গহ্বৰ
ভবেন্দ্ৰ নাথ শইকীয়া ৰচিত গল্প সংকলন
গহ্বৰ ভবেন্দ্ৰ নাথ শইকীয়াৰদ্বাৰা ৰচিত অসমীয়া ভাষাৰ এখন গল্প সংকলন। ১৯৬৯ চনত প্ৰকাশ পোৱা সংকলনখনিত গল্পকাৰে ১৯৬২ চনৰপৰা ১৯৬৯ চনৰ ভিতৰত ৰচনা কৰা এঘাৰটা গল্প সন্নিৱিষ্ট কৰা হৈছে। সংকলনখনিৰ প্ৰকাশক জ্যোতি প্ৰকাশন।
উদ্ধৃতি
সম্পাদনা কৰক- শুনা বাপা, সন্মুখত যেতিয়া দহ ৰীম কাগজ লিখিবলৈ থাকিব, তেতিয়া এই কলমটো বৰ দুৰ্বল; যেতিয়া দহ লৰী খৰি ফলাৰ কথা উঠে, তেতিয়া তোমাৰ কুঠাৰখন বৰ দুৰ্বল, যেতিয়া তুমি দহটা বদমাছ সন্তানক পিটি ঠাণ্ডা কৰিবলগীয়া হয়, তেতিয়া তুমি বৰ দুৰ্বল বাপেক। এই মিছা কথা কোৱা মানুহৰ কথাটোকে ধৰা। মিছা কথা কোৱা মানুহৰ সংখ্যা কিমান বাঢ়ি গৈছে! গৈছে নে নাই? সেই অনুপাতেতো আজি ৰাস্তাৰ খুটাই খুটাই সদায় সঁচা কথা ক'বা বুলি লিখা থাকিব লাগিছিল! পিছে আচলতে হৈছে কি? আজি সদায় সঁচা কথা ক'বা বোলা কথাষাৰ পুৰণি, আওপুৰণি হৈ গৈছে।[১]
- ধোবাক দিলে কাপোৰ সোনকালে ফাটে। নেফাটিব কিয়? ধোবা-এচাৰা দিয়া কামটো চাগৈ এই ধোবাবিলাকেই কৰে।[১]
উৎস
সম্পাদনা কৰক- ↑ ১.০ ১.১ যৌতুক (গহ্বৰ), লেখক: ভবেন্দ্ৰ নাথ শইকীয়া, পৃ. ১৭-২৭