গঙা চিলনীৰ পাখি

অসমীয়া চলচ্চিত্ৰ (১৯৭৬)

গঙা চিলনীৰ পাখি (ইংৰাজী: Ganga Chilonir Pakhi ) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালনা আৰু সঙ্গীত আছিল পদুম বৰুৱাৰ। পদুম বৰুৱা পৰিচালিত এইখন একমাত্ৰ কথাছবি।[১] মুক্তিৰ পিছত গঙা চিলনীৰ পাখিয়ে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰা নাছিল। কিন্তু পিছলৈ ই ধ্ৰুপদী ছবিৰ মৰ্যাদা পাইছিল। ছবিখনত কোনো চলচ্চিত্ৰীয় গীতৰ অন্তৰ্ভুক্ত কৰা হোৱা নাছিল যদিও ইয়াত বৰগীত, নাম-প্ৰসংগ, বিয়া নাম, টোকাৰী গীত, মহগোৱালৰ গীতৰ সম্পূৰ্ণ নতুবা অংশবিশেষৰ প্ৰয়োগ কৰা হৈছিল। গঙা চিলনীৰ পাখি চলচ্চিত্ৰৰ চিনেমাট'গ্ৰাফী ইন্দুকল্প হাজৰিকাৰ।[২]

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. আমাৰ নিচিনা সৰুসৰু বেপাৰীৰ মৰণৰ দিন চাপি আহিছে।… দেশ স্বাধীন হোৱাৰ পিছত এই যে গাঁৱে-ভূঞে দলং, আলি-পদুলিবোৰ হৈছে, তাৰপৰা লাভ হৈছে কাৰ? টাউনৰ বেপাৰীবোৰহে। সিহঁত আহি জাকেজাকে গাঁৱৰ হাট-বজাৰবোৰ ভৰি পৰিছে। কম পইচাৰে বেপাৰ কৰা আমি গাঁৱৰ মানুহবোৰে সিহঁতৰ লগত কেনেকৈ যোৰ মাৰো কোৱা।[৩] (ধনঞ্জয়ক উদ্দেশি ভোগৰাম)
  2. আমি এতিয়াও বুঢ়াকাল পোৱাহি নাই। জীয়াই থাকিবলৈ বহুদিন আছে। কেনেকৈনো আমি জীৱনৰ বাকীছোৱা কাল কটাই দিম? ইয়াৰ কোনো ব্যৱস্থা নাইনে? বহুত পুথি পঢ়িলো। তথাপি পৰজন্মৰ পূণ্যৰ বিষয়ে মোৰ বিশ্বাস আজিও নহ’ল।[৩](ধনঞ্জয়লৈ বাসন্তীয়ে লিখা চিঠি)

উত্‍স সম্পাদনা কৰক

  1. অৰুণলোচন দাস (২০১৩)। ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ২৪১)। শশী শিশু প্ৰকাশন, গুৱাহাটী।
  2. ননি (১০ নৱেম্বৰ, ২০১৯)। ১২০টা ফ্ৰেমত গঙা চিলনীৰ পাখি। ৰংবিন ক্ৰিয়েছনচ।
  3. ৩.০ ৩.১ Gonga Silonir Paakhi-Landmark Assamese Flick ( Must Watch ). প্ৰকাশক: youtube.com (১৮ জুলাই ২০২০). আহৰণ কৰা হৈছে: 9 January 2022.