিত, তত্ত্ব ভিত্তিক; কল্পনাৰ অৱকাশ ইয়াত সমূলি থাকিব নোৱাৰে। কেতিয়াবা যদি পৰোক্ষ জ্ঞানৰ ভিত্তিত বিচাৰ- বিশ্লেষণ কৰিব লগা হয়, তেতিয়াও সদায় লক্ষ্য ৰখা উচিত, যাতে গৃহীত পৰোক্ষ জ্ঞান আলোচ্য বিষয় বস্তুৰ লগত খাপ খোৱা, যুক্তি সাপেক্ষ আৰু বিশেষজ্ঞ বিদ্বৎমণ্ডলীৰ দ্বাৰা স্বীকৃত হয়।[২]
  2. যি পদ্ধতি গ্ৰহণ কৰিলে সামগ্ৰীৰ ব্যাখ্যা বিকৃত হয়, সেই পদ্ধতি সেই ভাষাৰ কাৰণে কেতিয়াও উপযোগী হ’ব নোৱাৰে।[৩]
  3. জননীৰ লগত সন্তানৰ সম্বন্ধ নিবিড় হোৱাৰ দৰে ভাষাৰ লগতো মানুহৰ সম্বন্ধ অতি ঘনিষ্ঠ আৰু নিবিড়। এই ঘনিষ্ঠতাই ভাষা আৰু ব্যাকৰণৰ ক্ষেত্ৰত নানান ভুল ধাৰণাৰ সৃষ্টি কৰে; ভাষাৰ বৈজ্ঞানিক আলোচনাত আৰু ব্যাকৰণ প্ৰণয়নত নানান খেলিমেলি লগায়। এনে খেলিমেলিত নপৰিবৰ কাৰণে বাগ্‌বিজ্ঞানবিদ পণ্ডিতসকলে ভাষা আৰু ব্যাকৰণ সম্পৰ্কীয় কেতবোৰ স্বীকাৰ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। জগতৰ বিভিন্ন ভাষাগোষ্ঠীৰ বিভিন্ন ভাষাৰ বিজ্ঞানসন্মত বিশ্লেষণ আৰু আলোচনা-পৰ্যালোচনাৰ ভিত্তিত এই সিদ্ধান্ত বা সূত্ৰবোৰ নিৰ্ণিত হৈছে। ভাষাৰ প্ৰকৃতি আৰু ব্যাকৰণৰ স্বৰূপ নিৰ্দেশক এনে সূত্ৰবোৰ, সেই কাৰণে, ভাষা নিৰপেক্ষ অৰ্থাৎ সাৰ্বজনীন বুলি স্বীকৃত হৈছে। এই সূত্ৰবোৰৰ সম্যক ধাৰণা নহ'লে কোনো ভাষাৰে বিজ্ঞানসন্মত আৰু নিৰ্ভুল বিশ্লেষণ সম্ভৱ হ’ব নোৱাৰে।[৪]
  4. নব্য ভাৰতীয় আৰ্য ভাষাবোৰৰ ভিতৰত অসমীয়া এটা পূৰ্ণ বিকশিত আৰু শক্তিশালী ভাষা। তথাপি ইয়াক স্বয়ং সম্পূৰ্ণ বুলিব নোৱাৰি।[৫]
  5. ব্যাকৰণগত বিষয় প্ৰধানতঃ ৰূপতত্ত্বৰ কথা; তথাপি ইয়াক বাক্যবিন্যাসতত্ত্বৰ (syntax) পৰিপ্ৰেক্ষিততহে বিচাৰ কৰিব পাৰি। সেই কাৰণে কোনো এটা ভাষাৰ ৰূপতত্ত্ব আৰু বাক্যবিন্যাসতত্ত্ব দুয়োটাৰে একে লগে আলোচনা নকৰিলে ব্যাকৰণগত বিষয় নিৰ্ণিত হ’ব নোৱাৰে।[৬]

উৎস সম্পাদনা কৰক

  1. (25 January 2020). "ভাষাতত্ত্ববিদ, সাহিত্যাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীৰ দেহাৱসান". অসম আমাৰ অসম. সংগ্ৰহ কৰা হৈছে: 25 January 2020.
  2. অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ 2017, পৃষ্ঠা. 17.
  3. অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ 2017, পৃষ্ঠা. 18.
  4. অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ 2017, পৃষ্ঠা. 29.
  5. অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ 2017, পৃষ্ঠা. 55.
  6. অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ 2017, পৃষ্ঠা. 100.
  • গোস্বামী, ড° গোলোকচন্দ্ৰ (2017)। অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ। বীণা লাইব্ৰেৰী।

বাহ্যিক সংযোগ সম্পাদনা কৰক