গেলিলিঅ’ গেলিলি
গেলিলিঅ’ গেলিলি (ইংৰাজী: Galileo Galilei) (ইটালীয়ান উচ্চাৰণ: [ɡaliˈlɛːo ɡaliˈlɛi]; জন্ম ১৫ ফেব্ৰুৱাৰী ১৫৬৪ – ৮ জানুৱাৰী ১৬৪২), একাধাৰে এজন ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি আছিল। তেওঁৰ উল্ল্যেখযোগ্য অৱদানবোৰৰ ভিতৰত আছিল দূৰবীক্ষণ যন্ত্ৰৰ উন্নতি সাধন আৰু জ্যোতিৰ্বিজ্ঞানৰ গুৰুত্বপূৰ্ণ পৰ্য্যৱেক্ষণ কিছুমান যিবোৰে কপাৰ্নিকাছৰ মতবাদক পূৰ্ণ সমৰ্থন দিছিল। গেলিলিঅ’ক "আধুনিক পৰ্য্যৱেক্ষণ জ্যোতিৰ্বিদ্যা", "আধুনিক পদাৰ্থ বিজ্ঞান", আনকি "বিজ্ঞান", তথা "আধুনিক বিজ্ঞান চৰ্চাৰ পিতৃস্বৰূপ" আখ্যা দিয়া হয়।
উদ্ধৃতি
সম্পাদনা কৰক- ঈশ্বৰে বিশ্বব্ৰহ্মাণ্ডখন ৰচিবলৈ ব্যৱহাৰ কৰা ভাষাটোৱে হৈছে গণিত।[১]
- ইন্দ্ৰিয়, যুক্তি আৰু বুদ্ধিৰে আমাক সমৃদ্ধ কৰা সেই একেজন ঈশ্বৰে ইয়াৰ ব্যৱহাৰ ত্যাগ কৰি আন কোনো উপায়েৰে আমাক জ্ঞান দিবলৈ উদ্দেশ্য কৰিছে বুলি মানি ল'বলৈ মই বাধ্য নহয়।[২]
উৎস
সম্পাদনা কৰক- ↑ https://www.xahitya.org/21-oct-editorial/
- ↑ Galileo Galilei (1615)। Letter to The Grand Duchess Christina।