গায়ত্ৰী প্ৰান্তিক শৰ্মা

গায়ত্ৰী প্ৰান্তিক শৰ্মা (ইংৰাজী: Gayatrii prantik sarmah জন্ম-১৯৮৮);অসমৰ এগৰাকী গল্পকাৰ আৰু ঔপন্যাসিক।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক

সূৰ্যফুলৰ দেশলৈ

সম্পাদনা কৰক
  1. পৃথিৱীত হাঁহি থকা মুখবোৰৰ আঁৰত মানুহবোৰে কিমান এসোপা দুখ লৈ জীয়াই থাকে তুমি ভাবিবও নোৱাৰা। যাৰ আগত তোমাৰ বা মোৰ দুখ একেবাৰে নগণ্য।[]
  2. দুচকুৰ কাজলৰ তলত নাৰীয়ে যে লুকুৱাই ৰাখিব জানে কান্দোন। লুকুৱাই ৰাখিব জানে শত সহস্ৰ বেদনা।[]
  3. বুকুৰ ওপৰত কিমান ডাঠকৈ দুখৰ চামনি পৰিলে সেই চামনি ফালি ওলাই আহিব নোৱাৰে চকুপানী![]
  4. জীৱনলৈ কেতিয়াবা এনেকুৱা কিছুমান মুহুৰ্ত আহে য'ত অনুভৱ হয় নিজৰ বাহিৰে সকলোৱেই মিছা।[]
  5. সম্পৰ্ক এটাত থকালৈকে পোৱা নোপোৱাৰ হিচাপ যদি আমি কৰিবলৈ নিবিচাৰোঁ আঁতৰি অহাৰ পিছত হিচাপ কিয়?[]
  6. ভদ্ৰতাৰ মাপকাঠি আচলতে বহু ক্ষেত্ৰত শিক্ষাই নিৰূপণ নকৰে।বহু ক্ষেত্ৰত শিক্ষাই নিৰূপণ নকৰে এটা বহল পৰিসৰৰ মগজু।[]
  7. কিছুমান মানুহ গুচি যায়,এসোপা বেয়া স্মৃতি দি।কিন্তু সেই বেয়া স্মৃতিৰ বাবেই আমি কেতিয়াও পাহৰি পেলাব নোৱাৰোঁ দুপলক হ'লেও সেই মানুহজনৰ সৈতে কটোৱা ভাল স্মৃতিবোৰ। []
  8. পৃথিৱীৰ কোনো মানুহকে কেতিয়াও কোনো পৰিস্থিতিয়ে সলাব নোৱাৰে।মানুহৰ চাৰিত্ৰিক দিশত অন্ততঃ পৰিস্থিতিয়ে কেতিয়াও কোনো পাৰ্থক্য় আনিব নোৱাৰে। পৰিস্থিতিৰ ওপৰত দোষ দি মানুহ মাত্ৰ পলাব বিচাৰে সেই সময়খিনিৰ পৰা।[]
  9. মানুহে ইচ্ছা কৰিলে গোটেই পৃথিৱীখন সলাব নোৱাৰিলেও সলাই পেলাব পাৰে নিজৰ পৃথিৱীখন। []
  10. সততাৰ পথ হ'ব পাৰে কষ্টকৰ,কিন্তু প্ৰাপ্তি যে সদায়েই সুন্দৰ। []
  11. পৃথিৱীখন ধুনীয়া কৰিম বুলি ভবা মানুহে কেতিয়াবা সোঁতৰ বিপৰীতে গৈ কিছুমান সিদ্ধান্ত লৈ পেলাবলগীয়া হয়। []
  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ গায়ত্ৰী প্ৰান্তিক শৰ্মা (প্ৰথম প্ৰকাশ,ডিচেম্বৰ, ২০২১)। সূৰ্যফুলৰ দেশলৈ। ডিব্ৰুগড়। বনলতা প্ৰিণ্ট এণ্ড পেক্, চেক্টৰ এ.জি। ISBN: 978-93-91060-99-2

বাহ্যিক সংযোগ

সম্পাদনা কৰক